Logo
image

নিয়মিত ড্ৰাই ফুড খায়? কেনেকৈ খোৱা উচিত

আমাৰ অসম বিশেষঃ শুকান ফল বা ড্ৰাই ফুড বজাৰত সহজে উপলব্ধ৷ খেজুৰ  খিছমিছকে ধৰি শুকান ফল  পুষ্টিকৰ যদিও শুকান ফল খোৱাটো কিমান নিৰাপদ? এই বিষয়ে জানো আহক–

শুকান ফলৰ ভাল গুণঃ শুকান ফল স্বাস্থ্যৰ কাৰণে উপযোগী৷ এইবিধ ফলৰ পুষ্টি গুণ অনেক৷ ড্ৰাই ফুডত কেঁচা ফলতকৈ প্ৰায় ৩/৫ গুণ বেছি ফাইবাৰ থাকে৷ এণ্টিঅক্টিডেণ্টৰ পৰিমাণো শুকান ফলত অধিক পোৱা যায়৷ সেয়ে শুকান ফল যে স্বাস্থ্যৰ বাবে উপকাৰী সেই বিষয়ে কোনো সন্দেহ নাই৷ 

শুকান ফলৰ পৰা ক্ষতিঃ এই জাতীয় ফলত পানীৰ পৰিমাণ খুব কম থাকে৷ সেইদৰে শুকান ফলত চেনিৰ ঘনত্ব আৰু কেলৰিৰ পৰিমাণ আটাইতকৈ বেছি৷ যি ওজন বৃদ্ধি কৰাৰ আশংকা থাকে৷ অকল সেয়াই নহয়, ফাইবাৰৰ পৰিমাণ বেছি হোৱা বাবে এই ফল হজম কৰাটো বহুতৰ বাবে সমস্যাই দেখা দিয়ে৷ যাৰ বাবে পেটৰ গণ্ডগোলৰ আশংকা মাত্ৰাধিক৷

কিদৰে খোৱা উচিত শুকান  ফলঃ বাদাম জাতীয় ফলৰ সৈতে শুকান ফল মিহলাই খালে উপকাৰ সাধে৷ দুই-তিনিদিন শুকান ফল খোৱাৰ পাছত এদিন সতেজ ফল খালে হজমৰ সুবিধা হয়৷

পৰামৰ্শঃ বহুতে সতেজ ফলৰ সলনি শুকান ফল খায়৷ কিন্তু মনত ৰখা দৰকাৰ সতেজ ফলে শৰীৰত যিমান পানীৰ চাহিদা যোগান ধৰিব পাৰে শুকান ফলে সিমান নোৱাৰে৷ সেয়ে আপাতত ক’ব পাৰি শুকান ফলতকৈ সতেজ ফল খোৱাটো বেছি ভাল৷