Logo
image

মেৰী কমৰ ঠাইত পেৰিছ অলিম্পিকৰ চেফ ডে মিছন গগন নাৰং

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ জুলাইঃ পেৰিছগামী ভাৰতীয় অলিম্পিক দলটো চেফ ডে মিছনৰ দায়িত্ব প্ৰদান কৰা হৈছে অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী প্ৰাক্তন শ্বুটাৰ গগন নাৰঙক৷ দেশৰ বিশ্বখ্যাত মহিলা বক্সাৰ এম চি মেৰী কমক প্ৰথমে এই দায়িত্ব প্ৰদান কৰা হ’লেও তেওঁ ব্যক্তিগত অসুবিধাৰ বাবে চেফ ডে মিছনৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰে৷ সোমবাৰে ভাৰতীয় অলিম্পিক সংস্থাৰ মুৰব্বী পি টি ঊষাই চাৰিবাৰৰ অলিম্পিয়ান গগন নাৰঙক এই গুৰুদায়িত্ব  অৰ্পণ কৰে৷ 



তেওঁ কয় যে এই গুৰুদায়িত্বৰ বাবে এজন অলিম্পিক পদক বিজয়ীৰ কথা ভাবি আছিল৷ এতিয়া গগনৰ দৰে অলিম্পিক পদক বিজয়ী দায়িত্ব প্ৰদান কৰি পি টি ঊষা সুখী বুলি মন্তব্য কৰে৷ তেওঁ লগতে জনায় যে এইবাৰ ভাৰতীয় অলিম্পিক দলটোৰ মহিলা হিচাপে জাতীয় পতাকা কঢ়িয়াব দুটাকৈ অলিম্পিক পদকৰ অধিকাৰী পি ভি সিন্ধুয়ে৷ আনহাতে পুৰুষৰ হৈ পতাকা কঢ়িয়াব টেবুল টেনিছ খেলুৱৈ এ শৰথ কমলে৷ যোৱা এপ্ৰিলত মেৰী কমে চেফ ডে মিছনৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল৷ আনহাতে যোৱা ২১ মাৰ্চতে পেৰিছ অলিম্পিকলৈ ভাৰতীয় দলটো ঘোষণা কৰা হৈছিল৷