Logo
image

এইবোৰ ফলমূলে তেজত অক্সিজেনৰ মাত্ৰা বঢ়ায়

তেজত অক্সিজেন পৰ্যাপ্ত পৰিমাণে থকাটো জৰুৰী৷ তেজত অক্সিজেনৰ পৰিমাণ ৯০-১০০ থাকিলে মানুহজনক সুস্থ বুলি গণ্য কৰা হয়৷ তেজত অক্সিজেন কম হোৱাৰ লগে লগে শ্বাস-প্ৰশ্বাসত কষ্ট হয়৷ হৃদপিণ্ডৰ স্পন্দন অস্বাভাৱিক হ’বলৈ আৰম্ভ কৰে৷ তদুপৰি দেহত তেজৰ চাপ কমে৷ এনে ক্ষেত্ৰত কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰাৰ বিকল্প নাথাকে৷ কিন্তু কেতবোৰ খাদ্য আছে, যিবোৰ নিয়মীয়াকৈ খালে তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়৷ তেনে কেতবোৰ খাদ্য হৈছে–

১৷ কিউই : কিউই এনে এবিধ ফল য’ত বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে৷ কিউই ফলত থকা আইৰণে তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধিত সহায় কৰে৷

২৷ ডালিম : ডালিমত প্ৰচুৰ নাইট্ৰেটছ আৰু পলিফেনল্‌ছ নামৰ উপাদান থাকে৷ এইবোৰ উপাদানে তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে৷ বহুতে কয় যে ডালিমৰ গুটিৰ ভিতৰত এনে এবিধ উপাদান থাকে যি ৰক্তবাহিকাৰ পথ প্ৰশস্ত কৰাত সহায় কৰে৷

৩৷ পালেং শাক : পালেং শাকত নাইট্ৰেট আৰু আইৰণৰ পৰিমাণ যথেষ্ট থাকে৷ দেহত ৰক্ত সঞ্চালনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ঔষধৰ পৰিৱৰ্তে যিয়ে পালেং শাক খায় তেওঁলোকে বেছি সুফল পায়৷

৪৷ সুমথিৰা : তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ কেৱল আইৰণ সমৃদ্ধ খাদ্য খালেই নহ’ব৷ কিয়নো ভিটামিন ‘চি’ অবিহনে আইৰণে একো কৰিব নোৱাৰে৷ সুমথিৰাত ভিটামিন ‘চি’ আৰু আইৰণ দুয়োবিধ থাকে৷ তদুপৰি সুমথিৰাত থকা এণ্টি অক্সিডেণ্টে তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধিত অৰিহণা যোগায়৷

৫৷ আখৰোট : নিয়মীয়াকৈ আখৰোট খালে তেজৰ চাপ নিয়ন্ত্ৰণত থাকে৷ তেজত অক্সিজেনৰ যোগান ঠিকমতে ৰখাৰ উপৰি ধমনীৰ মাজত যদি প্ৰদাহ হয়, তাৰ পৰা সকাহ পোৱাত যাদুৰ দৰে কাম কৰে আখৰোটে৷