Logo
image

চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰক

দিনে দিনে ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি আছে৷ তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়িলে ডায়েবেটিছ হয়৷ ফলত লাহে লাহে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাবলৈ আৰম্ভ কৰে৷ এনে অৱস্থাত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷
বিশেষজ্ঞসকলৰ মতে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে জীৱনধাৰা সলনি কৰিব লাগিব৷ লগতে অস্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিব লাগিব৷ সেইদৰে ৰাতিৰ আহাৰ সোনকালে খোৱা আৰু সময়মতে বিছনালৈ যোৱাৰ অভ্যাস কৰিব লাগিব৷ এনে অভ্যাসে তেজত গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷



আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ দীক্ষা ভাৱসাই শেহতীয়াকৈ ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে কেইটামান ঘৰুৱা প্ৰতিকাৰ আগবঢ়াইছে–
১) পুৱাই ৯বজাৰ পূৰ্বে কমেও দহ মিনিট সময় ৰ’দত কটাওক৷ আধা ঘণ্টা বা পোন্ধৰ মিনিট সময় খোজকাঢ়ক অথবা শৰীৰ চৰ্চা কৰক৷
২) নিতৌ আমলখি আৰn কেঁচা¸ হালধি খালেও ডায়েবেটিছ নিয়ন্ত্ৰণ হয়৷ ইয়াৰ বাবে এচামুচ আমলখিৰ ৰস আৰু হালধিৰ ৰস যিকোনো খাদ্য খোৱাৰ এঘণ্টা পূৰ্বে খাওক৷
৩)এদিনৰ পিছে পিছে বা সপ্তাহত অন্ততঃ দুবাৰ পুৱাৰ আহাৰ বা ৰাতিৰ আহাৰত লাও অথবা ছজিনাৰ ৰস খালেও ডায়েবেটিছ নিয়ন্ত্ৰণ হয়৷
৪) চেনি, দৈ আৰু ভজা-পোৰা খাদ্য পৰাপক্ষত এৰাই চলক৷ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ খাদ্য গ্ৰহণৰ পাছত বজ্ৰাসন কৰক৷
৫) মণ্ডুকাসন, শশাংকাসন, ভূজংগাসন, বালাসন আৰু ধনুৰাসনৰ দৰে যোগাভ্যাস কৰিলেও ডায়েবেটিছ নিয়ন্ত্ৰণ হয়৷
৬) দৈনিক কমেও পাঁচ-দহ হাজাৰ খোজ কাঢ়ক৷
৭) ৰাতিৰ সাজত পৰাপক্ষত লঘু আহাৰ খোৱা কৰক৷