Logo
image

৩ বছৰত চাকৰি এৰিলে ২০০ চৰকাৰী চিকিৎসকে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ জুলাইঃ ৰাজ্যত এখনৰ পাছত এখনকৈ জিলাই জিলাই নিৰ্মাণ কৰা হৈছে চিকিৎসা মহাবিদ্যালয় হাস্পতাল৷ শ শ কোটি টকা ব্যয়েৰে অত্যাধুনিক চিকিৎসা মহাবিদ্যালয়সমূহৰ প্ৰাসাদোপম অট্টালিকা নিৰ্মাণ কৰিলেও চিকিৎসালয়সমূহত এতিয়া ৰোগীক চিকিৎসা কৰিবলৈ নাই প্ৰয়োজনীয় চিকিৎসক৷ কিয়নো চিকিৎসা মহাবিদ্যালয়ৰ পৰা জিলা অসামৰিক চিকিৎসালয়লৈ চিকিৎসকৰ এতিয়া পদত্যাগৰ ধুম উঠিছে৷ ক’ৰবাত যদি মেডিকেল কলেজৰ জ্যেষ্ঠ-বিশেষজ্ঞ চিকিৎসক-অধ্যাপকে পদত্যাগ কৰিছে, আন ক’ৰবাত আকৌ জিলা পৰ্যায়ত মূৰব্বী স্বাস্থ্য বিষয়াই পদত্যাগ কৰিছে৷ ইফালে, চিকিৎসকৰ নাটনিৰ বাবে স্বাস্থ্য বিভাগে অৱসৰৰ ম্যাদ অতিৰিক্ত দুবছৰলৈ বৃদ্ধি কৰাৰ পাছতো বহু চিকিৎসকে স্বেচ্ছামূলক অৱসৰ লোৱাহে দেখা গৈছে৷ শুনিলে আচৰিত লাগিলেও বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ ৬৪জন অধ্যাপকে চাকৰিৰ পৰা পদত্যাগ কৰিছে৷ একেদৰে এই সময়ছোৱাত স্বাস্থ্যসেৱা ‘ক’ৰ অধীনত বিভিন্ন জিলাৰ ৬৮জন মেডিকেল এণ্ড হেল্‌থ অফিচাৰে পদত্যাগ কৰাৰ লগতে আন ৬৮জন জিলা পৰ্যায়ৰ জ্যেষ্ঠ চিকিৎসকে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে৷ অৰ্থাৎ বিগত ৪টা বছৰত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় আৰু জিলা পৰ্যায়ৰ চিকিৎসালয়ৰ সৰ্বমুঠ ২০০জন চিকিৎসক-বিশেষজ্ঞই পদত্যাগ তথা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে৷ ৰাজ্যৰ বৃহৎসংখ্যক জ্যেষ্ঠ তথা বিশেষজ্ঞ চিকিৎসকে পদত্যাগ কৰাত দুখীয়া ৰোগীয়ে এতিয়া চৰকাৰী হাস্পতালত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ কাৰ্যতঃ চিকিৎসকলৰ পদত্যাগে ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডলৈ যেন দুৰ্যোগ নমাই আনিছে৷ 


অৱশ্যে ব্যক্তিগত অসুবিধাৰ দোহাই দি এইসকল চিকিৎসকে পদত্যাগ কৰিছে যদিও বাস্তৱত দৰমহা তথা আনুসংগিক সা-সুবিধাৰ অভাৱ আৰু ৰোগীৰ অধিক হেঁচাৰ বাবেই আধাতে চাকৰি এৰি যোৱা বুলিও চৰ্চা লাভ কৰিছে৷ তথ্য অনুসৰি বিগত ২০২১ চনৰ ২০২৩ চনৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১৬জন অধ্যাপকে পদত্যাগ বিচাৰি চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ তদুপৰি এই সময়ছোৱাত তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ ৪জন চিকিৎসক, শিলচৰ মেডিকেল কলেজ হাস্পতালৰ ৪জন চিকিৎসক, ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১১জন চিকিৎসক আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩জন চিকিৎসকেও পদত্যাগ বিচাৰি দিছপুৰলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ইয়াৰোপৰি বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ৬জন চিকিৎসক, ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৩জন চিকিৎসক, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ২জন চিকিৎসকৰ লগতে তিনিচুকীয়া আৰু ডিফু মেডিকেল কলেজ হাস্পতালৰ এজনকৈ চিকিৎসকে পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগলৈ৷ 

অৱশ্যে এইসকল চিকিৎসকৰ মাত্ৰ ৩জন অধ্যাপকৰ পদত্যাগ-পত্ৰ চৰকাৰে গ্ৰহণ কৰিছে যদিও বাকীসকল চিকিৎসকে কৰ্তব্যস্থলীত দীৰ্ঘদিন ধৰি অনুপস্থিত থকা বুলিও অভিযোগ উঠিছে৷ একেদৰে জিলা পৰ্যায়ৰ হাস্পতালৰ ক্ষেত্ৰত ২০২১ চনত ৭জন, ২০২২ চনত ২৪জন, ২০২৩ চনত ৩১জন আৰু চলিত ২০২৪ বৰ্ষৰ মে’ পৰ্যন্ত ৬জন চিকিৎসক তথা স্বাস্থ্য বিষয়াই পদত্যাগ কৰিছে৷ আনহাতে, ২০২১ বৰ্ষত ৩৪জন, ২০২২ বৰ্ষত ১৫জন আৰু ২০২৩চনৰ পৰা ২০২৪ চনৰ মে’ পৰ্যন্ত ১৯জন জ্যেষ্ঠ চিকিৎসকে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে৷ চলিত বৰ্ষত পদত্যাগ কৰা জিলা পৰ্যায়ৰ চিকিৎসককেইজন হৈছে ডাঃ প্ৰবীণ মিলি, ডাঃ নাছিৰ হান্নান খাণ্ডাৰ, ডাঃ মুন প্ৰসাদ সেনাপতি, ডাঃ আব্দুল্লা ফাৰুক মজুমদাৰ, ডাঃ সুপ্ৰিয়ম দাস আৰু ডাঃ ডেৰছুং বসুমতাৰী৷ ইফালে, অসম মেডিকেল সেৱা সংস্থাৰ (এ এম এছ এ) তথ্য অনুসৰি বৰ্তমান সময়ত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত চিকিৎসকৰ ৭ শতাধিক পদ খালী হৈ আছে৷ ইয়াৰ ভিতৰত প্ৰায় ৩০০ পদেই হৈছে জ্যেষ্ঠ চিকিৎসকৰ পদ৷ লক্ষণীয়ভাৱে চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰাৰ  সন্দৰ্ভত নাম প্ৰকাশত অনিচ্ছুক এগৰাকী জ্যেষ্ঠ চিকিৎসকে জনাই যে চৰকাৰী চিকিৎসালয়সমূহত কামৰ হেঁচাৰ বিপৰীতে দৰমহা তথা আন সা-সুবিধা যথেষ্ট কম৷ আনহাতে চৰকাৰে বিভিন্ন স্থানত মেডিকেল কলেজসমূহ প্ৰতিষ্ঠা কৰিছে যদিও সেই অনুপাতে চিকিৎসকৰ অভাৱ৷ যাৰ বাবে নতুনকৈ স্থাপন কৰা উক্ত চিকিৎসালয়সমূহলৈ আন স্থানৰ পৰা জ্যেষ্ঠ চিকিৎসকসকলক বদলি কৰাৰ বাবেও বহু চিকিৎসকে চাকৰি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে৷ আনহাতে চৰকাৰী চিকিৎসালয়ৰ তুলনাত ব্যক্তিগত চিকিৎসালয়ত দৰমহাকে ধৰি আন আন সা-সুবিধাসমূহ যথেষ্ট আকৰ্ষণীয় হোৱাৰ বাবেও বহু চিকিৎসকে চৰকাৰী চাকৰি এৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কাম কৰিছে বুলি অৱগত কৰে জ্যেষ্ঠ চিকিৎসকজনে৷ তদুপৰি চৰকাৰে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনাসমূহৰ বাবেও বহু চিকিৎসকে চৰকাৰী চিকিৎসালয়ত কাম কৰিব নিবিচাৰে৷ ইফালে চিকিৎসকৰ পদত্যাগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই কয়– ‘যোৰহাট মেডিকেল কলেজখনত চিকিৎসকৰ ৬৫টা পদ খালী আছে আৰু ষ্টাফ নাৰ্চৰ পদ খালী আছে ১০৭টা৷ স্বাস্থ্যৰ অধিকাৰ মানুহৰ মৌলিক অধিকাৰ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ স্বাস্থ্য বিভাগ প্ৰায় শেষ হৈ গ’ল৷ কেৱল জকাটোহে বাকী আছে৷ যোৰহাট মেডিকেল কলেজ বুলিয়েই নহয়, ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়ত হাজাৰ হাজাৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ পদ খালী হৈ আছে৷ মেডিকেল কলেজৰ নামত কেৱল বিল্ডিং নিৰ্মাণ কৰা হৈছে আৰু সেইমতে ঠিকাদাৰৰ পৰা কমিছন লোৱা হৈছে৷ তাৰ বাদে বাকী একপ্ৰকাৰ শূন্য৷ ৰাজ্যৰ চৌদিশে মেডিকেল কলেজ, অথচ সাধাৰণ দুৰ্ঘটনা এটাতে ৰাজ্যৰ যিকোনো প্ৰান্তৰ পৰা গুৱাহাটী মেডিকেল কলেজলৈ ৰোগী স্থানান্তৰ কৰিবলগীয়া হয়৷ মেডিকেল কলেজৰ নামত এয়াই বাস্তব আৰু হিমন্ত বিশ্ব শৰ্মাৰ এয়াই দক্ষতা৷ তাৰ মাজতেই অনিশ্চয়তাত ওলমি থাকে সাধাৰণ মানুহৰ জীৱন৷ ধিক্কাৰ এই ব্যৱস্থা!