Logo
image

দাঁতৰ বিষৰ পৰা এইদৰে সকাহ পাওক

সৰুৱেই হওক বা ডাঙৰেই হওক দাঁতৰ বিষৰ অভিজ্ঞতা সকলোৰে আছে৷ দাঁতৰ বিষৰ যন্ত্ৰণা অতি অসহ্যকৰ৷ কেভিটিজনিত কাৰণত সাধাৰণতে দাঁতৰ বিষ হয়৷ এনে অৱস্থাত বিষ উপশম কৰিবলৈ বহুতে পেইনকিলাৰ খাবলৈ আৰম্ভ কৰে৷ কিন্তু পেইনকিলাৰ অত্যধিক খোৱাটো বৃক্কৰ বাবে ক্ষতিকাৰক৷ এনেক্ষেত্ৰত অতি যন্ত্ৰণাদায়ক দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ কেতবোৰ ঘৰুৱা উপায়ৰ সহায় ল’ব পৰা যায়৷ উল্লেখ কৰা হ’ল এনে কেইটামান ঘৰুৱা উপায়–

* বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলি কৰিলে দাঁতৰ বিষ হ্ৰাস পায়৷ 

* মৰাণ আদা খুন্দি লৈ কিছু সময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলেও দাঁতৰ বিষৰ পৰা উপশম পাব পৰা যায়৷ 

* পাঁচটা লং পিহি নেমুৰ ৰসৰ সৈতে মিহলাই দাঁত মাজিলে দাঁতৰ বিষ হ্ৰাস পায়৷  

* সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলাই দাঁত মাজিলে দাঁত পৰিষ্কাৰ হোৱাৰ লগতে বিষো¸ দূৰ হয়৷ 

* ফিটকিৰি পিহি বিষোৱা দাঁতটোত লগালেও বিষৰ পৰা উপশম পাব পৰা যায়৷

* নহৰুৱেও দাঁতৰ বিষৰ পৰা সকাহ দিয়ে৷ ইয়াৰ বাবে কেইকোহমান নহৰু পিছি লৈ বিষোৱা দাঁতটোত লগালে বিষৰ পৰা মুক্তি পোৱা যায়৷ 

* পিঁয়াজেও দাঁতৰ বিষ কমোৱাত সহায় কৰে৷ ইয়াৰ বাবে কেঁচা পিঁয়াজ ভালদৰে চোবাওক৷ দেখিব কিছুসময়ৰ পাছত বিষ কমিবলৈ আৰম্ভ কৰিছে৷ কেঁচা পিঁয়াজে মুখৰ বেক্টেৰিয়া আঁতৰ কৰাতো সহায় কৰে৷ 

* হিং ব্যৱহাৰ কৰিলেও দাঁতৰ বিষ উপশম হয়৷ ইয়াৰ বাবে তিনি বা চাৰিটা হিং তিনি বা চাৰি টোপাল নেমুৰ ৰস সৈতে মিহলাই বিষ অনুভৱ কৰা দাঁতটোত লগাই ৰাখক৷ 

* লঙেও দাঁতৰ বিষ উপশম কৰাত সহায় কৰে৷ ইয়াৰ বাবে তিনি বা চাৰিটা লং মঠি লৈ বিষ অনুভৱ হোৱা দাঁতৰ তলত ৰাখক৷ দাঁতৰ বিষৰ পৰা উপশম পোৱাৰ ক্ষেত্ৰত লং তেলো ব্যৱহাৰ কৰিব পাৰে৷ 

* এগিলাচ কুহুমীয়া পানীত এচামুচ নিমখ মিহলাই গাৰ্গল কৰক৷  দিনত দুই-তিনিবাৰ এনে কৰিলে বিষৰ পৰা সকাহ পাব৷

* সৰিয়হৰ তেল আৰু নিমখৰ ব্যৱহাৰ কৰিলেও দাঁতৰ বিষৰ পৰা সকাহ পোৱা যায়৷