Logo
image

অনন্ত-ৰাধিকাক আশীৰ্বাদ দিলেগৈ প্ৰধানমন্ত্ৰী মোদীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৫ জুলাই : তাৰকাখচিত বিয়াৰ দিনটোত অৰ্থাৎ শুকুৰবাৰে নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত উপস্থিত থাকিল আশীৰ্বাদৰ দিনটোত, শনিবাৰে৷ শুকুৰবাৰে বিশ্বৰ হেভীৱেইট ৰাজনীতিক আৰু হলীউডৰ তাৰকাৰ লগতে সমগ্ৰ বিশ্বৰ কৰ্প’ৰেট জগতৰ কাণ্ডাৰী উপস্থিত আছিল আম্বানি পৰিয়ালৰ এই প্ৰজন্মৰ শেষৰখন বিয়াত৷ সেইদিনা বিবাহ অনুষ্ঠানত উপস্থিত নথকা প্ৰধানমন্ত্ৰী মোদী উপস্থিত হয় শনিবাৰে৷ শনিবাৰৰ দিনটো আছিল অনন্ত-ৰাধিকাৰ বিয়াৰ শুভ আশীৰ্বাদ৷ প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে বিকেচিৰ জিঅ’ কনভেনচন চেণ্টাৰত উপস্থিত থাকি দৰা-কইনাক আশীৰ্বাদ কৰে৷ অনন্ত আৰু ৰাধিকাই মোদীৰ ভৰি চুই প্ৰণাম কৰে৷ মুকেশ আম্বানি আৰু নীতা আম্বানিয়ে প্ৰধানমন্ত্ৰী মোদীক বিবাহ অনুষ্ঠানলৈ আগবঢ়াই নিয়ে৷ প্ৰসংগতঃ আম্বানি পৰিয়ালৰ বিয়াত গান্ধী পৰিয়ালৰ এজনো সদস্য উপস্থিত নাথাকিল৷