Logo
image

পূৰ্বৰ আৰ্হিতেই হ’ব তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২  জুলাই : ‘লাও যেনেকৈ পাতৰ তলত, আমি সদায় ৰাইজৰ তলত’– এনেদৰে মন্তব্য কৰি বুধবাৰে মাজ নিশা এক ফেচবুক লাইভেৰে এপিএছচিৰ আৰ্হিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত সাময়িকভাৱে সলনি কৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অৱশ্যে চূড়ান্ত সিদ্ধান্তত উপনীত হ’বলৈ মুখ্যমন্ত্ৰীয়ে দুই তিনিদিনৰ সময় ল’লে৷ উল্লেখ্য, অসম প্ৰত্যক্ষ নিযুক্তিৰ অধীনত ৰাজ্য চৰকাৰে অহা ১৫, ১২ আৰু ২৯ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ আৰু ২০ আৰু ২৭ অক্টোবৰত চতুৰ্থবৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল৷ এপিএছচিৰ আৰ্হিত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল৷ পৰীক্ষালৈ প্ৰায় দুমাহ থকা অৱস্থাত হঠাৎ ৰাজ্য চৰকাৰে পৰীক্ষাৰ কাৰ্হি সলনি কৰাত আৱেদন কৰা প্ৰাৰ্থীসকল বিবুধিত পৰাৰ লগতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ বিভিন্ন জনে সামাজিক মাধ্যমত চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰিছিল৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে বুধবাৰে নিশা ফেচবুক লাইভযোগে কয় যে লাও যেনেকৈ পাতৰ তলত তেনেকৈ চৰকাৰখনো ৰাইজৰ তলত৷ ৰাইজৰ উদ্ধৰ্ত চৰকাৰ নহয়৷ এপিএছচিৰ আৰ্হিত ‘এডিআৰই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলোৱাত যিসকলে আমাক গালি-গালাজ কৰিছে তেওঁলোকক আমাৰ মৰম দিছো, যিসকলে ভাল ভাষাৰে আমাক সমালোচনা কৰিছে তেওঁলোককো সন্মান দিছো৷ দুই এজন ব্যক্তিয়ে আমাক পৰামৰ্শ দিছে যে পৰীক্ষা নতুন নিয়মেৰে কৰিব নালাগে, পুৰণা নিয়মেৰেই কৰিব লাগে৷ সেয়েহে এই সন্দৰ্ভত আমি ৰাইজৰ পৰামৰ্শ বিচাৰিছো৷ ৰাইজৰ পৰামৰ্শৰ ভিত্তিত দুই তিনিদিনৰ ভিতৰত আমি চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিম৷ উল্লেখ্য যে তৃতীয়বৰ্গৰ ৭,৫০০ পদত আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ৪,৫০০ পদত নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে ইতিপূৰ্বে ঘোষণা কৰা দিনত নিযুক্তিৰ ‘এডিআৰই’ পৰীক্ষা অনুষ্ঠিত কৰিব৷ ইয়াৰ লগতে ৩ অক্টোবৰত অসম আৰক্ষীৰ ৬,৪৩৪ পদৰ বাবে অনুষ্ঠিত হ’ব শাৰীৰিক পৰীক্ষা৷ পৰীক্ষাৰ বাবে ৰাজ্যৰ লাখ লাখ নিবনুৱাই প্ৰস্তুতি চলাই থকাৰ মাজতে চৰকাৰে সলাইছে পৰীক্ষাৰ পেটাৰ্ণ৷ অৱশেষত যেনিবা প্ৰতিক্ৰিয়াৰ মুখত আজি মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত সলনিৰ বিষয়টো নতুনকৈ বিবেচনা কৰাৰ আশ্বাস দিয়ে৷ উল্লেখ্য যে সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত বিষয়ালৈ দোষ ঠেলি কালি ৰাজ্য চৰকাৰে কলেজৰ চাকৰিত স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ [পিআৰচি] প্ৰত্যাহাৰৰ নিৰ্দেশনা বাতলি কৰিছিল৷ বহিঃৰাজ্যৰ চাকৰি প্ৰাৰ্থীক ৰঙা দলিচা পাৰি দি থলুৱাক বঞ্চিত কৰিবলৈ ৰচনা কৰা ষড়যন্ত্ৰৰ পৰা পিছে হুঁহকি আহিবলৈ বাধ্য হৈছিল ৰাজ্য চৰকাৰ৷ উচ্ছ শিক্ষা বিভাগৰ উপ-সঞ্চালক সুমিত্ৰা দেৱে ‘I am directed to inform’ বুলি উল্লেখ কৰি চ্ছ্ৰ জুলাইত প্ৰকাশ কৰা পিআৰচি প্ৰত্যাহাৰৰ জাননীখনক লৈ আশ্বৰ্যজনকভাৱে অজ্ঞতা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ এক্স হেণ্ডলত মুখ্যমন্ত্ৰীয়ে এনে নিৰ্দেশনা চৰকাৰৰ অনুমতিৰ অবিহনে কেনেদৰে উচ্ছ শিক্ষা সঞ্চালকালয়ে জাৰি কৰিল বুলি প্ৰশ্ন কৰি তদন্তৰো নিৰ্দেশ দিয়ে৷ পিছে মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণাৰ ২৪ ঘণ্টাৰ পাছতো কাৰো নোম এডালো নলৰিল৷ ইফালে মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ এখন শিক্ষা বিভাগৰ অএম’ৰ উদ্ধৃতিৰে কলেজৰ নিযুক্তিত প্ৰাৰ্থীৰ স্থানীয় ভাষাৰ ১৫ মিনিটৰ পৰীক্ষা লোৱাৰ অদ্ভূত যুক্তি দিলে৷ মুখ্যমন্ত্ৰীৰ মতে এই অএম’খন থলুৱাৰ ৰক্ষাকবচ৷ প্ৰকৃত সত্যক ঢকাৰ বাবে এয়া যে মুখ্যমন্ত্ৰীৰ মুখৰ আলংকাৰিক কথাহে, সেয়া সকলোৱে বুজি উঠিছে৷ কিয়নো কলেজৰ সহকাৰী অধ্যাপকৰ নিযুক্তিৰ বাবে ইতিপূৰ্বে ২০২২ চনত শিক্ষা বিভাগে প্ৰকাশ কৰা অএম’ অনুসৰি ক’তো স্থানীয় ভাষাৰ পৰীক্ষা লোৱাৰ  কতৃৰ্ত্ব নাই মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বাছনি কমিটীৰ৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অ’এমখনত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তিৰ ক্ষেত্ৰত বাছনি কমিটীক মাত্ৰ তিনি নম্বৰহে দিয়া আছে৷ বাকী সকলো নম্বৰ প্ৰাৰ্থীগৰাকীয়ে মেট্ৰিকৰ পৰা উচ্ছ পৰ্যায়লৈকে পোৱা নম্বৰ তথা এপিআইৰ ভিত্তিত হয়৷ গতিকে বুজাই সকলো ঠিকেই বুজিছে৷ লক্ষণীয় যে বৰ্তমান ৰাজ্যৰ বিজেপি চৰকাৰখনে শল ঠেকত পৰিলেই বিষয়ালৈ দোষ ঠেলি দিয়াটো স্বভাৱত পৰিণত হৈছে৷ শেহতীয়াকৈ নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ ব্যয়বহুল খাদ্য সম্ভাৰৰ ব্যঞ্জনৰ আয়োজনৰ দোষ ঠেলা হ’ল জিলা উপায়ুক্তলৈ৷ অথচ সকলোবোৰ ৰমকজমক আয়োজন আঁৰত আছিল সংশ্লিষ্ট জিলাৰ প্ৰভাৱশালী মন্ত্ৰীজন৷ তৃতীয়-চতুৰ্থবৰ্গৰ নিযুক্তি পৰীক্ষাৰ আৰ্হি সলনি বাতিল, পিআৰচি প্ৰত্যাহাৰ বাতিলৰ পাছত মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে সোণাৰাম খেলপথাৰত শিক্ষা বিভাগৰ নতুন ভৱন নিৰ্মাণৰ সিদ্ধান্তও বাতলি কৰে৷ এনেদৰেই ২৪ ঘণ্টাতে সলনি হ’ল চৰকাৰৰ তিনি সিদ্ধান্ত!

চৰকাৰৰ অজ্ঞাতে যদি উচ্ছ শিক্ষা সঞ্চালকালয়ে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ বাতিল কৰাৰ সিদ্ধান্ত জাৰী কৰিছিল তেন্তে তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী মহাসংঘৰ

গুৱাহাটী : অসমত বিভিন্ন কাৰিকৰী, বিজ্ঞান, বাণিজ্য, ক’লা আদিত যোগ্যতাৰে উত্তীৰ্ণ হৈ লাখ লাখ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠী তথা অসমীয়া যুৱক-যুৱতীয়ে চাকৰিৰ বাবে হাহাকাৰ কৰি আছে৷ এনে অৱস্থাত অনা অসমীয়া তথা অ-খিলঞ্জীয়া যুৱক-যুৱতীক অসমত চাকৰিৰ বাবে সুযোগ উলিয়াই দিবৰ বাবেই ৪ জুলাইত অসমৰ উচ্ছ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালক সুমিত্ৰা দেবে এক নিৰ্দেশ যোগে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ কতৃৰ্পক্ষলৈ জাননী জাৰী কৰি সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰিক আৰু তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আগতে বাধ্যতামূলক হৈ থকা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই বুলি কৈছিল৷ সামাজিক মাধ্যমত এইয়া কেবিনেটৰ সিদ্ধান্ত বুলিও প্ৰচাৰ হৈছিল৷ কথাটো জনাজাত হোৱাৰ লগে লগে তীব্ৰ প্ৰতিবাদ হ’ল আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন হ’ল৷ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইয়া চৰকাৰৰ সিদ্ধান্ত নহয় বুলি ক’লে আৰু চৰকাৰৰ অজ্ঞাতে হোৱা কাণ্ডৰ তদন্ত হ’ব বুলি ঘোষণা কৰিলে৷ অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘই কয় যে এইয়া চৰকাৰৰেই সিদ্ধান্ত আছিল, কিন্তু প্ৰতিবাদ হোৱা বাবে উচ্ছ শিক্ষা সঞ্চালকালয়ৰ ওপৰত দোষ জাপি দি বাচিবলৈ চেষ্টা কৰিছে৷ চৰকাৰৰ সিদ্ধান্ত অবিহনে কোনো পধ্যেই উচ্ছ শিক্ষা সঞ্চালকালয়ে নিজাকৈ এনে জাতিদ্ৰোহী তথা খিলঞ্জীয়া শিক্ষিত যুৱক-যুৱতীক প্ৰাপ্য অধিকাৰ পৰা বঞ্চিত কৰিবলৈ সাহস নকৰে বুলি মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱাল, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাই সংবাদ মাধ্যমক কয়৷ চৰকাৰক প্ৰত্যাহ্বান জনাই মহাসংঘই স্পষ্টভাৱে কয় যে যদি উচ্ছ শিক্ষা সঞ্চালকালয়ে মইমতালী কৰিছিল তেন্তে শীঘ্ৰেই সঞ্চালক আৰু উপ-সঞ্চালকক চাকৰিৰ পৰা বৰ্খাস্ত কৰি জৰিমনা বিহি সত্যতা প্ৰমাণ কৰক৷