Logo
image

কাণে কাণ মাৰি সাৰিল ট্ৰাম্প নিৰ্বাচনী প্ৰচাৰৰ সময়তে গুলীবিদ্ধ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৫ জুলাই : আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক এখন নিৰ্বাচনী সভাত বক্তৃতা দি থাকোতে আততায়ীয়ে গুলীয়াই হত্যা কৰিবলৈ চেষ্টা চলোৱাৰ ঘটনাই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ হত্যাকাৰী ২০ বছৰীয়া তৰুণ থমাছ মেথিউ ক্ৰুকছক থিতাতে ট্ৰাম্পৰ সভাত নিয়োজিত চিক্ৰেট ছাৰ্ভিচ কাউণ্টাৰ-স্নাইপাৰৰ সদস্যই গুলীয়াই নিহত কৰে৷ আততায়ীয়ে এটা এ আৰ-১৫ ছেমি অটোমেটিক ৰাইফলেৰে মৰা গুলী ট্ৰাম্পৰ সোঁকাণ ভেদ কৰি ওলাই যায়৷ সেই সময়ত ৰিপাব্লিকান পাৰ্টীৰ পাৰ্থী তথা প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পেনছিলভেনিয়াৰ বাটলাৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি আছিল৷ তেনেতে প্ৰায় ২০০-৩০০ ফুট দুৰৰ পৰাই এটা ঘৰৰ মুধচত উঠি আততায়ী ক্ৰুকছে ট্ৰাম্পক উদ্দেশ্যি গুলীচালনা কৰে৷ ক্ৰুকছে মুঠতে চাৰিটা গুলী মাৰে আৰু তাৰ এটাই ট্ৰাম্পৰ কাণ ভেদি যায়৷ লগে লগে ট্ৰাম্প আৰু তেওঁৰ কাষত থকা দলৰ সদস্যসকল বহি পৰে৷ মুহূৰ্তৰ ভিতৰতে ট্ৰাম্পৰ নিৰাপত্তাৰ দায়িত্বত থকা চিক্ৰেট এজেণ্টে তেওঁক ঘেৰি ধৰি মঞ্চৰ পৰা আঁতৰাই নিয়ে৷ সেই সময়ত ট্ৰাম্পৰ কাণৰ পৰা ওলোৱা তেজ গাললৈকে বৈ গৈছিল৷ তেনে অৱস্থাত বহাৰ পৰা উঠিয়েই টাম্পে চিক্ৰেট এজেণ্টক খন্তেক ৰ’বলৈ কয় আৰু মুঠিবদ্ধ সোঁহাত ওপৰলৈ তুলি ফাইট, ফাইট বুলি শ্ল’গান দিয়ে৷ লগে লগে উপস্থিত ৰিপাব্লিকান সদস্যই ইউ এছ এ, ইউ এছ এ বুলি ট্ৰাম্পক প্ৰত্যুত্তৰ দিয়ে৷ ট্ৰাম্পেও লং লিভ আমেৰিকা বুলি পুনৰ শ্ল’গান দিয়ে৷ আততায়ীৰ গুলীত সমাবেশত উপস্থিত এজন ব্যক্তিৰ মৃত্যু হয় আৰু দুজন গুৰুতৰভাৱে আহত হয়৷ 

তদন্তকাৰী এফ বি আয়ে কেইঘণ্টামানৰ ভিতৰতে আততায়ীৰ পৰিচয় প্ৰকাশ কৰে৷ থমাছ মেথিউ ক্ৰুকছ নামৰ বিশ বছৰীয়া তৰুণজনে কিয় হত্যাৰ চেষ্টা চলাইছিল, সেই সন্দৰ্ভত এফ বি আয়ে মন্তব্য কৰাৰ পৰা বিৰত আছে৷ ক্ৰুকছ ৰিপাব্লিকান পাৰ্টীৰ ভোটাৰ আছিল যদিও তিনি বছৰ পূৰ্বে তেওঁ বাঁওপন্থী আৰু ডেম’ক্ৰেট ৰাজনীতিক লৈ বৰঙণি আগবঢ়াইছিল৷ ক্ৰুকছৰ ঘৰ পেনছিলভেনিয়াৰ বেথেল পাৰ্কত৷ এই স্থান ঘটনাস্থলী বাটলাৰৰ পৰা এঘণ্টা ‘ড্ৰাইভ’ৰ দুৰত্বত৷ ট্ৰাম্পক গুলীৰে আঘাত কৰাৰ মুহূৰ্তৰ ব্যৱধানত ক্ৰুকছৰ কুৰি বছৰীয়া দেহা চিক্ৰেট চাৰ্ভিছৰ সদস্যৰ গুলীত থকাসৰকা হৈ মাটিত বাগৰি পৰে৷

আক্ৰমণৰ ঘটনাৰ পাছত ট্ৰাম্পক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু নিশা ১০.২০ বজাত ঘৰলৈ যাবলৈ দিয়া হয়৷ সম্প্ৰতি ট্ৰাম্প নিউ জাৰ্ছিৰ নিজৰ বাসভৱনত আছে৷ এই ঘটনাক নিৰ্বাচনী প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰি ইতিমধ্যে ১২ ঘণ্টাৰ ভিতৰত ট্ৰাম্পে দুটাকৈ বিবৃতি দিছে৷ দুয়োটা বিবৃতিয়েই কম বেছি পৰিমাণে ৰাজনৈতিক৷ আক্ৰমণৰ ঘটনাত আতংকিত নোহোৱা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ট্ৰাম্পে উইছকনচিনৰ মিলৱাকিত চলিত সপ্তাহত হ’বলগীয়া ৰিপাব্লিকান পাৰ্টীৰ সমাৱৰ্তনত ভাগ লৈ ভাষণ প্ৰদান কৰিব বুলি জনাইছে৷ উইছকনচিনে এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্ণায়ক ভুমিকা পালন কৰিব৷ এই প্ৰদেশৰ মিলৱাকিত অহা ১৫-১৮ জুলাইত ৰিপাব্লিকান পাৰ্টীৰ ৰাষ্ট্ৰীয় সমাৱৰ্তন অনুষ্ঠিত হ’ব৷

ইপিনে ট্ৰাম্পৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে নিন্দা কৰিছে৷ এইবাৰৰ নিৰ্বাচনতো ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী ডেম’ক্ৰেট দলৰ বাইডেনে আক্ৰমণৰ ঘটনাত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰক্ষা পৰাত স্বস্তিৰ নিশ্বাস এৰিছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিশ্বৰ অনেক ৰাষ্ট্ৰপ্ৰধানে এই ঘটনাক গৰিহণা দিছে৷