Logo
image

ৰিহানা-ছাকিৰা-দিলজিতৰ পাছত এইবাৰ জাষ্টিন বিবাৰ

আম্বানি পুত্ৰৰ প্ৰাক-বিবাহক লৈ আয়োজিত জাকজমক অনুষ্ঠানৰ কথা কৈ থাকিলেও যেন ওৰকে নপৰে৷ বিগত চাৰিমাহ ধৰি চলিছে অনন্ত-ৰাধিকাৰ প্ৰাক-বিবাহৰ অনুষ্ঠান৷ প্ৰথমে জাম নগৰত, তাৰ পাছত ইটালিৰ জলপথৰ বিলাসী প্ৰমোদতৰীত৷ বি-টাউনতে হওক কিংবা ছ’চিয়েল মিডিয়াতে হওক সৰ্বত্ৰ আম্বানি পৰিয়ালৰ বিবাহক লৈয়ে চৰ্চা৷ প্ৰাক-বিবাহৰ অনুষ্ঠান হিচাপে ৫ জুলাইত আম্বানিৰ মুম্বাইৰ প্ৰাসাদোপম বাসভৱনতেই আয়োজন কৰা হয় অনন্ত-ৰাধিকাৰ সংগীতানুষ্ঠান৷ য’ত অনুষ্ঠান পৰিৱেশন কৰে বিখ্যাত পপ গায়ক জাষ্টিন বিবাৰে৷ মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰক প্ৰি-ৱেডিং সংগীতানুষ্ঠান পৰিৱেশন কৰি ইতিমধ্যে বিশ্বখ্যাত শিল্পীসকলে লৈছে কোটি কোটি টকা পাৰিশ্ৰমিক৷



বিশ্বৰ খ্যাতনামা শিল্পীসকলৰ ভিতৰত জামনগৰৰ অনুষ্ঠানত গান গাবলৈ আহি কোটি কোটি টকা পাৰিশ্ৰমিক লৈ যায় ৰিহানাই৷ মঞ্চত দেখা গ’ল দিলজিতকো৷ পৰৱৰ্তী সময়ত ইটালিৰ অনুষ্ঠানত বিশাল অংকৰ ধন খৰচ কৰি আনে বিখ্যাত পপ তাৰকা ছাকিৰাক৷ এইবাৰ ৫ জুলাইত প্ৰায় ৮৩ কোটি টকা খৰচ কৰি নিমন্ত্ৰণ কৰিছিল বিশ্বখ্যাত পপ তাৰকা জাষ্টিন বিবাৰক৷ এনিশাৰ বাবে শিল্পীৰ নামত খৰচ কৰিছে ৮৩ কোটি টকা৷ অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্ঠান হ’ব ১২ জুলাইত জিৰ’ ৱল্ড কনভেনশ্যন চেণ্টাৰত৷ বিয়াৰ পৰৱৰ্তী দিনা ১৩ জুলাইত আশীৰ্বাদ অনুষ্ঠান৷ তাৰ পিছৰ দিনা ১৪ জুলাইত মংগল উৎসৱ অৰ্থাৎ অভ্যৰ্থনা৷ ইতিমধ্যে কাশীৰ বিশ্বনাথ মন্দিৰত গৈ বিবাহৰ প্ৰথম নিমন্ত্ৰণীপত্ৰ মহাদেৱক উৎসৰ্গা কৰিছে মুকেশ আম্বানি আৰু নীতা আম্বানিয়ে৷ অনন্ত-ৰাধিকাৰ বিয়াত ছেহনাই নহয় বাজিব বেবী বেবী বেবীও৷ চাৰিমাহ ধৰি চলা এছিয়াৰ অন্যতম চহকী উদ্যোগপতি মুকেশ আম্বানিৰ পুত্ৰৰ ৰাজকীয়  বিয়াখনত দৃষ্টি নিবন্ধ হৈ আছে সমগ্ৰ বিশ্ববাসীৰ৷