Logo
image

১৪ হাজাৰ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰাৰ্থী ১৮ লাখ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ জুলাইঃ কৰ্ম সংস্থাপনহীনতাত ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা৷ চৰকাৰে বিভিন্ন বিভাগত চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিলেও সেয়া যেন সম্প্ৰতি এপাঁচি শাকত এটা জলকীয়া সদৃশ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত কাৰ্যতঃ নিবনুৱাৰ বিস্ফোৰণৰ সূচনা হৈছে৷ এই মুহূৰ্তত অসমত চৰকাৰী পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই প্ৰায় ৩০ লাখত ভৰি দিছে৷ নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্য অনুসৰি পঞ্জীয়নভুক্ত শিক্ষিত নিবনুৱাৰ ভিতৰত ১৭,৩৩,৭৯৪জন পুৰুষ আৰু ১২,৬১,০৩২ গৰাকী মহিলা৷ তদুপৰি তৃতীয় লিংগৰ ৫৩৬গৰাকী নিবনুৱায়ো নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিছে৷ 



তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে ৰাজ্যৰ চৰকাৰী পঞ্জীয়নভুক্ত নিবনুৱাৰ ১২,১৫,৫৮৬জন হৈ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ৷ তদুপৰি স্নাতক ডিগ্ৰীধাৰী নিবনুৱাৰ সংখ্যা ৬,৯৫,৩৮২জন, দশম শ্ৰেণী উত্তীৰ্ণ ৪,৬৬,০৩৬জন আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱা হৈছে ১,০০,৬৬৪জন৷ লক্ষণীয়ভাৱে অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা প্ৰায় ৩০ লাখ যদিও ইয়াৰে মাত্ৰ ৪,৬৩,১৭১জনে চৰকাৰী-বেচৰকাৰী বা নিজাববীয়া প্ৰচেষ্টাৰে আন্তনিৰ্ভৰশীল হ’বলৈ সক্ষম হৈছে৷ কিন্তু আজিৰ তাৰিখতো পঞ্জীয়নভুক্ত সৰ্বমুঠ ২৫,৩২,১৯১জন শিক্ষিত যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ যাৰ বাবে ৰাজ্য চৰকাৰে সমাগত ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলৈ সাজু হোৱা ১৪ হাজাৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ বিপৰীতে আবেদনকাৰী নিবনুৱাৰ সংখ্যা হৈছে ১৮ লাখ৷ এই কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ফেচবুক লাইভ যোগে এডিআৰই তৃতীয়বৰ্গৰ ৭,৫০০ পদ আৰু চতুৰ্থবৰ্গৰ ৪,৫০০ পদকে ধৰি মুঠ ১৪ হাজাৰ পদৰ বিপৰীতে ১৮ লাখ যুৱক-যুৱতীয়ে আবেদন কৰা বুলি প্ৰকাশ কৰে৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে এডিআৰইৰ পৰীক্ষা পুৰণি পদ্ধতিয়ে অৰ্থাৎ লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ভিত্তিত অনুষ্ঠিত হ’ব বুলিও জানিবলৈ দিয়ে৷ লক্ষণীয় বিষয়টো হৈছে, মুখ্যমন্ত্ৰীয়ে স্বচ্ছতাৰ ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে যদিও মুখ্যমন্ত্ৰীৰ স্বচ্ছতাক লৈ বিভিন্নজনে সন্দেহ ব্যক্ত কৰা দেখা গৈছে৷ ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচি নামৰ সংগঠনটোৱে অভিযোগ কৰি কয়– মুখ্যমন্ত্ৰীয়ে স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি প্ৰতিশ্ৰুতি দিছে, সেয়া ভাল কথা আৰু ই চৰকাৰৰ দায়িত্ব৷ কিন্তু জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতো একেই স্বচ্ছতা অক্ষুণ্ণ ৰখাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব৷ বিগত ১ লাখ নিযুক্তিৰ আজিও মেধাৰ তালিকা আৰু কাট অৱ নম্বৰ ৰাজহুৱা কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে পৰীক্ষাৰ স্বচ্ছতা কিমান তাক নকলেও সকলোৱে বুজি পাইছে৷ তদুপৰি জালুকবাৰী সমষ্টিৰ বৃদ্ধ প্ৰাৰ্থীয়ে নিযুক্তি পোৱা অভিযোগৰ সন্দৰ্ভত কোনো সুদুত্তৰ নথকা মুখ্যমন্ত্ৰীয়ে অসমীয়া ল’ৰাই নিযুক্তি পোৱা বুলি কৈ দায় সাৰিছিল৷ আনহাতে ২০২০ বৰ্ষৰ পৰা এপিএছচিৰ কোনো এটা বৰ্ষৰ পৰীক্ষাৰে কাট অৱ নম্বৰ ৰাজহুৱা নকৰাকৈ প্ৰাৰ্থীক নিযুক্তি দি স্বচ্ছতাৰ  শ্লোগান আওৰাইছো বিজেপি চৰকাৰে৷ এইবাৰো প্ৰাৰম্ভিক পৰীক্ষাৰ কাট অৱ মাৰ্ক ৰাজহুৱা নকৰাকৈ মূল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে এপিএছচি৷ ইয়াৰ দ্বাৰা এপিএছচি পৰীক্ষাত ৰাকেশ পালৰ আমোলৰ দৰেই অধিক সংগঠিত ৰূপত জালিয়াতি হোৱা সন্দেহ নুই কৰিব নোৱাৰি৷ যদিহে স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে, তেনেহ’লে পৰীক্ষাৰ কাট অৱ নম্বৰ, উত্তৰবহী আদি পৰীক্ষাৰ্থীক প্ৰদান কৰাত চৰকাৰৰ দুৰ্বলতা ক’ত? এ ডি আৰ ইৰ পৰীক্ষাৰ অ’ এম আৰ প্ৰশ্নকাকত পৰীক্ষাৰ্থীসকলক আনিবলৈ দিয়া উচিত৷ ফলাফলত মেধাৰ তালিকাৰ লগতে পৰীক্ষাৰ্থীক উত্তৰ-বহী লাভ কৰাৰ সুবিধা কৰি মুখ্যমন্ত্ৰীয়ে মুখৰ কথাতকৈ বাস্তৱত স্বচ্ছতা প্ৰমাণ কৰক৷