Logo
image

ৰাজ্যত ‘অমৃতবৃক্ষ’ৰ বিশ্বৰেকৰ্ডৰ প্ৰহসনঃ ৬খন ব্যক্তিগত নাৰ্ছাৰীয়ে লৈ গ’ল ২৩ কোটি টকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ জুলাইঃ অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণে অসমক সেউজ কৰক বা নকৰক, কিন্তু একাংশ ব্যক্তিগত নাৰ্চাৰীৰ মালিকৰ যে পকেট গৰম হ’ল সেয়া স্পষ্ট হৈ পৰিছে৷ যি সময়ত অৰণ্য মানৱখ্যাত যাদৱ পায়েঙে বিনা পইচাৰে গছপুলি ৰোপণ কৰি বিশাল শুকান বালিৰ চাপৰিক সেউজ বনাঞ্চলৰ ৰূপ দিছে, ঠিক তেনে সময়তে অসম চৰকাৰে ৰাজকোষৰ পৰা ২৭.৫২ কোটি টকা ব্যয়ৰে অমৃত বৃক্ষ ৰোপণৰ গৰল কাহিনী পোহৰলৈ আহিছে৷ অসম চৰকাৰৰ এটা বিয়াগোম বন বিভাগ থকাৰ পাছতো ৰাজ্য চৰকাৰে ব্যক্তিগত নাৰ্চাৰীৰ পৰা কোটি কোটি টকাৰ গছপুলি ক্ৰয় কৰি অমৃত বৃক্ষ আন্দোলনক সফল কৰাৰ আন এক অধ্যায় উন্মোচন হৈছে৷ পলমকৈ হ’লেও ব্যক্তিগত নাৰ্চাৰীৰ পৰা গছপুলি ক্ৰয় কৰি অমৃত বৃক্ষৰ সফলতাৰ ঢাক-ঢোল বজোৱা এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে খোদ বন বিভাগে প্ৰকাশ কৰা প্ৰতিবেদনত৷ 

উল্লেখ্য, ৰাজ্য চৰকাৰে বিগত বৰ্ষৰ ছেপ্টেম্বৰত অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰ তথা বন বিভাগে ৰাজ্যৰ ৩৪খন জিলা সৰ্বমুঠ ৰ কোটি ১২ লাখ ৫২ হাজাৰ ২৭টা গছপুলি ৰোপণ কৰা বুলি দাবী কৰিছে৷ অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণৰ জৰিয়তে অসমে ৮টাকৈ গীনিজ ৱল্ডৰ্ ৰেকৰ্ড গঢ়িবলৈকো সক্ষম হৈছিল৷ এইখিনিলৈ সকলো ঠিকেই আছে যদিও অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণৰ নামত ৰাজকোষৰ পৰা ওলাই যোৱা ধনৰ হিচাপ জানিলে আপোনাৰো চকু কপালত উঠিব৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়াই আৰটিআইৰ জৰিয়তে কৰা প্ৰশ্নৰ উত্তৰত প্ৰধান মুখ্য বন সংৰক্ষক আৰু সামাজিক বনানীকৰণ কাৰ্যালয়ে সদৰী কৰা অনুসৰি অমৃত বৃক্ষ ৰোপণৰ নামত চৰকাৰে সৰ্বমুঠ ব্যয় কৰে ২৭,৫২,০৬,২৫০ টকা৷ সেই অনুসৰি ৰাজ্যৰ ৩৬খন জিলাত গছপুলি ৰোপণৰ নামত মুঠ ২৩ কোটি টকা ব্যয়ৰে ৰাজ্যৰ ৬খনকৈ ব্যক্তিগত নাৰ্চাৰী তথা ঠিকাদাৰী ফাৰ্মৰ ক্ৰয় কৰিছিল উক্ত গছপুলিসমূহ৷ স্বাভাৱিকতেই এতিয়া ঠিকাদাৰী ফাৰ্ম তথা ব্যক্তিগত নাৰ্চাৰীৰ পৰা ২৩ কোটি টকাৰে গছপুলি ক্ৰয় কৰাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ যদিহে বন বিভাগৰ হাতত পৰ্যাপ্ত গছপুলি নাছিল, তেনেহ’লে ছেপ্টেম্বৰৰ দৰে শুকান এটা মাহত ব্যক্তিগত নাৰ্চাৰীৰ পৰা ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি গছপুলি ক্ৰয় কৰি অমৃত বৃক্ষৰ আন্দোলন কৰাৰ কাৰণ কি বুলিও বিভিন্নজনে প্ৰশ্ন কৰিছে৷ 



আৰ টি আইৰ তথ্য অনুসৰি অমৃত বৃক্ষৰ নামত গুৱাহাটীৰ সমীপৱৰ্তীৰ ক্ষেত্ৰীৰ বিতৰ্কিত পুৰণি ডেফ’ডিল নাৰ্চাৰীয়ে সৰ্বাধিক ৮,০৮,৭৯,৬২৮ টকাৰ গছপুলি যোগান ধৰিছিল৷ তদুপৰি গছপুলি যোগানৰ নামত অখ্যাত মেচাৰ্ছ ভৌমিক এণ্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰী ফাৰ্মখনে ৬,১৫,৬১,২৯৭ টকা, মেচাৰ্ছ ৰহমান এণ্টাৰপ্ৰাইজে ৩,০৮,৪৫,২৩৪ টকা, মুনবুল নাৰ্চাৰীয়ে ২,৮৬,৩২,০৭৪ টকা, মেচাৰ্ছ এভাৰগ্ৰীন এণ্টাৰপ্ৰাইজে ১,৭৩,৪৬,৩৬৩ টকা আৰু মেচাৰ্ছ মধ্য অসম নাৰ্চাৰী এণ্ড আগৰউড ইণ্ডাষ্ট্ৰীয়ে ২,২৫,৩৯,০৬৯ টকা মোকলাই দিলে চৰকাৰে৷ লক্ষণীয় বিষয়টো হৈছে– অমৃত বৃক্ষ আন্দোলন সফল কৰাৰ বাবে চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলকো ১০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছিল৷ বিনিময়ত গছপুলি ৰোপণৰ মোবাইলৰ ছেল্‌ফী ৱেবছাইটত আপলোড কৰিব লাগিছিল৷ আত্মসহায়ক গোটলৈ চৰকাৰী অনুদানৰ আশাতে একাংশ মহিলাই সেই সময়ত গছপুলি ল’বলৈ পঞ্চায়তে পঞ্চায়তে ভিৰ কৰাও পৰিলক্ষিত হৈছিল৷ ইয়াৰ মাজতে বন বিভাগে লেৰেলি শুকাই যোৱা পুলি আৰু গছৰ পুলি বুলি ডালকে মাটিৰ পেকেটত গুজি দি বিতৰণ কৰাক লৈ একাংশ মহিলা ক্ষুব্ধ হৈ পৰাও দেখা গৈছিল৷ শেষ পৰিণতিত গছপুলি ৰোপণৰ পাছত কোনো চোৱাচিটাৰ ব্যৱস্থা নকৰাত অধিকাংশ স্থানতে গছপুলিসমূহ মৰি গৈছিল৷ গীনিজ ৱল্ডৰ্ৰ স্থলীতো অমৃত বৃক্ষৰ গছপুলিৰ আজিৰ দিনটোত কোনো অস্তিত্ব নাই যদিও বন বিভাগে ক্ষেত্ৰভিত্তিত জৰীপত ৯০ শতাংশ পুলি জীয়াই থকা বুলিহে দাবী কৰিছে৷ 

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়াই কয়– ‘চৰকাৰে অমৃত বৃক্ষৰ ১.১২ লাখ গছপুলি ৰোপণৰ নামত ৰাজকোষৰ পৰা ব্যয় কৰিলে ২৭.৫২ কোটি টকা৷ অৰ্থাৎ চৰকাৰে ৰোপণ কৰা বুলি দাবী কৰা প্ৰতিটো মৰহি যোৱা পুলি তথা ডালৰ বিপৰীতেও গড়ে প্ৰায় ২৫ টকাকৈ ব্যয় কৰিলে৷ কিন্তু বন বিভাগৰ হাতত যদি ৰোপণৰ বাবে কোনো গছপুলি নাছিলেই, তেনেহ’লে খৰখেদাকৈ ব্যক্তিগত নাৰ্চাৰীক ধনী কৰি ২৩ কোটি টকাৰে গছপুলি ক্ৰয় কৰাৰ উদ্দেশ্য কি আছিল? গছপুলিৰ নামত ৰাজকোষৰ পৰা ২৩ কোটি টকা দিয়া চৰকাৰে যদিহে এই ধন অৰণ্য মানৱ যাদৱ পায়েঙক দিয়া হ’লে, তেওঁ গোটেই অসমখনকে সেউজ কৰি দিলেহেঁতেন৷ হিমন্ত বিশ্ব শৰ্মাই গীনিজ ৱল্ডৰ্ ৰেকৰ্ড গঢ়িবলৈ ৰোপণ কৰা গছপুলিসমূহৰো আজিৰ তাৰিখত কোনো অস্তিত্ব নাই৷ অধিকাংশ স্থানতে ১০০ শতাংশ পৰ্যন্ত গছপুলি মৰি যোৱাৰ পাছতো এতিয়া বন বিভাগে ৯০ শতাংশ পুলি জীয়াই থকাৰ আজৱ তথ্য প্ৰকাশ কৰিছে৷ এই ২৭ কোটি টকীয়া গছপুলি ৰোপণৰ অমৃত বৃক্ষ আন্দোলনৰ আঁৰত যে দিছপুৰৰ সৈতে কোনো বণিয়াৰ কমিচনৰ গোপন বুজাবুজি আছিল সেয়া নক’লেও অনুমেয়৷