Logo
image

বাতবিষত আক্ৰান্ত হ’লে আখৰোট খাওক

আৰ্থাইটিছ বা বাত অস্থিসন্ধিৰ এটি গুৰুতৰ সমস্যা৷ এই ৰোগত আক্ৰান্ত হ’লে দেহৰ বিভিন্ন অস্থিসন্ধিত অসহ্য বিষ হয়৷ লগতে  অস্থিসন্ধি ফুলি উঠে৷ বহুতৰে ধাৰণা, বয়স বাঢ়িলেহে বাতবিষৰ সমস্যা হয়৷ কিন্তু এই ধাৰণা ভুল৷ যিকোনো বয়সতে বাতবিষ হ’ব পাৰে৷ বিশেষজ্ঞসকলৰ মতে কিছুমান খাদ্যই বাতবিষত অলপ হ’লেও সকাহ দিয়ে৷ উল্লেখ কৰা হ’ল তেনে কেতবোৰ খাদ্য–
- আদা-নহৰুত প্ৰদাহনাশক গুণ থাকে৷ সেয়ে নিতৌ আদা-নহৰু খালে বাতবিষ হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে৷ 
- সেউজীয়া পাচলিৰ ভিতৰত ব্ৰক্‌লি প্ৰদাহনাশক গুণেৰে সমৃদ্ধ৷ ইয়াত থকা ছালফ’ৰাফেনৰ দৰে একাধিক প্ৰদাহনাশক উপাদানসমূহে বাতবিষৰ সমস্যাত সকাহ দিয়াত সহায় কৰে৷ 
- আখৰোট খালেও বাতবিষ নিয়ন্ত্ৰণ হয়৷ আখৰোটত ওমেগা-৩ ফেটি এচিড থাকে৷ এইবিধ এচিডে বাতবিষৰ যন্ত্ৰণা কমোৱাত সহায় কৰে৷ 
- পালেং শাক খালেও বাতবিষৰ যন্ত্ৰণা কমে৷ পালেং শাকত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ ইয়াত থকা এণ্টি অক্সিডেণ্ট বাতবিষৰ যন্ত্ৰণা কমোৱাত খুবেই কাৰ্যকৰী৷
- শ্যামন আৰু ছাৰদিনৰ দৰে সামুদ্ৰিক মাছ বাতবিষৰ ক্ষেত্ৰত উপকাৰী৷ এইবোৰ মাছত ওমেগা-৩ ফেটি এচিড থাকে৷ লগতে  এনে মাছত প্ৰচুৰ পৰিমাণে ভিটামিন ‘ডি’ থাকে৷ ফেটি এচিড আৰু ভিটামিন ‘ডি’য়ে অস্থিসন্ধি ভালে ৰখাত সহায় কৰে৷



কোনবোৰ খাদ্যৰ পৰা আঁতৰি থাকিব–
- প্ৰক্ৰিয়াজাত মাংস আৰু ৰেড মীটে প্ৰদাহ বঢ়ায়৷ ফলত বাতবিষ বাঢ়ে৷ ৰেড মীট আৰু প্ৰক্ৰিয়াজাত মাংসত থকা ইণ্টাৰলিউকিন, চি-ৰিয়েক্টিভ প্ৰ’টিন আৰু হম’চিষ্টেইনৰ দৰে উপাদানসমূহে প্ৰদাহ বৃদ্ধি কৰে৷ ফলত বাতবিষৰ যন্ত্ৰণা দুগুণে বাঢ়িবলৈ ধৰে৷ 
- অত্যধিক সুৰাপানৰ অভ্যাসে বাতবিষৰ সমস্যা বঢ়ায়৷ এলক’হলে অষ্টিঅ’আৰ্থাইটিছৰ আশংকা বৃদ্ধি কৰে৷