Logo
image

গৰমত কিমান পানী খোৱা উচিত

এতিয়া গ্ৰীষ্ম কাল৷ ফলত ক্ৰমাৎ তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰিছে৷  এনে পৰিস্থিতিত পৰ্যাপ্ত পৰিমাণে পানী নাখালে দেহৰ বাবে সমস্যা হ’ব পাৰে৷ কিন্তু প্ৰশ্ন হয়, অতিপাত গৰমত এজন লোকে কিমান পৰিমাণৰ পানী খোৱা উচিত?
প্ৰখ্যাত পুষ্টিবিশেষজ্ঞ কোয়েল পাল চৌধুৰীৰ মতে, পানী শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ ইয়াৰ কামৰ শেষ নাই৷ তেজ প্ৰস্তুত কৰাকে ধৰি শৰীৰৰ একাধিক গুৰুত্বপূৰ্ণ কাম কৰে পানীয়ে৷ তদুপৰি পানীয়ে আমাৰ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে, হজমত সহায় কৰে, মেটাবলিজম বা বিপাক ক্ৰিয়াক ত্বৰান্বিত কৰে৷ লগতে পানী সেৱনৰ অভ্যাসে অস্থিসন্ধি পিছল কৰি ৰখাত সহায় কৰাৰ লগতে দেহৰ পৰা বেয়া পদাৰ্থসমূহ উলিয়াই দিয়ে৷ সেয়ে পানীক প্ৰাণ বুলি কোৱা হয়৷ গতিকে কিছু সময়ৰ অন্তৰে অন্তৰে পানী খোৱা উচিত৷ বিশেষকৈ, গৰমত পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰা উচিত৷



- অত্যধিক গৰমত কিমান পানী খোৱা উচিত?
এজন লোকে কিমান পৰিমাণৰ পানী খাব লাগে সেয়া নিৰ্ভৰ কৰে তেওঁৰ বৃত্তি, ওজন, উচ্ছতা আদিৰ ওপৰত৷ সাধাৰণতে এজন প্ৰাপ্তবয়স্কৰ পুৰুষ বা মহিলাই দৈনিক ৩ৰ পৰা ৪ লিটাৰ পানী খোৱা উচিত৷ তেতিয়াহে গৰমত শৰীৰটোক সুস্থ কৰি ৰাখিব পাৰিব৷ অন্যথা, বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ দেহত পানীৰ পৰিমাণ কমিলে প্ৰাণহানিৰ আশংকা পৰ্যন্ত হ’ব পাৰে৷
- ঘৰৰ বাহিৰত থাকিলে পানী খোৱাৰ পৰিমাণ বঢ়াওক৷ আপুনি যদি বেছি সময় ঘৰৰ বাহিৰত থাকে, তেন্তে পানী খোৱাৰ মাত্ৰা বঢ়াওক৷ লগত পানীৰ বটল ৰখা কৰক৷ যেতিয়াই পিয়াহ লাগে পানী খাওক৷ ডিঙি বা জিভা শুকাই যোৱালৈকে অপেক্ষা নকৰিব৷ দুপৰীয়া পৰাপক্ষত বাহিৰলৈ নোলাব৷
যদি একান্তই বাহিৰলৈ ওলাব লগা হয়, তেন্তে লগত টুপী বা ছাতি লওক৷ যিসকলৰ এ চিত থকা অভ্যাস, তেওঁলোকেও নিয়মিত ডিঙি তিয়াই ৰাখিব৷ তেতিয়াহে শৰীৰটো হাইড্ৰেট হৈ থাকিব৷
- পানীৰ বিকল্প কি?
অত্যধিক গৰমত ডাবৰ পানী খাব পাৰে৷ ডাবৰ পানীয়ে শৰীৰৰ পি এইচ বেলেন্স ঠিক ৰাখে৷
তদুপৰি ঘৰতে ফল-মূলৰ জুচ প্ৰস্তুত কৰি খাব পাৰে৷ ইয়াৰ পৰা ভিটামিন, মিনাৰেল, এণ্টি-অক্সিডেণ্ট পোৱা যায়৷ লগতে তৃষ্ণাও দূৰ হয়৷ পিছে, বজাৰৰ পৰা ফলৰ জুচ কিনি নাখাব৷ পেকেটত থকা জুচো খোৱাটো উচিত নহয়৷ এনে জুচত ছুগাৰ মিহলোৱা থাকে৷ যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ গৰমত চাহ বা কফি কমকৈ খোৱা কৰক৷
কিডনীৰ সমস্যা থকাসকলে পানী নিয়ম মানি খোৱা কৰিব৷ ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব৷ একেদৰে হৃদৰোগত আক্ৰান্তসকলেও চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে পানী খোৱা কৰিব৷