Logo
image

‘শিক্ষাসেতু’ত নথকা শিক্ষকৰ দৰমহা নহ’ব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জুলাই : শিক্ষক-কৰ্মচাৰীৰ ডিজিটেল উপস্থিতিৰ লক্ষ্যৰে শিক্ষা বিভাগে প্ৰৱৰ্তন কৰিছে ‘শিক্ষা সেতু’ এপ৷ শিক্ষা সেতু এপৰ কাৰিকৰী বিজুতিক লৈ শিক্ষক সমাজে অসন্তুষ্টি ব্যক্ত কৰি অহাৰ লগতে শিক্ষা বিভাগকো অভিযোগ দাখিল কৰিছে৷ এপটোৰ কাৰ্যক্ষমতাক লৈ বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ শিক্ষা সেতু এপত ডিজিটেল উপস্থিতি নিদিয়া শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে৷ শিক্ষা বিভাগে শিক্ষা সেতু এপত এদিনো উপস্থিতি পঞ্জীয়ন নোহোৱা ৰাজ্যৰ ৪,৯০৭জন শিক্ষকক চিনাক্ত কৰিছে৷ সংশ্লিষ্ট শিক্ষকসকলৰ শিক্ষাসেতু ডিজিটেল উপস্থিত নথকাৰ কাৰণ সন্দৰ্ভত সবিশেষ জনাবলৈ বিদ্যালয় শিক্ষা বিভাগৰ সচিব  নাৰায়ণ কোঁৱৰে প্ৰতিখন জিলা অতিৰিক্ত আয়ুক্ত [শিক্ষা]লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে৷ বিগত ৪ জুলাইত জাৰি কৰা নিৰ্দেশনাত জিলা শিক্ষা বিষয়া আৰু  বিদ্যালয় পৰিদৰ্শকক লগত লৈ শিক্ষা সেতুত ডিজিটেল উপস্থিতি নিদিয়া শিক্ষকসকলৰ অস্তিত্ব পৰীক্ষা কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে৷ প্ৰতিবেদন নোপোৱা পৰ্যন্ত সংশ্লিষ্ট শিক্ষকৰ দৰমহা বন্ধ ৰখা হ’ব বুলিও নিৰ্দেশনাটোত স্পষ্ট কৰি দিছে৷ শিক্ষা বিভাগৰ এই নিৰ্দেশনাৰ পাছতেই হাহাকাৰ লাগিছে শিক্ষকসকলৰ মাজত৷ লক্ষণীয়ভাৱে শিক্ষা বিভাগৰ ৪,৯০৭ জনীয়া শিক্ষকৰ তালিকাত মৃত, অৱসৰপ্ৰাপ্ত, ডেপুটেশ্বন, নিলম্বিত, প্ৰসৱকালীন ছুটী, নৱজাতকৰ যতনৰ ছুটী আৰু স্বাস্থ্যগত ছুটীত থকা শিক্ষকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ আজৱ তথ্য প্ৰকাশ পাইছে৷ ইফালে উক্ত তালিকাত শিক্ষাসেতুত ডিজিটেল এটেনডেন্স দিয়াৰ পাছতো নাম সোমাইছে নেকি তাক লৈয়ে উৎকণ্ঠিত হৈ পৰিছে শিক্ষকসকল৷ উল্লেখ্য, শিক্ষা বিভাগে জাৰি কৰা তালিকাত ৰাজ্যৰ ৩৩খন জিলাৰ শিক্ষকৰ নাম অন্তৰ্ভূক্ত হৈছে৷ তালিকা অনুসৰি শিক্ষা সেতুত শিক্ষকৰ উপস্থিতি নোপোৱা জিলাৰ ভিতৰত সৰ্বাধিক হৈছে তিনিচুকীয়া জিলা৷ জিলাখনত মুঠ ৪২৪ গৰাকী শিক্ষকৰ উপস্থিতি শিক্ষা সেতুত নাই৷ তেনেদৰে ধুবুৰীত ২৮৬জন, গোৱালপাৰাত ২৪৫জন, কামৰূপ মহানগৰত ২৯৪জন, কৰিমগঞ্জত ২০২জন, কোকৰাঝাৰত ২০০জন, নগাঁৱত ২৫৯জন শিক্ষকৰ উপস্থিতি শিক্ষা বিভাগে শিক্ষা সেতু এপত পোৱা নাই৷ তদুপৰি শিক্ষা বিভাগৰ শিক্ষা সেতুত এশৰো অধিক শিক্ষকৰ উপস্থিতি নথকা জিলাৰ ভিতৰত আছে বাগ্‌সাত ১৬২জন, বৰপেটাত ১২৪জন, বিশ্বনাথত ১৩৫জন, দৰঙত ১৭২জন, ডিব্ৰুগড়ত ১৫৮জন, ডিমা হাছাওত ১৯৭জন, গোলাঘাটত ১৯৩জন, কাৰ্বি আংলঙত ১৫৩জন, যোৰাহাটত ১৬০জন, কামৰূপত ১৯৩জন, লখিমপুৰত ১৪৮জন, নলবাৰীত ১০৬জন, শিৱসাগৰত ১২০জন, শোণিতপুৰত ১৭৬জন আৰু কাছাৰত ১৭১জন৷ ইফালে, এই নিৰ্দেশনাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষা সেতু এপত এদিনো উপস্থিতি নিদিয়া শিক্ষকসকলৰ ক্ষেত্ৰত তদন্ত কৰিবলৈ দিয়া হৈছে৷ তেওঁলোক প্ৰকৃততে কৰ্মৰত হয় নে নহয় আৰু যদি কৰ্মৰত হয় তেন্তে কিয় উপস্থিতি দিয়া নাই৷ এই সন্দৰ্ভত তদন্ত কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ পৰৱৰ্তী সময়ত শিক্ষা সেতু এপত কম উপস্থিতি থকা শিক্ষক সকলৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে লগতে কয় যে ৭৫ শতাংশ শিক্ষকে নিয়মীয়াকৈ নিজৰ উপস্থিতি দি আহিছে৷ ১৫১ পৰা ২০ শতাংশ শিক্ষকৰ উপস্থিতি অনিয়মীয়া আৰু ইয়াৰ ভিতৰত এই ৪,৯০৭জন শিক্ষক আছে যিসকলে এদিনো উপস্থিতি দিয়া নাই৷ লক্ষণীয়ভাৱে, শিক্ষা বিভাগৰ এই তালিকাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷ মৃত, অৱসৰপ্ৰাপ্ত, ডেপুটেশ্বন, নিলম্বিত, মাতৃত্বৰ ছুটীত থকা শিক্ষক-শিক্ষয়িত্ৰীৰ অনুপস্থিতিৰ তালিকাত নাম সুমুৱাই দৰমহা বন্ধ কৰাৰ বাবে শিক্ষা বিভাগে দিয়া আদেশে বিভাগীয় আন্তঃসম্পৰ্কহীনতাক প্ৰমাণ কৰা বুলিও অভিযোগ কৰিছে৷ সন্মিলনীৰ ক্ষোভ– অনুপস্থিত শিক্ষকৰ তালিকা ৰাজহুৱা কৰাতকৈ বিভাগীয়ভাৱে তথ্য সংগ্ৰহ কৰি নিশ্চিত হৈ অকতৃৰ্ত্বশীলভাৱে অনুপস্থিত থকা সকলৰ  ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন৷ তাকে নকৰি বিভাগীয় ৰীতি মতে ছুটীত থকা শিক্ষকৰ নাম প্ৰকাশেৰে অপমানিত কৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ এই আদেশ স্থগিত ৰাখি প্ৰথমে বিভাগীয়ভাৱে তথ্য সংগ্ৰহ কৰিহে নিৰ্দেশনা প্ৰকাশ কৰিবলৈ দাবী জনাইছে শিক্ষক সংগঠনটোৱে৷ দায়িত্ব কৰ্তব্যত অৱহেলা কৰা কোনো শিক্ষকৰ লগত সন্মিলনী নাই, কিন্তু অনাহকত শিক্ষকক দোষী সজালে তাৰ প্ৰতিবাদ সন্মিলনীয়ে কৰি যাব বুলিও সকীয়াই দিছে৷