Logo
image

জ্যেষ্ঠ বিজেপি নেতা ভবেন্দ্ৰ নাথ মহনৰ দল ত্যাগঃ ৰাইজৰ দলত যোগদানৰ সম্ভাৱনা

শিৱসাগৰৰ পৰা মনোজ কুমাৰ গগৈ (আমাৰ অসম): ভাৰতীয় জনতা পাৰ্টীৰ অবিভক্ত শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি, বিভিন্ন সময়ত ভাৰতীয় জনতা পাৰ্টীৰ পৰ্যবেক্ষক আৰু প্ৰভাৰী হিচাবে নিষ্ঠা আৰু সততাৰে দলীয় দায়িত্ব পালন কৰা ভবেন্দ্ৰ নাথ মহনে বৃহস্পতিবাৰে পদত্যাগ কৰে৷ ইতিমধ্যে তেওঁ পদত্যাগ পত্ৰ ৰাজ্যিক বিজেপিৰ সভাপতিলৈ প্ৰেৰণ কৰিছে৷



বিজেপি নেতা ভবেন্দ্ৰ নাথ মহনৰ দলত্যাগ ৰাজ্যিক বিজেপিত মোক্ষম আঘাত বুলি চৰ্চিত হৈছে। ৰাজ্যিক বিজেপিত কাৰ্যনিৰ্বাহ কৰা ভবেন্দ্ৰ নাথ মহনে বিজেপিৰ সকলো পদৰ লগতে প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিছে।

বিশেষকৈ একান্তই ব্যক্তিগত কাৰণত ভাৰতীয় জনতা পাৰ্টীৰ পৰা পদত্যাগ কৰা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰিলেও ব্যক্তিগত সমস্যা, দলত থাকি ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ, বিগত লোকসভা নিৰ্বাচনত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দলে দায়িত্ব নিদিয়া, দলত থাকি কাম কৰিবলৈ সুযোগ নোপোৱা, দলীয় কৰ্মক্ষেত্ৰত উজুতি খোৱা আদি বিভিন্ন আক্ষেপ সাংবাদিকৰ আগত মন্তব্য কৰে। ভবেন্দ্ৰ নাথ মহনৰ লগত শদিয়াৰ যুধিষ্ঠিৰ গগৈ নামৰ এজন বিজেপিৰ কাৰ্যকৰ্তা দলত্যাগ কৰিছে বুলি জানিব পৰা গৈছে।পৰৱৰ্তী সময়ত বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব নেকি সোধা এক প্ৰশ্নৰ উত্তৰত ভবেন্দ্ৰ নাথ মহনে কয়, "সময়ে আহ্বান জনালে বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব পাৰোঁ। সেয়া সময়েহে ক'ব।" ইপিনে, বিজেপি নেতা ভবেন্দ্ৰ নাথ মহনে দলত্যাগ কৰি ৰাইজৰ দলত যোগদানৰ সম্ভাৱনা আছে বুলিও চৰ্চা হৈছে।