Logo
image

‘কা’ত ছীল-মোহৰ দিছপুৰৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ জুলাইঃ জাতিধবংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানত কাৰ্যতঃ আনুষ্ঠানিক ছীল-মোহৰ মাৰিলে দিছপুৰে৷ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বাংলাদেশৰ পৰা অহা হিন্দু বিদেশীৰ বাবে ইতিমধ্যে অসমত নাগৰিকত্বৰ বাবে আবেদন প্ৰক্ৰিয়া অব্যাহত আছে৷ কিন্তু প্ৰয়োজনীয় নথি-পত্ৰৰ অভাৱত নাগৰিকত্ব লাভত জটিলতাৰ সৃষ্টি হ’লেও এতিয়াৰে পৰা অসমত আশ্ৰয় লোৱা অবৈধ হিন্দু বাংলাদেশীয়ে আৰক্ষীৰ লগতে বিদেশী ন্যায়াধিকৰণৰ কোনো হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয়৷

কিয়নো ২০১৫ চনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী হিন্দুক গ্ৰেপ্তাৰ তথা বিদেশী ন্যায়াধিকৰণৰ গোচৰ জাপি নিদিবলৈ অসম আৰক্ষীক জৰুৰী নিৰ্দেশ প্ৰদান কৰিছে গৃহ বিভাগে৷ বিগত ৫ জুলাইত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব প্ৰাৰ্থ প্ৰতীম মজুমদাৰে এটা নিৰ্দেশনা যোগে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান (সীমান্ত)ক ২০১৪ চনৰ ৩১ ডিচেম্বৰ পূৰ্বে ভাৰতলৈ অহা বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ হিন্দু, বৌদ্ধ, পাৰ্চী, জৈন, খ্ৰীষ্ট্ৰিয়ান আৰু শিখ শৰণাৰ্থীক বিদেশী ন্যায়াধিকৰণৰ গোচৰ জাপি নিদিবলৈ নিৰ্দেশ দিছে৷ 



নিৰ্দেশনাটোত লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ২০২৪ চনৰ ১১ মাৰ্চত নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিধি প্ৰস্তুত কৰাৰ লগে লগে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা অ-মুছলমান শৰণাৰ্থীসকল ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে যোগ্য বিবেচিত বুলিও উল্লেখ কৰিছে৷ নতুন সংশোধিত নাগৰিকত্ব আইনৰ নিয়ম অনুসৰি সীমান্ত আৰক্ষীয়ে এতিয়াৰে পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰ পূৰ্বে অহা কোনো হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান শৰণাৰ্থীৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিব নালাগে বুলিও স্পষ্ট কৰি দিছে৷ ইয়াৰ বিপৰীতে এই সকল বিদেশী শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্বৰ বাবে প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰৰ প’ৰ্টেলত প-পত্ৰ পূৰণেৰে আবেদন কৰিবলৈ পৰামৰ্শ দিবলৈকো আৰক্ষীক কোৱা হৈছে৷ তদুপৰি উক্ত বিদেশী শৰণাৰ্থীৰ ক্ষেত্ৰত সীমান্ত আৰক্ষীক পৃথক পঞ্জীয়ন বহীৰ ব্যৱস্থা কৰিবলৈকো গৃহ বিভাগে নিৰ্দেশ দিছে৷ অৱশ্যে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পাছত অহা ধৰ্ম নিৰ্বিশেষে কোনো বিদেশীকে এই সুবিধা নিদিবলৈ উল্লেখ কৰাৰ লগতে যদিহে একে কোনো ব্যক্তি ধৰা পৰে তেনেহ’লে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু কৰিবলৈকো নিৰ্দেশ দিছে৷ 

দিছপুৰৰ এই নিৰ্দেশনাৰ পৰা স্পষ্ট হৈ পৰিল যে এতিয়াৰে পৰা অসমত আশ্ৰয় লোৱা হিন্দু বাংলাদেশীয়ে আৰক্ষীৰ কোনো হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয়৷ উল্লেখ্য, সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বৰাকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একাংশ উদ্বাস্তু লোকে বিদেশী গোচৰৰ নামত আৰক্ষী তথা ন্যায়াধিকৰণৰ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ কৰিছিল৷ সেই সময়ত মুখ্যমন্ত্ৰীয়ে হিন্দু উদ্বাস্তুৰ সমস্যাৰ স্থায়ী সমাধানৰ আশ্বাস প্ৰদান কৰিছিল৷ ইফালে কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হিন্দু বাঙালীৰ ভোটৰ লক্ষ্যৰে ‘কা’ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্বৰ আবেদনৰ বাবে প’ৰ্টেল মুকলি কৰি দিয়ে যদিও প্ৰয়োজনীয় নথি-পত্ৰ চৰ্ত পূৰণ কৰিব নোৱৰাত অসমত আশ্ৰয় লৈ থকা অধিকাংশ অবৈধ বিদেশীয়েই আবেদন জনোৱা নাই৷ গৃহ বিভাগৰ তথ্য মতে এই পৰ্যন্ত অসমৰ পৰা মাত্ৰ ৮ জন বাংলাদেশৰ নাগৰিকেহে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাইছে৷ যাৰ পৰিপ্ৰেক্ষিতেই প্ৰয়োজনীয় নথি-পত্ৰ নাথাকিলেও যাতে কোনো হিন্দু বাংলাদেশীয়ে অসমত আৰক্ষী অথবা বিদেশ ন্যায়াধিকৰণৰ গোচৰৰ বাবে তাঁতবাতি কাঢ়িবলগীয়া নহয়, তাক নিশ্চিয়তাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগে অৱশেষত সীমান্ত আৰক্ষীলৈ এই আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰা বুলিও দিছপুৰত চৰ্চা লাভ কৰিছে৷