Logo
image

পানী কমকৈ খালে হ’ব পাৰে এই ক্ষতি

আমাৰ অসম বিশেষঃ পানী নহ’লে তৃষ্ণা আঁতৰ নহয়৷ নিয়মিত খাদ্যৰ সৈতে আমি সকলোৱে পানী খাওঁ৷ কিন্তু কিমান পৰিমাণৰ পানী আমি সদায় খাব লাগে সেয়া বহুতেই নাজানে৷ পানী কম পৰিমাণে খালে কেইটামান মাৰাত্মক ক্ষতি হ’ব পাৰে৷ সেয়ে পৰ্যাপ্ত পানী খোৱাৰ প্ৰয়োজন৷ কমকৈ পানী খালে হ’ব পৰা ক্ষতিসমূহ–

[১] ক্লান্তিঃ শৰীৰত যেতিয়া পানীৰ অভাৱ হয় তেতিয়া এক ধৰণৰ মূৰৰ বিষ অনুভৱ হয়৷ মাইগ্ৰেন বা চকুৰ সমস্যা নাথাকিলেও যদি আপুনি মূৰৰ বিষত ভোগে তেন্তে বুজিব আপোনাক ‘ৱাটাৰ থেৰাপী’ৰ প্ৰয়োজন হৈছে৷ শৰীৰত পানীৰ অভাৱ হ’লে ক্লান্তি অনুভৱ হয়৷ সেয়ে কামৰ মাজে মাজে পানী খোৱাৰ অভ্যাস কৰক৷

[২] অলপতে অসুস্থঃ অসুস্থ অনুভৱ কৰিলে লগে লগেই দৰৱ নাখাব৷ খোৱাপানীৰ পৰিমাণ বৃদ্ধি কৰক৷ পানীয়ে শৰীৰৰ পৰা টক্সিন আৰু বেক্টেৰিয়াক বাহিৰ কৰি দিয়ে৷ পানী কমকৈ খালে এই উপাদানসমূহ দেহত থাকি যায়৷ ফলত অসুস্থ হোৱাৰ আশংকা বাঢ়ে৷

[৩] প্ৰস্ৰাৱত জ্বলা-পোৰাঃ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ বিষাক্ত উপাদানসমূহ বাহিৰ হৈ যায়৷ কিন্তু পানী কমকৈ খালে শৰীৰৰ পৰা টক্সিন ওলোৱাত বাধাৰ সৃষ্টি হয়৷ ফলত প্ৰস্ৰাৱ কমকৈ হোৱাৰ উপৰি প্ৰস্ৰাৱত জ্বলা-পোৰা অনুভৱ হয়৷

[৪] কোষ্ঠকাঠিন্যঃ পানী কমকৈ খালে শৌচ কঠিন হৈ কোষ্ঠকাঠিন্যৰ সমস্যা হয়৷

[৫] ভোকঃ কিবা খোৱাৰ কিছু সময় পাছতেই যদি ভোক অনুভৱ কৰে তেন্তে বুজিব যে আপুনি পানী বেছিকৈ খোৱাৰ প্ৰয়োজন আহি পৰিছে৷

[৬]ছালৰ সমস্যাঃ পানী কমকৈ খালে ছালত ইয়াৰ প্ৰভাৱ পৰে৷ ছাল সতেজ আৰু মসৃণ কৰি ৰাখিবলৈ পৰ্যাপ্ত পানী খোৱা দৰকাৰ৷ পানী কমকৈ খালে ছালৰ ৰোগৰ আশংকা বাঢ়ে৷