Logo
image

কেন্দ্ৰৰ ‘স্বীকৃতি’য়েই পোৱা নাই অসমৰ বানে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুলাই : ৰাজ্যৰ প্ৰলয়ংকাৰী বানত এই পৰ্যন্ত প্ৰায় তিনিকুৰি লোকৰ মৃত্যু ঘটিছে৷ হাজাৰ হাজাৰ লোকৰ ঘৰবাৰী, পশুধন বানে উটুৱাই নিছে৷ কি উজনি, কি নামনি, কি বৰাক উপত্যকা সকলোতে এতিয়া বন্যাৰ্তৰ হা-হুমুনিয়াহ, হিয়াভগা কান্দোন৷ চৰকাৰী তথ্য মতে ৰাজ্যৰ ২৯খন জিলাৰ ২৪ লাখ লোকে বানত কক্‌বকাই আছে৷ কিন্তু ইয়াৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি এজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমবাসীৰ দুৰ্যোগৰ সময়ত কাষত থিয় দিয়াৰ প্ৰয়োজন বোধ কৰা নাই৷ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিয়েই দায়িত্ব সামৰিছে প্ৰধানমন্ত্ৰী কিম্বা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ দেশৰ পশ্চিম প্ৰান্তৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বন্যাৰ্তৰ দুখৰ সমভাগী হ’বলৈ সামাজিক মাধ্যম এক্সত যি কথা লিখিলে, ইয়াৰ দ্বাৰা অসমবাসীৰ কটা ঘাত যেন চেঙা তেলহে ঢালিলে৷ শনিবাৰে এক্সত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এনেদৰে লিখিছিল– ধাৰাষাৰ বৰষুণৰ কাৰণে অসমত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপত মিলিত হওঁ৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে, ৰিলিফ প্ৰদানৰ লগতে ভুক্তভোগীক উদ্ধাৰ অভিযান চলাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীৰ লগত থিয় দিছে আৰু এই প্ৰত্যাহ৩ানমূুলক সময়ত ৰাজ্যখনক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷’ কাৰ্যতঃ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই বক্তব্যৰ পৰা স্পষ্ট হৈছে যে তেওঁ অসমৰ বানৰ ভয়াৱহতা, বাস্তৱ পৰিস্থিতি বুজি নোপোৱাকৈ উপৰুৱা মন্তব্য কৰিছে৷ অসমত বানপানী হোৱা নাই, বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈ অমিত শ্বাহে আচলতে বান সমস্যাটোকে লঘূ কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও বৃহৎ বৃহৎ পুখুৰী খান্দি অসমৰ বান সমস্যা সমাধানৰ অদ্ভূত সূত্ৰ দাঙি ধৰিছিল৷ কেৱল অমিত শ্বাহেই নহয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিয়েও ড্ৰেজাৰেৰে ব্ৰহ্মপুত্ৰ খান্দি ৰাজ্যৰ বান সমস্যা সমাধানৰ আশ্বাস দিছিল৷ এই সকলোবোৰ কথা কিন্তু ফুটুকাৰ ফেনত পৰিণত হ’ল৷ নি(য়কৈ বিগত লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ১১ খনকৈ আসন উপহাৰ দিয়া অসমবাসীৰ বাবে এয়া এক বিড়ম্বনা৷ অমিত শ্বাহৰ বক্তব্যৰ পৰা স্পষ্ট হৈছে যে অসমৰ বানে, কেন্দ্ৰৰ স্বীকৃতিয়েই পোৱা নাই৷ প্ৰত্যেক বছৰেই ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি নদী-উপনদীৰ বাৰিষা ফেনে-ফোটোকাৰে বাঢ়ি অহা পানীয়ে ৰাজ্যত বানৰ তাণ্ডৱ সৃষ্টি  কৰি আহিছে৷ বান-খহনীয়াৰ বাবে ৰাজ্যত লক্ষ লক্ষ লোক গৃহহাৰা, স্থানান্তৰিত হ’বলগীয়া হৈছে৷ অসমৰ বান নতুন কথা নহয়৷ ১৯৫০ চনৰ ভূমিকম্পৰ পিছৰ পৰাই অসমত বানে তাণ্ডৱ চলাই আহিছে৷ ৰাজ্যৰ প্ৰজন্মৰ পিছত ্‌প্ৰজন্মই বানৰ দুৰ্ভোগ ভুগি আহিছে৷ কিন্তু ইয়াৰ পিছতো কেন্দ্ৰৰ কোনো এখন চৰকাৰেই অনুধাৱন কৰিব নোৱাৰিলে অসমৰ বান-গৰাখহনীয়া সমস্যাৰ ভয়াৱহতা৷ বৰ্তমানৰ বিজেপি চৰকাৰে বিগত পাঁচ বছৰত অসমক বানৰ ক্ষতিপূৰণৰ বাবদ মাত্ৰ ২০৫ কোটি টকাহে মুকলি কৰি দিলে৷  তথ্যমতে ২০১৮-১৯ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ অসম চৰকাৰে বানৰ ক্ষতিপূৰণৰ বাবে  বিচাৰিছিল ১০,৭৮৫ কোটি টকা৷ ২০১৮-১৯, ২০১৯-২০ আৰু ২০২১-২২ত কেন্দ্ৰীয় চৰকাৰে অসমত বানৰ ক্ষতিপূৰণৰ বাবদ এটকাও নিদিলে৷ কিন্তু ইয়াৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত  কয় যে বানৰ ক্ষতিপূৰণৰ বাবে ধনৰ কোনে অভাৱ হোৱা নাই৷ কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ অসমক ১৩০০ কোটি টকা দি থৈছে৷ সেই ধন খৰচেই কৰিব পৰা নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোন কৰি লাগিলে আৰু ধন দিম বুলি কৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে– গোটেই অসমতে এইবাৰ বানপানী হোৱা নাই৷ নিৰ্দিষ্ট কেইখনমান জিলাতহে বানপানী হৈছে৷ মুখ্যমন্ত্ৰীয়ে পিছে যিয়েই নকওক লাগিলে ৰাজ্যত আৰম্ভ হৈছে বান ৰাজনীতি৷ কেন্দ্ৰৰ বঞ্চনাৰ বিৰুদ্ধে সৰৱ হৈছে বিৰোধী৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰিছে যে কেন্দ্ৰৰ পৰা টকা আনিবলৈ ক্ষমতা নাই মুখ্যমন্ত্ৰীৰ৷ অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত এটা সৰ্বদলীয় দল গৈ কেন্দ্ৰীয় চৰকাৰক সাক্ষাৎ কৰাটো জৰুৰী হৈ পৰিছে৷ ৰাইজৰ  দলৰ সভাপতি অখিল গগৈয়ে  কেন্দ্ৰৰ বঞ্চনাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক মাত মাতিবলৈ কটাক্ষ কৰিছে৷ বান নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা৷ সামন্তৰালভাৱে কেন্দ্ৰৰ বঞ্চনাৰ বিৰুদ্ধে সৰৱ হৈছে আছু, যুৱ-ছাত্ৰ পৰিষদো৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ মন্তব্য– অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাতকৈ বানপানীৰ ৰাষ্ট্ৰীয় সমাধানহে লাগে৷

ৰাষ্ট্ৰীয় সমস্যা ঘোষণাতকৈ বানৰ ৰাষ্ট্ৰীয় সমাধানহে লাগে : মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ পলাশবাৰীৰ প্ৰতিবেদক : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত সত্ৰাপাৰা, নহিৰা-গুইমাৰা, চিমিনা, ফুটুৰী, দখলা আদি কেইবাটাও অঞ্চল বানৰ কৱলত পৰিছে৷ ৰাইজ বৰ্তমান সকলো দিশত জুৰুলা হৈ পৰিছে৷ আহাৰ মহীয়া বানে ৰাজ্যৰ চৌদিশে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি কৰবাত মথাউৰি চিঙিছে আকৌ আন কৰবাত নিজৰ ঘৰ-মাটি হেৰুৱাই সৰ্বস্বান্ত হৈছে৷ ইপিনে পলাশবাৰীৰ উক্ত অঞ্চলটোৰ বিভিন্ন নৈপৰীয়া লোকৰ ঘৰ-বাৰী বৰ্তমানেও বানত তল গৈ জহি-খহি যাবলৈ ধৰাত ৰাইজ বিপাঙত পৰিছে৷ বানাক্ৰান্তক নিৰাপদে ৰখাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা আশ্ৰয় শিৱিৰৰ ব্যৱস্থা কৰা হৈছে৷ সেয়েহে আজি পলাশবাৰীৰ বানাক্ৰান্ত অঞ্চল তথা আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰি বুজ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ দখলাস্থিত অমৃত চন্দ্ৰ ঠাকুৰীয়া বাণিজ্য মহাবিদ্যালয়, সত্ৰাপাৰা এম ভি স্কুল আৰু নাহিৰা-গুইমাৰা আঞ্চলিক হাইস্কুলত আশ্ৰয় লৈ থকা বানাক্ৰান্তসকলৰ সৈতে মত-বিনিময় কৰি সামগ্ৰিক পৰিৱেশৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে৷ পৰিদৰ্শনৰ সময়ত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পলাশবাৰী গুমী প্ৰকল্পৰ অধীনৰ এই অঞ্চলটোৰ বানৰ প্ৰকোপ ৰোধ কৰাৰ বাবে জিঅ’বেগ পদ্ধতিৰে কিছু মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও এই নতুন মথাউৰিৰ কিছু কিছু ঠাইৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই আহি মানুহৰ ঘৰ বুৰাই পেলাইছে৷ পৰ্যায়ক্ৰমে কিদৰে ইয়াক সমাধান কৰিব পাৰি তাক লৈ বিভাগীয় কতৃৰ্পক্ষৰ লগত আলোচনাত মিলিত হ’ব৷ অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলেই নহ’ব, ইয়াক কিদেৰ সমাধান কৰিব পাৰি তাক লৈ চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি কয়৷ বানক সমস্যা হিচাপে ঘোষণা কৰি লাভ নাই৷ ৰাষ্ট্ৰীয় সমস্যা ঘোষণাতকৈ বানৰ ৰাষ্ট্ৰীয় সমাধানহে লাগে আনহাতে গুৱাহাটী মহানগৰত এজন শিশু বানপানীৰ সোঁতত উটি গৈ নলাত সোমাই গৈ মৃত্যু হোৱা ঘটনাত দুখ প্ৰকাশ কৰি এবাৰ পৰিয়ালৰ খবৰ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷ গুৱাহাটী মহানগৰীৰ য’ত য’ত বানপানী হৈছে তাকো সমাধান কৰাৰ বাবে আলোচনা কৰি থকা হৈছে৷ গুৱাহাটীৰ কৃত্ৰিম বানপানীয়ে ঠিকনা সলনি কৰি আছে৷ পানীক আমি খেদি আছো পানীয়ে আমাক খেদি আছে৷ দিল্লীত বান হ’লে পথ-যাতায়াত বন্ধ হৈ যায়৷ গুৱাহাটীত বানৰ ফলত কোনো এটিও পথ বন্ধ কৰা নাই৷ বানত এতিয়ালৈকে গড় ৬টা আৰু পহু ৯৫টা মৃত্যু হোৱাৰ লগতে ৰাজ্যৰ ৭২টা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁও প্লাৱিত হৈছে৷ আনহাতে অসমৰ বান পৰিস্থিতিৰ মোকামিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক পূৰ্বতে ১৩০০ কোটি টকা প্ৰদান কৰিছে৷ আমি ইমান টকা খৰচ কৰিবলগা হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ লগতে বানপানী শাম কাটিলে বিভিন্ন ধৰণৰ হ’ব পৰা ৰোগৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগ সষ্টম হৈ থাকিব বুলি কোৱাৰ লগতে ৰাজ্যজুৰি মেগা মেডিকেল কেম্প আৰম্ভ কৰা হ’ব৷ জিলা আয়ুক্তসকলক তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে৷ লগতে অখিল গগৈয়ে বিধানসভাৰ বিশেষ অধিৱেশন আহ৩ান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে কয় যে বিধানসভাৰ বিশেষ অধিৱেশন হ’লে অখিলে দিনে-ৰাতি কথা ক’ব, তাৰ ফলত বানপীড়িত ৰাইজৰ কি লাভ হ’ব? বিধানসভাত বহি থকাতকৈ আমি গাঁৱে- ভূঁঞে ঘূৰি আছোঁ৷ অসমত আগৰ দৰে বানপানী হোৱা নাই৷ দুই এটা নিৰ্দিষ্ট এলেকাতহে হৈছে৷ বৰঝাৰ বিমান বন্দৰত সৃষ্টি হোৱা কৃত্ৰিম বানক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য– মানুহে ম্যাদী মাটি জলাশয় পুতে, তাত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে৷ বৰঝাৰ বিমান বন্দৰ আমি বচাই ল’ম৷ agriculture land industrial land নকৰিবলৈ ৰাইজে মিটিং কৰি মোক জনালে নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিম৷ কিন্তু মই নিজে কৰিলে কিছুমানে মোক বেয়া পাবও পাৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লী, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰৰ বিষয়া হিমাদ্ৰী বৰা, বিজেপিৰ যুৱ নেতা হিমাংশু শেখৰ বৈশ্য, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী সহিতে বহু কেইজন বিষয়া উপস্থিত থাকে৷

মুখ্যমন্ত্ৰী-পীযূষ হাজৰিকাৰ ক্ষয়-ক্ষতি হ্ৰাস পাইছে :মন্ত্ৰী বিমল বৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ : সাম্প্ৰতিক বানে সৃষ্টি কৰা অৱৰ্ণনীয় পৰিস্থিতিৰ সময়ত এগৰাকী প্ৰকৃত জনদৰদী নেতাৰ দৰে বানাক্ৰান্ত লোকৰ কাষত থিয় দিছে মন্ত্ৰী বিমল বৰাই৷ আজি যোৰহাট জিলাৰ বিভিন্ন আশ্ৰয় শিবিৰ আৰু মথাউৰিৰ পৰিদৰ্শন কৰে নেতাজনে৷ কেৱল বানাক্ৰান্ত লোকসকলৰ অৱৰ্ণনীয় পৰিস্থিতি বুজ লোৱাই নহয়, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি সা-সুবিধা, সাহায্যৰো খবৰ লৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা বিভাগীয় কতৃৰ্পক্ষক গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীজনে৷ ইপিনে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মন্ত্ৰী বিমল বৰাই শেহতীয়া বানত প্লাবিত যোৰহাট আৰু শিৱসাগৰ জিলাৰ কিছু তথ্য প্ৰদান কৰে৷ ইয়াৰোপৰি মন্ত্ৰীজনে কয় যে এইবাৰ অসমৰ বানৰ চৰিত্ৰ অলপ ব্যতিক্ৰমধৰ্মী৷ এইবাৰ বানে জলসম্পদ বিভাগৰ পূৰ্বৰ ৰেকৰ্ড ভাঙিছে, কিয়নো এইবাৰ নতুন ঠায়ো প্লাবিত হৈছে৷ কিন্তু সৌভাগ্যৰ কথা যে এইবাৰ পূৰ্বৰ তুলনাত ক্ষয়ক্ষতিৰ পৰিমাণ কমিছে৷ ২০১৭ চনত মাজুলীত মই নিজেই কাম চোৱাচিতা কৰিছিলোঁ, কিন্তু এইবাৰ মন্ত্ৰী পীয়ূষ হাজৰিকাক ধন্যবাদ জনাইছো তেওঁ নিৰন্তৰভাৱে মথাউৰিসমূহ পৰ্যবেক্ষণ কৰিছে৷ যাৰ বাবে পূৰ্বৰ দৰে বেছি অঞ্চল প্লাবিত হোৱাৰ পৰা ৰক্ষা পৰিছে৷ ইপিনে মন্ত্ৰীজনে পুনৰ কয় যে আগতে মথাউৰি পৰ্যবেক্ষণৰ বাবে পেট্ৰলিঙৰ ব্যৱস্থা আছিল, অসম চৰকাৰে এইবাৰ বানৰ পূৰ্বে সেই মাথাউৰিসমূহ চিনাক্ত কৰি অধিক ক্ষয়ক্ষতি ৰো¸ধ কৰিলে৷ কিন্তু প্ৰকৃতিক মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰে যদিও মুখ্যমন্ত্ৰীৰ তৎপৰতাত এইবাৰ পূৰ্বৰ তুলনাত ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস পালে৷ এই মুহূৰ্তত বানাক্ৰান্ত লোকসকলৰ কোনো ধৰণৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ যাতে অসুবিধা নহয় লগতে পশুধনসমূহৰো পৰ্যাপ্ত খাদ্য যোগান ধৰাৰো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে৷ বিগত এসপ্তাহ ধৰি মন্ত্ৰীগৰাকী বানাক্ৰান্ত অঞ্চলত পৰিদৰ্শনৰ লগতে বানাক্ৰান্তৰ দুখ-দৰ্দশাৰ খবৰ ৰখাৰ কথা উল্লেখ কৰি কয় যে বিশেষকৈ নদী কাষৰীয়া লোকসকলহে এইবাৰ বানত বেছিকৈ আক্ৰান্ত হৈছে, যিটো দুৰ্ভাগ্যক্ৰমে প্ৰতি বছৰেই তেওঁলোক সেই অঞ্চলসমূহত বাস কৰাৰ কাৰণে ক্ষতিগ্ৰস্ত হয়৷ কিন্তু নৈপৰীয়া ৰাইজৰ ঘৰসমূহ বিজ্ঞানসন্মতভাৱে ওখকৈ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিলে সেই লোকসকলক দুৰ্যোগৰ সংশয় ক্ৰমাৎ কমিব৷ এইক্ষেত্ৰত আমাৰ চৰকাৰে শীঘ্ৰে কাম কৰিব বুলিও মন্ত্ৰী বৰাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷ বিগত জ্জ- জ্জ্ব বছৰৰ পৰা বান আৰু খহনীয়া সন্দৰ্ভত চৰকাৰে নিৰন্তৰভাৱে কাম কৰি থকাৰ কথা কৈ মন্ত্ৰী বৰাই কয় যে পুৰণি মাথাউৰিসমূহ নিৰ্মাণ ক্ষিপ্ৰতৰভাৱে কৰিবলৈ আমি প্ৰতিশ্ৰতিবদ্ধ৷   মন্ত্ৰী বৰাই যোৰহাট জিলাৰ নিমাতীঘাটৰ কেইবাটাও বান বিধবস্ত স্থান পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তৰ সৈতে মত-বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়৷ যোৰহাটৰ মেলেংহাটত উপস্থিত হৈ বানে ক্ষতি কৰা শ¡ুইছগেট পুনৰ নিৰ্মাণৰ কামৰ অগ্ৰগতি বুজ লয় মন্ত্ৰী বৰাই৷ সেইদৰে উত্তৰ-পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ জ্জনং স্পাৰ তেওঁ পৰ্যৱেক্ষণ কৰে৷ পৰ্যৱেক্ষণ কালত তেওঁক সংগ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভবেন্দ্ৰ নাথ ভঁৰালী, হিতেন্দ্ৰ নাথ গোস্বামী, জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ লগতে বিভিন্ন বিভাগৰ লোকসকলে৷

কালদিয়াৰ মথাউৰি নিৰ্মাণ কৰাটো অসম্ভৱ : মন্ত্ৰী ৰঞ্জিত দাস

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক : অসম নদীমাতৃক দেশ৷ বাৰিষাৰ সময়ত বৰষুণৰ ফলত নদীৰ বাঢ়নী পানীয়ে ৰাইজক যথেষ্ট হাৰাশাস্তি কৰা দেখা যায়৷ এই নৈসমূহৰ পাৰ বান্ধি চৰকাৰে বান নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আহিছে যদিও বজালীৰ কালদিয়া আদিৰ দৰে দুখনমান নৈৰ মথাউৰি নিৰ্মাণ কৰাটো সম্ভৱ নহয়৷ উক্ত মন্তব্য  মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি বজালীৰ বানে বিধবস্ত কৰা হেলনা আদি ঠাই পৰিদৰ্শন কৰি সাংবাদিকৰ আগত উক্ত মন্তব্য কৰে৷ তেওঁ কয় যে মথাউৰি নিৰ্মাণ কৰি বাননিয়ন্ত্ৰণ কৰিব পাৰি কিন্তু কালদিয়া, দেওযাৰা, টিহুনৈ আদিত  মথাউৰি নিৰ্মাণ কৰাটো বৰ্তমান পৰিস্থিতিত সম্ভৱ নহয়৷ কিয়নো মথাউৰি নিৰ্মাণ কৰিবলৈ হ’লে নৈৰ পৰা প্ৰায় ৫০মিটাৰ এলেকা মুকলি হৈ থাকিব লাগে৷ ইয়াৰ বিপৰীতে কালদিয়া বা এনেকুৱা নৈৰ পাৰসমূহত মথাউৰি নিৰ্মাণ কৰাৰ বাবে মুকলি ঠাই নাই৷ নৈৰ পাৰে পাৰে বহু ঠাইত ৰাইজৰ ঘন জনবসতি পূৰ্ণ এলেকা৷ এই এলেকাসমূহত ৰাইজৰ পট্টাৰ মাটি উচ্চেদ কৰি মথাউৰি নিৰ্মাণ কৰাটো সম্ভৱ নহয়৷ আনহাতে জনসম্পদ বিভাগেও এনেদৰে মথাউৰি নিৰ্মাণ কৰাৰ বাবে অনুমতি প্ৰদান নকৰে৷ আমি ৰাইজক সুবিধাৰ বাবে কিছু ঠাইত জোৰা-টাপলি মাৰি কিছুমান কাম কৰা হৈছে যদিও সেইবোৰ স্থায়ী নহয় বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ আনহাতে চৰকাৰী- বেচকাৰী বিভিন্ন উন্নয়মুলক কামত নৈৰ পানীৰ সোঁত বন্ধ কৰি তথা জলশয়সমূহ পুতি বিভিন্ন উদ্যোগ আদি নিৰ্মাণ কৰাটো বন্ধ কৰিছে উচ্ছতম ন্যায়ালয়ে৷ বজালীৰ হেলনাত কালদিয়া নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰা অঞ্চলৰ বুজ লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শীঘ্ৰেই ক্ষতি হোৱা পথ মেৰামতি কৰাৰ লগতে বিভিন্ন স্থানত বিজ্ঞানসন্মতভাৱে কালভাৰ্ট বহুৱাই পানী উলিয়ায় নিয়াৰ ব্যৱস্থা কৰিব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে৷