Logo
image

ইউৰোপত ভয়াৱহ খৰাং

উষ্ণতাই দুহাজাৰ বছৰৰ ৰেকৰ্ড কৰিলে

আমাৰ অসম, ১৭ মাৰ্চঃ ভয়াৱহ খৰাং আৰু তীব্ৰ উষ্ণতাই দহিছে ইউৰোপ৷ তাপমাত্ৰা ইমানেই বৃদ্ধি পাইছে যে যোৱা দুই হাজাৰ বছৰৰ ৰেকৰ্ড গঢ়িছে এই উষ্ণতাই৷ ছিৰাল ফাট মেলিছে কৃষিক্ষেত্ৰ, জলাশয়-নদী কাষৰীয়া সমতলভূমি৷ এই তাপ প্ৰৱাহ বৃদ্ধিৰ বাবে মানুহেই দায়ী বুলি উদ্বেগজনক বাৰ্তা সদৰী কৰিছে এখন গৱেষণা-পত্ৰই৷ এই গৱেষণা-পত্ৰ প্ৰকাশ কৰিছে আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘নেচাৰ জিঅ’চায়েন্সে’৷ দুই হাজাৰ পূৰ্বৰ ৰোমান সাম্ৰাজ্যৰ সময়ৰ ১৪৭ জোপা ওক গছৰ ২৭ হাজাৰৰ গুৰিৰ বয়ল [ৰিং] পৰীক্ষা কৰিছিল গৱেষক দলটিয়ে৷ গৱেষণা-পত্ৰত কোৱা হৈছে যে ২০১৪ চনৰ পৰা এই উষ্ণতা বৃদ্ধি পাইছে৷ যাৰ পাশ্বৰ্ক্ৰিয়া হিচাপে কম বয়সতে মৃত্যু, ফচল নষ্ট হোৱা ধৰণৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ সেইদৰে ২০১৮ বৰ্ষৰ পৰা গড় তাপমাত্ৰা উধবৰ্গতিত বৃদ্ধি পোৱাতো লক্ষ্য কৰিছে গৱেষকে৷ আনহাতে, ২০১৯-২০২০ তথা চলিত বৰ্ষত তাপপ্ৰৱাহ আৰু বাঢ়িছে৷ বিজ্ঞানীসকলে কৈছে যে বিশ্ব উষ্ণায়নৰ বাবে জীৱশ্ৰেষ্ঠ মানৱেই দায়ী৷