Logo
image

ইডি গোচৰত জামিন পালেও তিহাৰতেই বন্দী কেজৰিৱাল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ জুলাই : শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী নীতি অনিয়মৰ ঘটনাত উচ্ছতম ন্যায়ালয়ে ইডিয়ে কৰা গ্ৰেপ্তাৰৰ ক্ষেত্ৰত অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিলেও তিহাৰ কাৰাগাৰতে থাকিব লাগিব তেওঁ৷ কিয়নো একেদিনাই চি বি আয়ে কৰা গ্ৰেপ্তাৰৰ ক্ষেত্ৰত নতুন দিল্লীৰ ৰাউছ এভিনিউ আদালতে অহা ২৫ জুলাই পৰ্যন্ত কেজৰিৱালৰ ন্যায়িক জিম্মাৰ নিৰ্দেশ প্ৰদান কৰে৷ এটা দিশৰ পৰা আম আদমি পাৰ্টীৰ মুৰব্বী কেজৰিৱাল মুক্ত হ’লেও আন দিশৰ পৰা তেওঁ এতিয়াও বন্দী৷ একেটা কেলেংকাৰিৰ গোচৰতে দেশৰ দুখন আদালতে আজি দুটা ভিন ভিন ৰায় প্ৰদান কৰাৰ কাৰণ হৈছে সেই গোচৰত দুটা তদন্তকাৰী সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰিছে৷ অৱশ্যে সেই একেই গোচৰত ইডিয়ে কৰা গ্ৰেপ্তাৰৰ ক্ষেত্ৰত উচ্ছতম ন্যায়ালয়ে জামিন প্ৰদান কৰাটো কেজৰিৱালৰ বাবে ইতিবাচক দিশ হৈ পৰিছে৷ যদিও শুকুৰবাৰে কেজৰিৱালক ৰাউছ এভিনিউৰ নিম্ন আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে, এতিয়া তেওঁ উচ্ছতম ন্যায়ালয়ৰ জামিনৰ উদাহৰণ দি চি বি আয়ে কৰা গ্ৰেপ্তাৰৰ ক্ষেত্ৰত জামিন বিচাৰি উচ্ছ আদালতৰ শৰণাপন্ন হ’ব পাৰিব৷ হয়তো তাৰ বাবে তেওঁ প্ৰথমে দিল্লী উচ্ছ ন্যায়ালয়ত আবেদন জনাবলগীয়া হ’ব৷ দিল্লী উচ্ছ ন্যায়ালয়ৰ ৰায়ৰ পাছতহে প্ৰয়োজনবোধে তেওঁ উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিব পাৰিব৷ 

যোৱা ২৫ জুনত দিল্লী উচ্ছ ন্যায়ালয়ে ৰাউছ এভিনিউ আদালতে কেজৰিৱালক দিয়া জামিনৰ নিৰ্দেশ খাৰিজ কৰি পুনৰ কাৰাগাৰলৈ  প্ৰেৰণ কৰিছিল৷ সেই দিনাই চি বি আয়ে কেজৰিৱালক তিহাৰ কাৰাগাৰত জেৰা কৰে আৰু পিছদিনা তেওঁক আবকাৰী নীতি অনিয়মৰ গোচৰত আদালতত হাজিৰ কৰে৷ আদালতৰ পৰাই কেজৰিৱালক সেই গোচৰৰ ক্ষেত্ৰত জেৰা কৰাৰ প্ৰয়োজন থকা বুলি দাবী কৰি চি বি আয়ে গ্ৰেপ্তাৰ কৰে৷ তিনিদিন জিম্মাত ৰখাৰ পাছত কেজৰিৱালক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ তাৰ মাজতে ইখনৰ পাছত সিখন আদালতলৈ ঢপলিয়াই ফুৰিবলগীয়া হৈছে কেজৰিৱাল৷ দুটাকৈ তদন্তকাৰী সংস্থাৰ গোচৰৰ বাবেই তেওঁৰ এই অৱস্থা হৈছে৷ শুকুৰবাৰে কেজৰিৱালক স্বস্তি প্ৰদান কৰি উচ্ছতম ন্যায়ালয়ে আগবেলা ইডিৰ গোচৰৰ ক্ষেত্ৰত জামিন প্ৰদান কৰিলেও পিছবেলা চি বি আইৰ গোচৰৰ ক্ষেত্ৰত ৰাউছ এভিনিউ আদালতে তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ অহা ২৫ জুলাইলৈ কাৰাবন্দী হৈ থাকিবলগীয়া কেজৰিৱালে চি বি আইৰ গ্ৰেপ্তাৰৰ পৰা জামিন লাভৰ বাবে কেতিয়া আৰু কোনখন আদালতৰ শৰণাপন্ন হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ পিছে কেজৰিৱালৰ অধিবক্তাই দাবী কৰা অনুসৰি গোচৰৰ অভিযোগ যিহেতু একেটাই, সেয়ে অচিৰেই উচ্ছ আদালতে কেজৰিৱালক অন্তৰ্ৱৰ্তী কিম্বা স্থায়ী জামিন প্ৰদান কৰিব পাৰে৷ তাৰ বাবে সহায়ক হৈ পৰিব শুকুৰবাৰে উচ্ছতম ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ নিৰ্দেশ৷