Logo
image

দ্ৰাৱিড়ীয় সভ্যতা! আঢ়ৈ কোটি টকা ঘূৰাই দিলে ৰাহুলে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ জুলাই : ‘দ্ৰাবিড়ীয় সভ্যতা’ দেশৰ ক্ৰিকেটলৈ যেন উভতি আহিল! সদ্যহতে জাতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ পদ ত্যাগ কৰা ৰাহুল দ্ৰাবিড়ৰ জৰিয়তে উভতি আহিল এই ‘দ্ৰাবিড়ীয় সভ্যতা’৷ দেশৰ যিবিধ খেলত কেৱল টকাই শেষ প্ৰশ্ন, যিবিধ খেলৰ ভাৰতীয় লীগ এতিয়া বিশ্বৰ আটাইতকৈ মূল্যবান ক্ৰিকেট লীগ, সেই ভাৰতৰ জাতীয় দলটোৰ বিদায়ী মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে লাভ কৰা ৫ কোটি টকাৰ অৰ্ধেক ওভতাই দিয়াৰ ঘটনাই দেশৰ ক্ৰিকেটত এক পৃথক পৰিৱেশৰ সৃষ্টি কৰিছে৷ ৰাহুল দ্ৰাবিড়ে আঢ়ৈ কোটি টকা ওভতাই দিয়াৰ খবৰ সামান্য পুৰণি হ’লেও তাৰ প্ৰতিক্ৰিয়া এতিয়াও দেশৰ ক্ৰীড়াক্ষেত্ৰত অব্যাহত আছে৷ অনেকেই কৈছে– দিছ ইজ ক্ৰিকেট৷ হয়, ক্ৰিকেট ভদ্ৰলোকৰ খেল৷ সেয়ে ভদ্ৰতা নথকা বিষয়ক ‘দিছ ইজ নট ক্ৰিকেট’ বুলি কোৱা হয়৷ স্বাভাৱিকতে ৰাহুল দ্ৰাবিড়ৰ এই পদক্ষেপ যিমান খেলুৱৈসুলভ, ততোধিক ক্ৰিকেটসুলভ৷


 

ৰাহুল দ্ৰাবিড়ে কিয় ওভতাই দিলে তেওঁ পুৰস্কাৰৰ ধন হিচাপে লাভ কৰা ৫ কোটি টকাৰ অৰ্ধেক ধন? সেই লৈ কৌতূহলৰ সৃষ্টি হোৱা অতি স্বাভাৱিক৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে টি-২০ বিশ্বকাপত চেম্পিয়ন হোৱা দলটোলৈ ১২৫ কোটি টকাৰ প্ৰাইজমানি আগবঢ়ালে৷ তাৰে ১৫ জন ক্ৰিকেটাৰ আৰু মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে পালে গাইপতি ৫ কোটিকৈ টকা৷ বেটিং, বলিং আৰু ফিল্ডিং প্ৰশিক্ষকক দিয়া হ’ল আঢ়ৈ কোটি টকাকৈ৷ দলৰ বাকী ৯ জন ছাপোৰ্ট ষ্টাফ আৰু ৰিজাৰ্ভ বেঞ্চত থকা ৪ জন ক্ৰিকেটাৰক এক কোটিকৈ টকা দিলে ব’ৰ্ডে৷ এই তিনি সহকাৰী প্ৰশিক্ষক আৰু ছাপোৰ্ট ষ্টাফক ব’ৰ্ডে কমকৈ টকা দিয়াত সন্তুষ্ট নহ’ল ৰাহুল দ্ৰাবিড়৷ সেয়ে তেওঁ নিজে পোৱা ৫ কোটি টকাৰ অৰ্ধেক ওভতাই দি নিজৰ প্ৰাইজমানি তিনি সহকাৰী প্ৰশিক্ষকৰ সমান কৰি ল’লে৷ তেওঁ অনুৰোধ জনালে, ওভতাই দিয়া টকাখিনি ছাপোৰ্ট ষ্টাফৰ মাজত বিলাই দিব লাগে৷ তেওঁলোকৰ সেয়া প্ৰাপ্য৷ মিতভাষী ৰাহুল দ্ৰাবিড়ৰ এই পদক্ষেপক লৈ  অনেকেই আ(ৰ্যান্বিত, হাতলৈ অহা টকাও এনেকৈ ঘূৰাই দিয়েনে? হয়তো সেয়াই ‘দ্ৰাবিড়ীয় সভ্যতা’, প্ৰমাণ কৰিলে ৰাহুল দ্ৰাবিড়ে৷