Logo
image

ৰকিবুলৰ দাবীঃ হিমন্তবিশ্ব মুখ্যমন্ত্ৰী হৈ থাকিলে ২০২৬ চনত কংগ্ৰেছ চৰকাৰ খাটাং

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুলাইঃ ড॰ হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হৈ থাকে তেন্তে ২০২৬ চনত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো নিশ্চিত৷ এই ভৱিষ্যদ্বাণী মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ একালৰ অতি ঘনিষ্ঠ সতীৰ্থ তথা বৰ্তমান ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাক কঠোৰ সমালোচনা কৰি সাংসদ হুছেইনে কয়– ডুপ্লিকেটখিনিৰ কথা কোৱা নাই, অৰিজিনেল বিজেপি নেতাসকলৰ কথা কৈছোঁ৷ যিসকল অৰিজিনেল বিজেপি নেতাই ডুপ্লিকেট বিজেপি নেতাৰ অত্যাচাৰ সহিব নোৱাৰি কংগ্ৰেছলৈ আহিব বিচাৰিছে, সেইসকল আহিব বিচাৰিলে, তাৰে বহুতক আমি নিশ্চয় ল’ব লাগিব চাই-চিতি৷ বহুতে আহিব বিচাৰি আছে৷ বিজেপিৰ বহুকেইজন বিধায়কে মুকলিকৈ কৈ আছে কংগ্ৰেছলৈ অহাৰ কথা৷ তেওঁলোকে লুক-ধাক কৰা নাই৷ মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছ অফিচত কি হয় তেওঁ গম পাই থাকে৷ মুখ্যমন্ত্ৰী এজনৰ এইবিলাক কাম নেকি? মুখ্যমন্ত্ৰীয়ে এতিয়া বানপানীৰ কথা ক’ব লাগে৷ হত্যাবিলাক হৈ আছে৷ তাৰ খবৰ ল’ব লাগে৷ মূল্যবৃদ্ধি হৈছে৷ সমাজত অশান্তি বৃদ্ধি পাইছে৷ ড্ৰাগ্‌ছৰ ব্যৱহাৰ বাঢ়িছে৷ তৰুণ গগৈ চৰকাৰৰ ১৫ বছৰ কংগ্ৰেছৰ লগত সম্পৰ্ক নাৰাখি বিজেপিৰ বহু নেতাই অশেষ ত্যাগৰ বিনিময়ত দলটো গঢ়িলে৷ যিসকলৰ কাৰণে কংগ্ৰেছক ৰাইজৰ প্ৰত্যাখান কৰিলে সেইসকল বিজেপিলৈ গ’ল আৰু তেওঁলোকৰ দপ্‌দপনিত এতিয়া নিষ্ঠাবান বিজেপিসকলে দলত থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সেই লোকসকলে এতিয়া বিদ্ৰোহ কৰিছে৷ তেলেংগানাত যেনেকৈ ভাবিব নোৱাৰাকৈ কংগ্ৰেছৰ চৰকাৰ আহিল, অসমতো একেই হ’ব৷ 



কেন্দ্ৰীয় চৰকাৰতো যিকোনো মুহূৰ্তত পট পৰিৱৰ্তন হ’ব পাৰে৷ কংগ্ৰেছত থাকি বিজেপিৰ কাম কৰি থকা কমলাক্ষ দে পুৰকায়স্থহঁতৰ যদি সাহস আছে পদত্যাগ কৰি দেখুৱাওক৷ কংগ্ৰেছ অফিচৰ ভিতৰত কি হৈ আছে সেই কথা মুখ্যমন্ত্ৰীয়ে জানিব লাগে নেকি? আমাৰ কোন নেতাৰ কি হয় নাজানো কিন্তু ২০২৬ত ৰাইজে কিন্তু তেওঁৰ তলি একেবাৰে উদং কৰিব৷ বিজপিক মানুহে ইমান বেয়া পোৱা নাই৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হৈ থাকে তেন্তে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো খাটাং৷ মুখ্যমন্ত্ৰীৰ ঘৰত কি হৈ আছে মই গম পাও যিদৰে তেওঁ কংগ্ৰেছ অফিচৰ খবৰ গম পায়৷ মোবাইল লৈ তেওঁৰ ঘৰত কোন যায় ময়ো জানো৷ অযোধ্যা, বদ্ৰিনাথত বিজেপি হাৰিলে৷ মোৰ কাণত কিন্তু অযোধ্যাৰ থাপ্পৰৰ ধবনি বাজি আছে৷ সামগ্ৰীকভাৱে জনজাতীয় মানুহে মুখ্যমন্ত্ৰীক বেয়া পাইছে৷ জাতি-জনগোষ্ঠীৰ মানুহে বেয়া পাইছে৷ তেওঁৰ উদ্ভণ্ডালিক মানুহে বেয়া পাইছে৷