Logo
image

ইউপিএছচিতো সুৰুঙা উলিয়াই আইএএছ হ’ল পূজা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ জুলাইঃ দেশৰ শীৰ্ষস্থানীয় আমোলা, কূটনীতিবিদ, আৰক্ষী বিষয়া নিৰ্বাচনৰ বাবে অনুষ্ঠিত কৰা ইউপিএছচিৰ পৰীক্ষা ব্যৱস্থাতো সুৰঙা উলিয়াই আইএএছ লাভ কৰা পূজা খেড়কৰ অৱশেষত শলঠেকত পৰিছে৷ প্ৰবেচনাৰ বা শিক্ষানবিচ হৈ থকা অৱস্থাতে আইএএছৰ সা-সুবিধা বিচাৰি বিতৰ্কৰ গৰাহত পৰা মহাৰাষ্ট্ৰৰ এইগৰাকী বিষয়াৰ জালিয়াতিৰ খবৰে বিগত এপষেক ধৰি দেশৰ সংবাদ মাধ্যম উত্তপ্ত কৰি ৰাখিছে৷ ইটোৰ পাছত সিটো বিতৰ্ক আৰু জালিয়াতিৰ খবৰ পোহৰলৈ অহাৰ পাছত মঙলবাৰে প্ৰশিক্ষণৰত আইএএছ পূজা খেড়কৰৰ প্ৰশিক্ষণ স্থগিত কৰি দিয়া হৈছে৷ তদুপৰি পূজাক ‘লালবাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অৱ আইএএছ’লৈ (চমুকৈ আইএএছ একাডেমী) তলব জনোৱা হৈছে৷ 



যোৱা ৩ জুনত বিতৰ্কৰ সূচনা হোৱাৰ পৰা প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে পূজা খেড়কৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে, শিক্ষানবিচ আইএএছগৰাকীয়ে পুনেৰ জিলা উপায়ুক্ত সুহাষ দিৱাছেৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ তৰিছে৷ উল্লেখ্য, এইজন বিষয়ায়েই পূজাই ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বিষয়ে সবিশেষ জনাই মহাৰাষ্ট্ৰৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ পুনেত প্ৰশিক্ষণৰ বাবে যোগদানৰ পূৰ্বেই পূজাই তেওঁৰ বাবে পৃথক কেবিন, পৃথক গাড়ী ইত্যাদি বিচাৰিছিল, যিবোৰ সুবিধা শিক্ষানবিচ আইএএছৰ প্ৰাপ্য নহয়৷ তথাপি পূজাক এটা ব্যক্তিগত কেবিন আৰু গাড়ী দিয়া হৈছিল৷ কিন্তু সেই কেবিনৰ ভিতৰত ‘ৱাশ্বৰূম’ নথকাত তেওঁ কেবিনটো ল’বলৈ অস্বীকাৰ কৰে৷ পূজাৰ ঔদ্ধৰ্ত্যৰ সবিশেষ জিলা উপায়ুক্তই মুখ্য সচিবক জনোৱাত তেওঁক আপেক্ষিকভাৱে গুৰুত্বহীন এটা দায়িত্ব দি ৱাছিমলৈ বদলি কৰা হয়৷ তেতিয়াৰ পৰাই পোহৰলৈ আহে পূজাৰ বিতৰ্ক আৰু জালিয়াতিৰ তথ্য৷ 

প্ৰায় এপষেকৰ বিতৰ্কৰ অন্তত মুছৌৰিৰ আইএএছ একাডেমীয়ে অহা ২৩ জুলাইত পূজাক তলব কৰিছে৷ একে সময়তে পূজাৰ আইএএছৰ প্ৰশিক্ষণো বন্ধ কৰি দিছে একাডেমীয়ে৷ শিক্ষানবিচ বিষয়াগৰাকীৰ বিৰুদ্ধে একাধিক জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ ফলতে কেন্দ্ৰীয় চৰকাৰে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ পূজাৰ বিৰুদ্ধে উঠিছে ক্ষমতাৰ অপব্যৱহাৰ আৰু ভুৱা প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰি আইএএছ পোৱাৰ অভিযোগ৷ পূজাই মেডিকেল পঢ়াৰ সময়ত আৰু আইএএছ পৰীক্ষাৰ ক্ষেত্ৰত ক্ৰমে অ’বিচি সংৰক্ষণ আৰু শাৰীৰিক প্ৰতিবন্ধকতাৰ প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰিছিল৷ তেওঁ পুনেৰ আহমেদনগৰৰ কাশীভাই মেডিকেল কলেজত নামভৰ্তি কৰোতে অ’বিচিৰ প্ৰমাণ-পত্ৰ দাখিল কৰিছিল৷ তেওঁ জাতিগত সংৰক্ষণৰ যিটো শাখাত ভৰ্তি হৈছিল সেই ন’মাডিক ট্ৰাইব-৩ শাখা কেৱল বাঞ্জাৰা সম্প্ৰদায়ৰ বাবে সংৰক্ষিত৷ অথচ পূজা খেড়কৰ বাঞ্জাৰা সম্প্ৰদায়ৰ নহয়৷ তদুপৰি পূজাই মেডিকেল পঢ়োতে শাৰীৰিকভাৱে সম্পূৰ্ণ সক্ষম বুলি প্ৰমাণ-পত্ৰ দাখিল কৰিছিল৷ কিন্তু তেওঁ আই এ এছ পৰীক্ষাত শাৰীৰিক প্ৰতিবন্ধীৰ প্ৰমাণ-পত্ৰ দাখিল কৰি শাৰীৰিকভাৱে অক্ষম (বা বিশেষভাৱে সক্ষম) শাখাৰ সুবিধা গ্ৰহণ কৰে৷ এখন নহয়, পূজাই শাৰীৰিক প্ৰতিবন্ধী হিচাপে দাখিল কৰিছিল দুখন প্ৰমাণপত্ৰ৷ তাৰে এখন আছিল চকুৰ বিসংগতি সম্পৰ্কীয় আৰু আনখন আছিল মানসিকভাৱে সম্পূৰ্ণ সক্ষম নোহোৱাৰ প্ৰমাণপত্ৰ৷ কিন্তু ২০২২ চনত নিযুক্তিৰ পূৰ্বে এইমছত শাৰীৰিক পৰীক্ষাৰ বন্দোবস্ত কৰা হ’লেও কমেও ৬বাৰ পূজা সেই পৰীক্ষাত অনুপষ্ঠিত থাকে৷ তথাপি পূজাক কিদৰে নিয়োগ কৰা হ’ল বুলি সংবাদ মাধ্যমত প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছতে এতিয়া আইএএছ একাডেমীয়ে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি তেওঁৰ প্ৰশিক্ষণ স্থগিত ৰাখি একাডেমীলৈ তলব কৰিছে৷ ইতিপূৰ্বে পূজাই শাৰীৰিক প্ৰতিবন্ধকতাৰ এখন প্ৰমাণপত্ৰ বেচৰকাৰী হাস্পতালৰ পৰা দাখিল কৰিলেও সেই প্ৰমাণপত্ৰ ভুৱা বুলি অভিযোগ উঠিছে৷ আই এ এছৰ দৰে দেশৰ শীৰ্ষস্থানীয় আমোলা বাছনিৰ পৰীক্ষাত যে ইউপিএছচিতো সুৰুঙা আছে, পূজাৰ কাৰ্যকলাপে সেয়া উদঙাই দেখুৱাইছে৷