Logo
image

উজনিত নাথাকিব বিজেপি, বিজেপিৰ সকলো নিষ্ঠাৱান কৰ্মীয়ে ত্যাগ কৰিব দলঃ অখিল গগৈ

শিৱসাগৰৰ পৰা মনোজ কুমাৰ গগৈ, ১৩জুলাইঃ শিৱসাগৰ জিলাৰ পূৰ্বৰ আমগুৰি সমষ্টিৰ নামতি আলি জোলা গাঁৱত শুকুৰবাৰে ৰাইজৰ দলৰ নীতি আদৰ্শ প্ৰতি আকৰ্ষিত হৈ ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু ৰাইজৰ দলৰ বিষয়ববীয়াৰ উপস্থিতিত অসম গণ পৰিষদ, অসম গণ পৰিষদৰ ভাতৃ দল অসম যুৱ পৰিষদৰ নেতৃবৰ্গ, জাতীয় সংখ্যালঘু শক্তিৰ শিৱসাগৰ জিলাৰ সভাপতি আৰু নামতি আলি পঞ্চায়তৰ তিনি শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ আমগুৰি সমষ্টিৰ প্ৰাক্তন সভাপতি জিতু জ্যোতি লাহন, সহকাৰী সাধাৰণ সম্পাদক সীমান্ত গগৈ, সাংগঠনিক সম্পাদক মিনহাজ ইছলাম, নামতি আলি পঞ্চায়তৰ সভাপতি আব্দুল হালিম, অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় সংখ্যালঘু শক্তিৰ শিৱসাগৰ জিলাৰ সভাপতি জাকিৰ হুছেইনৰ উপৰিও নামতি আলি পঞ্চায়তৰ ৩০০ৰো অধিক লোকে সমূহীয়াভাৱে ৰাইজৰ দলত যোগদান কৰে।



যোগদান সভাখনত সভাপতিত্ব কৰে শিৱসাগৰ জিলা ৰাইজৰ দলৰ সভাপতি মুনীন্দ্ৰ লাহনে। সভাত বক্তব্য ৰাখে ৰাইজৰ দলৰ সম্পাদক পদ্মকান্ত দাস, বিজিত দত্ত, সহকাৰী সম্পাদক দাদুল আলি , ছাহজাহান আলি বৰা, জিলাৰ সাধাৰণ সম্পাদক পল্লৱ গগৈয়ে। যোগদান অনুষ্ঠানটোৰ আঁত ধৰে ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক মুজিদ আলিয়ে।

নতুনকৈ দলত যোগদান কৰাসকলক আদৰণি জনাই অখিল গগৈয়ে কয় যে বিজেপি দলৰ সকলো নিষ্ঠাৱান কৰ্মী আৰু নেতাই এফালৰ পৰা বিজেপি দল ত্যাগ কৰিব। বিজেপি দল খালী হৈ যাব। কংগ্ৰেছ দলৰ দুৰ্নীতিৰ বিৰুদ্ধে যিসকলে বিজেপি কৰিবলৈ আহিছিল, তেওঁলোকে এতিয়া বুজিব পাৰিছে যে কংগ্ৰেছতকৈও বিজেপিয়ে বেছি বেয়া কাম কৰিবলৈ আৰম্ভ কৰিছে। বানপানী শুকোৱাৰ পাছত বিজেপিৰ বিশাল বাহিনীয়ে ৰাইজৰ দলত যোগদান কৰিব। ইয়াৰ কেইদিনমানৰ পাছত সৎ মানুহবোৰ বিজেপিৰ পৰা ওলাই আহিব। বিশেষকৈ উজনি অসমত বিজেপি নাথাকিব।