Logo
image

আম্বানি-পুত্ৰৰ বিয়াত মোদী, অনুপস্থিত ছোনিয়া-ৰাহুল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ জুলাই : এইখন যেন ‘মেৰেইজ অৱ দ্য চেঞ্চুৰী’৷ বহুতেই মুকেশ-নীতা আম্বানিৰ সৰু পুত্ৰ অনন্ত আম্বানিৰ বিয়াত শতিকাৰ বিয়া বুলিয়েই আখ্যা দিছে৷ যোৱা ৰ মাৰ্চ আৰু ২৯ মে’ত অনুষ্ঠিত দুটা প্ৰাক-বিবাহ অনুষ্ঠানৰ অন্তত এইবাৰ অনন্ত-ৰাধিকাৰ বিয়াৰ পাল৷ শুকুৰবাৰে মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সত থকা জিঅ’ ৱল্ডৰ্ কনভেনচন চেণ্টাৰত অনুষ্ঠিত হৈছে অনন্ত-ৰাধিকাৰ শুভ পৰিণয়৷ কোন নাই এই মহা-বিবাহত? শতিকাৰ বিয়া হিচাপে আখ্যা পোৱা আম্বানি পৰিয়ালৰ এই বিয়াত উপস্থিত আছে বিশ্বৰ হেভীৱেইট ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি হলীউডৰ ‘পাৰ্টী এনিমেল’ হিচাপে প্ৰখ্যাত তাৰকা-মডেল৷ উপস্থিত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰায় সমস্ত কেন্দ্ৰীয় কেবিনেট৷ দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰি উপস্থিত আছে বিৰোধী ৰাজনৈতিক দলৰ জোঁট ‘ইণ্ডিয়া’ৰ গৰিষ্ঠসংখ্যক নেতা৷ পিছে এই অজস্ৰ তাৰকা আৰু ৰাজনীতিবিদৰ জিলিকনিৰ মাজতো শতিকাৰ বিয়াখনত অনুপস্থিত আছে দেশৰ বহুচৰ্চিত গান্ধী পৰিয়াল৷ শুকুৰবাৰে পুৱাই মুম্বাইত আহি উপস্থিত হৈছে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰ, বৰিছ জনছন৷ বিয়ালৈ আহিছে ‘গ্লবেল হেভীৱেইট’ প্ৰাক্তন মাৰ্কিন গৃহ সচবি জন কেৰী, কানাডাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ষ্টিফেন হাৰ্পাৰ৷ বিয়া খাবলৈ আহিছে ‘ইলেক্টªনিক জায়েণ্ট’ ছেমছাঙৰ এক্সিকিউটিভ অধ্যক্ষ জে’ ৱাই লী, মাৰ্কিন উদ্যোগপতি পিটাৰ ডায়েমেণ্ডিছ, শিল্পী জেফ কুনছ, ছেলফ হেল্প প্ৰশিক্ষক জয় ছেট্টি৷ কৰ্পৰেট জগতৰ আন শীৰ্ষস্থানীয় যেনে– এইছ এছ বি চিৰ অধ্যক্ষ মাৰ্ক টুকাৰ ছৌডি আৰমকোৰ চি ই অ আমিন নাছিৰ, বি পিৰ মুখ্য কাৰ্যবাহী মাৰি আকিনক্ল’জ, বিশ্বখ্যাত ঔষধ কোম্পানী জি এছ কেৰ মুৰব্বী এমা ৱালমেছলী, লকহিড মাৰ্টিনৰ মুৰব্বী জিম টাইকলেট আৰু সৰ্বোপৰি ফিফাৰ অধ্যক্ষ জিয়ান্নি ইনফেন্টিনো৷ আহিছে আমেৰিকাৰ প্ৰফেছনেল ৰেছলাৰ জন চেনা৷ পিছে মায়ানগৰী মুম্বাই উৎসাহিত হৈছে ‘ছ’চিয়েল মিডিয়া ছেনছেচন’ কিম কাৰ্ডেছিয়ানৰ উপস্থিতিত৷ হলীউডৰ বিখ্যাত কিম্বা কুখ্যাত ‘পাট¹ এনিমেল’ হিচাপে পৰিচিত কিম কাৰ্ডেছিয়ানৰ উপস্থিতিয়ে যেন হলীউড-বলীউডৰ সকলো তাৰকাৰ ঔজ্বল্য ম্লান কৰি পেলাইছে৷ যাৰ এটা ‘ঝলক’ দেখিবলৈ পালে হলীউডতো নিজকে ভাগ্যৱান বুলি ভাবে অগণিত অনুৰাগীয়ে৷ কিম কাৰ্ডেছিয়ান আহিছে তেওঁৰ বিখ্যাত ভগ্নী খোলে কাৰ্ডেছিয়ানৰ সৈতে৷ মহাকাশৰ পৰা তৰা-নক্ষত্ৰ নামি অহা দি সমগ্ৰ বিশ্বৰ বিভিন্ন স্থানৰ পৰা হেভীৱেইট কৰ্পৰেট কাণ্ডাৰী, হলীউডৰ তাৰকা আম্বানি পুত্ৰৰ বিয়ালৈ নামি আহিলেও সেইখন বিয়াত ছোনিয়া গান্ধীৰ নেতৃত্বত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ অনুপস্থিতি বিৰাট চৰ্চাৰ বিষয় হৈ পৰিছে৷ অথচ মুকেশ আম্বানি আৰু নীতা আম্বানিয়ে যোৱা ৪ জুলাইত  নিজেই নতুন দিল্লীৰ ১০ নং জনপথলৈ গৈ ছোনিয়া গান্ধীক নিমন্ত্ৰণ কৰি আহিছিল৷ নিমন্ত্ৰণ জনাইছিল ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকো৷ গান্ধী পৰিয়ালে আম্বানি পুত্ৰৰ বিয়াৰ আমন্ত্ৰণ ৰক্ষা কৰা-নকৰা সন্দৰ্ভত কোনো মন্তব্য কৰা নাই৷ কিন্তু কংগ্ৰেছ সূত্ৰই জনোৱা মতে ছোনিয়া গান্ধী, ৰাহুল আৰু প্ৰিয়ংকা কোনোৱেই এই বিয়াত উপস্থিত নাথাকে৷ ৰাহুল গান্ধীয়ে দীৰ্ঘদিন ধৰি দেশৰ ৰাজনীতিত  প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ সৈতে উদ্যোগপতি গৌতম আদানিৰ সম্পৰ্ক থকা বুলি যি সমালোচনা কৰি আহিছে, সেই একেই বন্ধনীত ৰাখি তেওঁ মুকেশ আম্বানিকো প্ৰায়েই বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি সমালোচনা কৰি আহিছে৷ সেই নৈতিক কাৰণতে  ৰাহুল গান্ধী আৰু সমস্ত গান্ধী পৰিয়াল আম্বানি পুত্ৰৰ বিয়াত উপস্থিত নাথাকে বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে গান্ধী পৰিয়ালে অনন্ত-ৰাধিকাক বিয়াৰ শুভেচ্ছা জনাইছে৷ আনহাতে প্ৰধানমন্ত্ৰী মোদী গৃহৰাজ্যৰ এই ধনকুবেৰ উদ্যোগপতি মুকেশ আম্বানিৰ পুত্ৰৰ বিয়াত উপস্থিত থকাটো বহু দিশৰ পৰাই অনিবাৰ্য ঘটনা৷ বিয়ালৈ গৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও৷ পশ্চিমবংগত মমতাৰ আহ৩ানত লক্ষ লক্ষ কোটি টকা বিনিয়োগ কৰিছে ৰিলায়েন্সে৷ মমতাও এই শতিকাৰ বিয়াত উপস্থিত থাকিবলৈ একপ্ৰকাৰ বাধ্য৷ 

অনন্ত-ৰাধিকাৰ এই বিয়ালৈ আহিবলগীয়া অতিথিক অনা নিয়া কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে তিনিখন ‘ফেলকন-২০০০’ জেট বিমান৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা, আনকি গোলকটোৰ সিটো পাৰৰ পৰাও অহা অভ্যাগতক অনানিয়া কৰিব এই তিনিখন বিমানে৷ কোনো অভ্যাগতে অহা যোৱাৰ বাবে খৰচ কৰিবলগীয়া হোৱা নাই ভাৰাৰ ধন৷ এই বিমানৰ প্ৰতিখনৰ ভাৰা প্ৰতি ঘণ্টাত জ্জ লাখ ২০ হাজাৰ টকা৷ পিছে কেৱল এই তিনিখন বিমান ভাৰাত লৈয়েই ক্ষান্ত থকা নাই ৰিলায়েন্স অধিপতি৷ ইয়াৰ উপৰি আন ১০০ খন বিমানে শুকুৰবাৰৰ পৰা তিনিদিন ধৰি বিয়াৰ অভ্যাসগতক অনা নিয়া কৰিব৷ 

যোৱা মাৰ্চৰ পৰা আৰম্ভ হোৱা বিবাহৰ অনুষ্ঠানৰ  বাবে অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ এই বিয়াখনৰ কাৰ্যকলাপক দেশৰ একাংশ জনতাই সমালোচনা আৰম্ভ কৰিছে৷ পিছে মাৰ্চৰ পৰা আৰম্ভ হৈ দীৰ্ঘায়িত হৈ পৰা অনন্ত-ৰাধিকাৰ বিয়াৰ অন্তিম তিনিটা দিনহে এতিয়া বাকী ৰৈছেগৈ৷ শুকুৰবাৰে এই বিয়াৰ মূল অনুষ্ঠান৷ শুকুৰবাৰৰ মূল অনুষ্ঠানৰ ১৬,০০০ৰ অধিক অভ্যাগত উপস্থিত আছে৷ শুকুৰবাৰৰ অনুষ্ঠানত পশ্চিমীয়া শিল্পী এডেলে, ড্ৰেক, লানা ডেল ৰে’ই সংগীত পৰিৱেশন কৰিব৷ আনহাতে দেশৰ শিল্পী ছনু নিগম, হৰিহৰণ, অনন্ত মহাদেৱন, শ্ৰেয়া ঘোষাল আৰু কৌশিকী চক্ৰৱৰ্তীয়ে অনুষ্ঠান পৰিৱেশন কৰিব৷ শনিবাৰে বিবাহৰ স্বগ¹য় আশীৰ্বাদৰ অনুষ্ঠান আয়োজন কৰা হ’ব৷ হিন্দু ধৰ্ম অনুসৰি বিয়াৰ এই অনুষ্ঠানক শুভ আশীৰ্বাদ বুলিও কোৱা হয়৷ এই অনুষ্ঠানত দৰা-কইনাক উপস্থিত সকলোৱে আশীৰ্বাদ কৰে৷ দেওবাৰে হ’ব বিয়াৰ মহাভোজ– ৰিচিপছন৷ মংগল উৎসৱ বুলিও কোৱা এই মহাভোজত বিবাহৰ অনুষ্ঠানত উপস্থিত থকা সকলো অভ্যাগতকে আপ্যায়ন কৰা হ’ব৷ সেইদিনাই সমাপ্তি ঘটিব আম্বানি পৰিয়ালে আয়োজন কৰা শতিকাৰ বিয়াখনৰ৷