Logo
image

অসমীয়া ভাষা দুখীয়াৰ সন্তানেহে ধৰি ৰাখিব লাগে নেকি? মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাই : ‘আমাৰ সমাজৰ একাংশ ধনী আৰু আঢ্যৱন্ত লোকে ভাৱে যে অসমীয়া ভাষাটো কেৱল দুখীয়াৰ ল’ৰা-ছোৱালীহে ধৰি ৰাখিব লাগে৷ নিজৰ ল’ৰা-ছোৱালীৰ লগতে নাতি-পুতিক ইংৰাজী মাধ্যমত পঢ়ুওৱা বহুতে দাবী-ধমকি দিয়ে– দুখীয়া মানুহৰ সন্তানক অসমীয়া মাধ্যমত পঢ়াব লাগিব৷’ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা আয়োজিত সাংস্কৃতিক সমাৰোহ ২০২৪’ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়– ‘দুখীয়াৰো মুৰ তুলি আকাশ চোৱাৰ সপোন থাকিব পাৰে, ধনীৰ ল’ৰা-ছোৱালীৰ দৰে  দুখীয়াৰো চিবিএছইৰ ইংৰাজী স্কুলত পঢ়াৰ আশা থাকিব পাৰে৷ সেই আশা পূৰণ কৰিবলৈকে আমি বাধাৰ পাছতো চিবিএছইৰ অধীনত পঢ়িব পৰা আদৰ্শ বিদ্যালয় স্থাপন কৰিছোঁ৷ গাঁৱৰ পিছপৰা অঞ্চলত এই আদৰ্শ বিদ্যালয়সমূহ স্থাপন কৰা হৈছে৷’ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰ্শ বিদ্যালয় সংগঠনৰ অধীনত পৰিচালিত ৰাজ্যৰ আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ দ্বাৰা ৰূপায়িত কাৰ্যসূচী ২০২৪ ৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ শিক্ষা জগতত আদৰ্শ বিদ্যালয় এক গুৰুত্বপূৰ্ণ আৰু ব্যতিক্ৰমী সংযোজন৷ শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত ভাৰত চৰকাৰে ৰাজ্যখনৰ বিভিন্ন পিছপৰা শৈক্ষিক খণ্ডত একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে পুঁজি যোগান ধৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিদ্যালয়সমূহৰ ভৱনসমূহ নিৰ্মাণৰ পিছত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল’ব বিচাৰিছিল যে এই আদৰ্শ বিদ্যালয়সমূহক আন চৰকাৰী বিদ্যালয়সমূহতকৈ কেনেকৈ পৃথক আৰু অনন্য কৰিব পাৰে৷ অসমৰ বহু নিম্ন আৰু দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃয়ে নিজৰ সন্তানক চি বি এছ চিৰ পাঠ্যক্ৰমত পঢ়ুৱাব বিচাৰে৷ ৰাজ্য চৰকাৰৰ আটাইবোৰ শিক্ষানুষ্ঠান ছেবাৰ অধীনত থকা বাবে ৰাজ্যত ব্যক্তিগত খণ্ডত চি বি এছ চিৰ বিদ্যালয়সমূহ গঢ়ি উঠিছে বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ চি বি এছ চিৰ পাঠ্যক্ৰমত পঢ়াৰ ইচ্ছা থকা সত্ত্বেও পঢ়িব নোৱাৰি নিজৰ সপোন কৰবাত মোহাৰি পেলোৱাৰ লগতে আন কেতবোৰ পিতৃ-মাতৃয়ে সাঁচতীয়া ধনেৰে ব্যক্তিগত খণ্ডত পঢ়ুৱাৰ প্ৰচেষ্টা চলায়৷ ৰাজ্যখনত ছেবাৰ দ্বাৰা পৰিচালিত ৪ হাজাৰতকৈও অধিক শিক্ষানুষ্ঠান আছে বুলি দোহাৰি তেওঁ কয় যে ৰাজ্যত ৫৬ খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে আৰু এই বিদ্যালয়সমূহ ছেবাৰ পৰিৱৰ্তে চি বি এছ চিৰ স্বীকৃতিপ্ৰাপ্ত৷ শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তিৰ বাবে এই বিদ্যালয়সমূহৰ বাবে এখন ছ’চাইটি গঠন কৰি ইয়াৰ অধীনলৈ আনি তাৰ পৰা বিদ্যালয়সমূহ পৰিচালনাৰ ব্যৱস্থা কৰা হৈছিল বুলিও তেওঁ কয়৷ ৰাজহুৱা খণ্ডত স্থাপন হোৱা এই ৫৬ খন আদৰ্শ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৯৬.৪৪ শতাংশ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ছেবাৰ অধীনত বহু বিদ্যালয়ে ১০০ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে আন কেতবোৰ শিক্ষানুষ্ঠান আছে য’ৰ পৰা এজনো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাই৷ ইয়াৰ বিপৰীতে চি বি এছ চিৰ পাঠ্যক্ৰমৰ দ্বাৰা পৰিচালিত বিদ্যালয়ে উৎকৃষ্ট ফলাফল দেখুওৱাৰ জৰিয়তে আদৰ্শ বিদ্যালয়ৰ লগত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শিক্ষাৰ প্ৰতি থকা ধাউতি আৰু দায়বদ্ধতাকে প্ৰকাশ কৰিছে৷ প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ সফল আৰু বিফল দিশসমূহৰ ওপৰত গুৰুত্ব ৰাখি আদৰ্শ বিদ্যালয়সমূহত কেতবোৰ নতুন দিশ সংযোজনৰ বাবে প্ৰয়াস চলোৱা হৈছিল৷ এটা সুন্দৰ বিদ্যালয়ৰ চৌহদ গঢ়াৰ বাবে উদ্যোগ লোৱা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা বছৰ ১৩ খন আদৰ্শ বিদ্যালয় নতুনকৈ আৰম্ভ কৰা হৈছিল আৰু প্ৰতিখন বিদ্যালয়লৈ ৮ কোটি টকাকৈ দিয়া হৈছিল৷ ভৱন নিৰ্মাণৰ সমান্তৰালকৈ শিক্ষক ছাত্ৰৰ অনুপাত ৰক্ষা কৰাৰ বাবে প্ৰচেষ্টা লোৱা হৈছে৷ এন চি চি আৰু সাংস্কৃতিক দিশত যাতে এটা সুন্দৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিব পাৰে তাৰ বাবে ব্যৱস্থা লোৱাৰ দিশত ৰাজ্য চৰকাৰ আগবাঢ়িছে৷ এই বিদ্যালয়সমূহে দুখীয়া আৰু অতিশয় পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক চি বি এছ চি পাঠ্যক্ৰম পঢ়াৰ বাবে সুযোগ দিছে বুলিও তেওঁ মন্তব্য কৰে৷ সমাজখনত ক’ব নোৱাৰাকৈ এটা ধাৰণাৰ সৃষ্টি কৰা হৈছে যে ধনী মানুহৰ সন্তানে চি বি এছ চিত পঢ়িব পাৰে আৰু দুখীয়া শ্ৰেণীৰ মানুহৰ সন্তানে প্ৰাদেশীকৃত বিদ্যালয়ত অধ্যয়ন কৰিব৷ ধনী মানুহৰ ল’ৰা-ছোৱালীয়ে ইংৰাজী মাধ্যমত পঢ়িব আৰু দৰিদ্ৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে অসমীয়া মাধ্যমত অধ্যয়ন কৰিব৷ ধনী মানুহৰ সন্তানে ইংৰাজী মাধ্যমত পঢ়ি আকাশ চোৱাৰ সপোন দেখিব পাৰে আৰু দুখীয়া মানুহৰ ল’ৰা-ছোৱালীয়ে অসমীয়া ভাষা ধৰি ৰাখিব লাগিব৷ অসমীয়া মাধ্যমত অধ্যয়ন কৰি অহা বহু ব্যক্তিয়ে সন্তানৰ ভৱিষ্যৎ সফল হোৱাৰ বাবে ইংৰাজী মাধ্যমত পঢ়ুৱাই বুলিও তেওঁ মন্তব্য কৰে৷  মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ত হোৱা শৈক্ষিক বাধা সত্ত্বেও এই ৫৬ খন বিদ্যালয়ত চি বি এছ চিৰ অধীনত ৰখাৰ চেষ্টা কৰা হৈছিল৷ চি বি এছ চিৰ পাঠ্যক্ৰম ব্ৰিটিছ অথবা আমেৰিকাৰ আদৰ্শত গঢ়ি উঠা পাঠ্যক্ৰম নহয়, ই ভাৰতৰ বুকুতে নিৰ্মাণ হোৱা পাঠ্যক্ৰম৷ চি বি এছ চিৰ পাঠ্যক্ৰমে ৰাষ্ট্ৰীয়তাবাদৰ এক অদ্ভূত শিহৰণ আনি দিয়ে বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় বিদ্যালয়সমূহত বহু দিনৰ পৰা এই পাঠ্যক্ৰম চলি আহিছে৷ ই এসময়ত নগৰীয়া আধিপত্য আছিল আৰু আজি ইয়াক গাঁৱলৈ লৈ যোৱা হৈছে৷ এটা সময়ত আঢ্যৱন্ত লোকৰ আভিজাত্য আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে আজি দৰিদ্ৰ আৰু পিছপৰা লোকৰ বাবে মুকলি কৰি দিয়াতো সম্ভৱ হৈ উঠিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত ভাষাৰ দায়বদ্ধতাৰ প্ৰতি চৰকাৰ সজাগ আৰু সেয়েহে এই আদৰ্শ বিদ্যালয় ১২৬ খনতকৈ অধিক গঢ়ি তোলা নহয়৷ প্ৰতিটো সমষ্টিতে একোখনকৈ এনে বিদ্যালয় গঢ়ি তোলা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ আদৰ্শ বিদ্যালয়ৰ সমান্তৰালভাৱে অসমৰ প্ৰাদেশীকৃত বিদ্যালয়সমূহকো আগুৱাই লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৫০০ খন প্ৰাদেশীকৃত বিদ্যালয়লৈ ৭-৮ কোটি টকাকৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে যাতে বিদ্যালয় ভৱনসমূহৰ আন্তঃগাঁথনি সুন্দৰকৈ গঢ়ি তুলিব পৰা যায়৷ প্ৰাদেশীকৃত বিদ্যালয়সমূহত শিক্ষকৰ গুণগত মান উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আদৰ্শ বিদ্যালয়সমূহে যি ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ভৱিষ্যতে প্ৰাদেশীকৃত বিদ্যালয়সমূহে একেই ফলাফল দেখুৱাব পাৰিব৷ আদৰ্শ বিদ্যালয় আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ মাজত হোৱা গঠনমূলক প্ৰতিযোগিতাই শৈক্ষিক ব্যৱস্থাটোক আৰু অধিক আগুৱাই লৈ যাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ৯৮ টা ব্লক শৈক্ষিক খণ্ডৰ পৰা পিছপৰা বুলি কেন্দ্ৰীয় চৰকাৰে নিৰ্দ্ধাৰণ কৰিছে আৰু আদৰ্শ বিদ্যালয় স্থাপন তেনে ব্লকতে কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে এই আদৰ্শ বিদ্যালয়সমূহত অতি শীঘ্ৰে এন চি চি প্ৰয়োগ কৰাৰ বাবে আদৰ্শ বিদ্যালয় সংগঠনৰ সঞ্চালকক আহ্বান জনায়৷ এই শিক্ষানুষ্ঠান কেইখনত ক্ৰীড়া আৰু সাংস্কৃতিক দিশ বিকশাই তোলাৰ বাবে প্ৰয়াস কৰিব লাগিব৷ এই বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আকাংক্ষাৰ মানসিকতা গঢ়ি তুলিব লাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ শৈক্ষিক ভ্ৰমণো এই বিদ্যালয়সমূহৰ শিক্ষাৰ এক অংগ হিচাপে আগুৱাই লৈ যোৱাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে৷ আদৰ্শ বিদ্যালয়সমূহৰ মাজত লাহে লাহে ক্ৰীড়া মহোৎসৱ, যুৱ মহোৎসৱৰ দৰে পদক্ষেপ ল’লে আদৰ্শ বিদ্যালয়সমূহৰ মাজত আত্মীয়তা গঢ়ি উঠিব৷ তেওঁ লগতে কয় যে আজি বিভিন্ন ঠাইত থকা আদৰ্শ বিদ্যালয়সমূহক একেখন মঞ্চলৈ অনা হৈছে৷ এই প্ৰচেষ্টা আগলৈ অব্যাহত ৰখাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আদৰ্শ বিদ্যালয় সংগঠনক আহ৩ান জনায়৷ ইয়াৰ পিছতে ৰঙাপথাৰ, পূব মঙলদৈ, দকুছি, বৰক্ষেত্ৰী, মতিয়া, লৱাইপুৱা, ৰূপসী, গণককুছি, সাকোমথা, মৈৰাবাৰী আৰু বটদ্ৰৱা আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা সাংস্কৃতিক কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে উপভোগ কৰে৷ আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা তথা আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ ড॰ ননী গোপাল মহন্ত, উচ্ছ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ উচ্ছ পদস্থ বিষয়াসকলৰ লগতে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷