Logo
image

কাজিৰঙাত বানত ১৫৯ টা বন্যপ্ৰাণীৰ মৃত্যু

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১০ জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ পৰিমাণ কিছু হ্ৰাস পাইছে যদিও বিপদমুক্ত হোৱা নাই বন্যপ্ৰাণী। প্ৰতিদিনে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বনকৰ্মীয়ে প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ কৰি আছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দিয়া তথ্য মতে এইপৰ্যন্ত বানত  ১৫৯ টা  বন্যপ্ৰাণীৰ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত বনকৰ্মীয়ে আন ২১ টা বন্যপ্ৰাণীৰ মৃত্যুদেহ উদ্ধাৰ কৰিলে। উল্লেখ্য যে এইবাৰৰ বানপানীৰ সময়ত  কেৱল পানীত ডুবি ১৩১ টা পহুৰ মৃত্যু হৈছে। অন্যহাতে ৯ টা গঁড়, দুটাকৈ দুষ্প্ৰাপ্য দল হৰিণা আৰু শৰ পহু আছে বুলি বিভাগীয় তথ্যৰ পৰা জানিব পৰা গৈছে। পানী হ্ৰাস পাই অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আৰু অধিক বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও বনকৰ্মীয়ে জানিবলৈ দিয়ে।



ইফালে বানৰ ফলত কিছুসংখ্যক বনকৰ্মীৰ চৰ্ম ৰোগ, জ্বৰ, কাহ আদি ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। বিভাগীয় সূত্ৰে জানিব পৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫৬ টা বন শিবিৰ এতিয়াও পানীৰ তলত । উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত আজিলৈকে গোলাঘাট প্ৰশাসনে বিশেষকৈ গধুৰ যান-বাহনৰ চালাচল কেৱল দিনৰ ভাগতহে অনুমতি দিছে। ইফালে নিশাৰ ভাগত ব্যক্তিগত, সৰু যান-বাহনৰ লগতে কেৱল নৈশ বাছক বন আৰক্ষীয়ে যুটীয়াভাৱে জখলাবন্ধাৰ পৰা বোকাখাতলৈকে কনভয় কৰি নিয়াৰ ব্যৱস্থা কৰিছে। ফলত পূৰ্বৰ বছৰৰ তুলনাত এইবাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে। এতিয়ালৈকে গাড়ীৰ খুন্দা মাত্ৰ দুটা পহুৰ মৃত্যু হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে। 

ইফালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন শিবিৰত বান পৰিস্থিতিৰ বুজ ল'বলৈ SDRF বাহিনীৰ সহয়োগত বন বিভাগৰ দলে উদ্যানৰ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষই আগবঢ়ালে প্ৰায় ২৪ লাখ টকাৰ পৰ্যাপ্ত পৰিমাণৰ খাদ্যৰ লগতে ঔষধ, টৰ্চ লাইট, ৰেইনকোট ইত্যাদি সামগ্ৰী। আনহাতে SDRF বাহিনীয়ে আগবঢ়োৱা ৪খনকৈ মেচিন নাৱৰ সহায়ত খাদ্য-সামগ্ৰীৰ লগতে ঔষধ লৈ সঞ্চালক সোণালী ঘোষ,  বন সংমণ্ডল বিষয়া অৰুণ বিগণেশসহ SDRF বাহিনী উদ্যানখনত প্ৰৱেশ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যৰ মাজত থকা বন শিবিৰবোৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। পানীৰে পৰিপূৰ্ণ হৈ থকা বৃহত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া কেৱল বনকৰ্মীৰ একমাত্ৰ সম্বল নাও। বাট-পথ নথকা সাগৰ সদৃশ বানপানীৰ মাজত জীৱনৰ নিৰাপত্তা নোহোৱাকৈ কাজিৰঙাৰ বনকৰ্মীয়ে সকলো বিপদক নেওচি দিনে-নিশাই নিৰাপত্তাৰ কাম কৰি থকাটো অতি প্ৰশংসনীয় বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰে। 

উল্লেখ্য এইবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ বনকৰ্মীৰ লগতে আৰক্ষীক নিয়োগ কৰা হৈছে। গোলাঘাট আৰু নগাঁও জিলাৰ আৰক্ষী আৰু বনকৰ্মীয়ে যুটীয়াভাৱে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰাত দিনে-নিশাই কৰ্তব্য কৰা পৰিলক্ষিত হৈছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাত আশ্ৰয় লোৱা বন্যপ্ৰাণীক কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা বন বিভাগৰ লোকে দিনে-নিশাই কৰ্তব্য কৰাত চোৰাং চিকাৰী বা দুষ্কৃতিকাৰীয়ে বানপানীত এতিয়ালৈকে কোনো বন্যপ্ৰাণীৰ অনিষ্ঠ কৰিব পৰা নাই।