Logo
image

মুখ্যমন্ত্ৰীৰ সময় নাই, বিজেপিৰ অন্তৰ্কন্দলত দিশহাৰা ভৱেশ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জুলাইঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মতে ২০২৬ৰ আগষ্টলৈকে তেওঁ ৰাজনীতি নকৰে৷ যদিহে কেৱল ৰাজনীতিয়েই কৰি থাকে, তেন্তে উন্নয়নৰ কাম কেতিয়া কৰিব৷ তেওঁ কয় যে ২০২৬লৈকে ভগৱানে তেওঁক মুখ্যমন্ত্ৰীৰ আসনত ৰাখিছে, গতিকে এই সময়খিনিত ৰাজ্যখনৰ পৰিৱৰ্তনৰ কাম কৰিবই লাগিব৷ ইফালে, ৰাজ্যিক বিজেপিত চলি থকা বিসম্বাদ তথা একাংশ পুৰণি বিজেপিৰ নেতা-বিধায়ক কংগ্ৰেছ বা আন দললৈ যাবলৈ ওলোৱা বুলি অব্যাহত থকা চৰ্চা তথা পুৰণি বিজেপিৰ একাংশই অসম জনসংঘ গঠন কৰিব বুলি ওলোৱা কথাক লৈও নিৰুদ্বিগ্ন মুখ্যমন্ত্ৰী৷ মুখ্যমন্ত্ৰীৰ মতে ৰাজনৈতিক দলত অহা-যোৱা চলিয়েই থাকে৷ বিজেপিৰ পৰা কোনোবা ওলাই গৈ জনসংঘ গঠন কৰিলেও আপত্তি নাই৷ হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা, খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমানেই দল-সংগঠনৰ জন্ম, সিমানেই ভাল৷ 



অৱশ্যে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছ দলত কোনো নাথাকে, সকলো বিজেপিলৈ আহিব৷ ’২৬ৰ পূৰ্বে খালী হ’ব ৰাজীৱ ভৱন৷ বাজপেয়ী ভৱনত মুধচলৈকে অব্যাহত থকা বিসম্বাদৰ মাজতে মুখ্যমন্ত্ৰীৰ এই নুশুনো, নাজানো, নুবুজো স্থিতিয়ে বাৰুকৈ অস্বস্তিত পেলাইছে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাক৷ দিশহাৰা হৈ পৰিছে কলিতা৷ লক্ষণীয় যে ৰাজ্যত লোকসভাৰ নিৰ্বাচনৰ সময়ৰ পৰাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন বিধায়ক অশোক শৰ্মা, বিধায়ক মৃণাল শইকীয়া, অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য আদিয়ে বিভিন্ন সময়ত দলক অস্বস্তিত পেলোৱা কথা কৈ আহিছে যদিও আজিকোপতি সভাপতি ভৱেশ কলিতাই দলৰ বিসম্বাদী নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণটো বাদেই কাৰণ দৰ্শোৱাৰ জাননী এখনো দিব পৰা নাই৷ আনহাতে, অশোক শৰ্মাক দলৰ তৰফৰ পৰা শ্ব’কজ দিলেও কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে ভৱেশ কলিতাই৷ ইয়াৰ মাজতে উজনিত যুধিষ্ঠিৰ গগৈ, ড॰ ভৱেন মহন্তকে ধৰি প্ৰদেশ বিজেপিৰ জিলা পৰ্যায়ৰ কেইবাজনো প্ৰভাৱশালী নেতাই বিজেপি ত্যাগ কৰিছে৷ দলৰ এই খহনীয়া ৰুধিবলৈও অপাৰগ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী৷ 

ইয়াৰ মাজতে এক প্ৰকাৰে মুখ্যমন্ত্ৰীক বাইপাছ কৰি ভৱেশ কলিতাই ঘোষণা কৰিছে যে দলত যিসকল অসন্তুষ্ট, ক্ষোভ আছে তেওঁলোকৰ বাবে দলৰ মজিয়াত আলোচনাৰ দুৱাৰ খোলা আছে৷ সাংগঠনিক দিশত কোনোবাই কিবা কথা পাতিব বিচাৰিলে তেওঁ আলোচনাত বহিবৰ বাবে আগ্ৰহী৷ ইফালে, দলীয় বিসম্বাদীসকলক হিতোপদেশ দি সাংসদ দিলীপ শইকীয়ায়ো কয়– ‘যিটো উদ্দেশ্যত তেওঁলোকে (দলৰ বিদ্ৰোহীসকলে) বিজেপিত যোগ দিছিল, সেই স্থিতিতে অটল থাকক৷ বেলেগে মাগুৰ মাছ খালে বুলি হুলস্থূল কৰিব নালাগে৷’ অৱশ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দাবী কৰে যে বিজেপিত কোনো বিসম্বাদ নাই৷ দল-চৰকাৰ ঠিকেই চলি আছে৷ অশোক শৰ্মা বা আন কোনোবা কোন ক’ত থাকিব সেইটো তেওঁলোকৰ নিজৰ কথা৷ নতুনকৈ জনসংঘৰ গঠন হ’বই নোৱাৰে৷ ১৯৫১ চনত জনসংঘ গঠন হৈছিল৷ ড॰ শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় আদিয়েই জনসংঘৰ জন্ম দিছিল, সেই জনসংঘই এতিয়া বিজেপি হ’ল৷ গতিকে নতুনকৈ কোনো জনসংঘ হ’ব নোৱাৰে৷