Logo
image

ডিব্ৰুগড়মুখী ৰে’ল বাগৰিল উত্তৰপ্ৰদেশত, দুজন যাত্ৰী নিহত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ জুলাইঃ উত্তৰ প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় অসম অভিমুখী এখন যাত্ৰীবাহী ৰে’ল৷ বৃহস্পতিবাৰে দিনৰ ২.৩৭ বজাত ১৫৯০৪ নম্বৰৰ চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লখন উত্তৰ প্ৰদেশৰ মটিগঞ্জ আৰু ঝিলাহী ৰে’ল ষ্টচনৰ মাজৰ গোণ্ডা ষ্টেচনৰ সমীপত লাইনচ্যুত হৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ৰে’লখন৷ এটা বিস্ফোৰণৰ বিকট শব্দ কৰি লাইনচ্যুত হোৱা ৰে’লখনৰ কমেও ১৫টা ডবা ট্ৰেকৰ পৰা বাগৰি পৰে৷ দুৰ্ঘটনাটোৰ ফলত বৰ্তমানলৈ ২জন যাত্ৰীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে ৰে’ল মন্ত্ৰণালয়ে৷ দুৰ্ঘটনাটোত কমেও আন ২৫জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় প্ৰশাসন আৰু ৰে’ল কতৃৰ্পক্ষই ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ৰে’ল মন্ত্ৰণালয়ৰ ফালৰ পৰা মৃত আৰু আহত লোকৰ কোনো পৰিচয় ৰাজহুৱা কৰা নাই৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুজন যাত্ৰীৰ ভৰি ছিগি যোৱা বুলিও প্ৰত্যক্ষদৰ্শীয়ে বৰ্ণনা কৰিছে৷ চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী যাত্ৰীবাহী ৰে’লখনত অসমৰ বহু যাত্ৰী থকাত স্বাভাৱিতেই ৰাইজৰ মনত উৎকণ্ঠা বৃদ্ধি পাইছে৷ দুৰ্ঘটনাটোত ৰে’লখন এটা এচি ডবা অধিক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে৷ ফলত ডবাটোত থকা অধিকসংখ্যক যাত্ৰী হতাহত হোৱাৰ আশাংকা কৰা হৈছে৷ এই দুৰ্ঘটনাৰ পাছতে উত্তৰ-পূব সীমান্ত ৰে’লৱে কতৃৰ্পক্ষৰ ফালৰ পৰা অসম তথা উত্তৰ-পূব সংমণ্ডলৰ যাত্ৰীৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে৷ এন এফ ৰে’লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা হেল্পলাইন নম্বৰ কেইটাৰ অন্যতম হৈছে গোণ্ডা ৮৯৫৭৪০০৯৬৮, লক্ষ্ণৌ ৮৯৫৭৪০৯২৯২, গোড়খপুৰ– ০৫৫১২২০৮১৬৯, গুৱাহাটী ০৩৬১২৭৩১৬২১/৬২২/৬২৩, কামাখ্যা-০৩৬১-২৬৭০০৮৬, কোকৰাঝাৰ- ৯০৪৬০০৭০২৩, ডিব্ৰুগড়- ৯৯৫৭৫৫৫৯৬০৷ এন এফ ৰে’লৱে বুলেটিনত ইতিমধ্যে লক্ষ্ণৌ ডিভিজেনৰ ৰে’লৱে শীৰ্ষ বিষয়াৰ লগতে চিকিৎসকৰ দলে ঘটনাস্থলীত উপস্থিত হোৱা বুলিও সদৰী কৰিছে৷  দুৰ্ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে তদন্ত ঘোষণা কৰিছে ৰে’ল মন্ত্ৰণালয়ে৷ অৱশ্যে কি কাৰণত দ্ৰুতবেগী ৰে’লখন লাইনচ্যুত হ’বলগীয়া হ’ল সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ৰে’ল কতৃৰ্পক্ষই৷ অৱশ্যে ৰে’লখনৰ লক’ পাইলটে প্ৰকাশ কৰিছে যে প্ৰথমে এটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা পায়৷ ইয়াৰ পাছতেই ৰে’লখন কঁপিবলৈ আৰম্ভ কৰে আৰু লাইনচ্যুত হয়৷ ৰে’ল দুৰ্ঘটনাটোত মৃত যাত্ৰীৰ পৰিয়ালক ১০ লাখ টকা, গুৰুতৰভাৱে আহত যাত্ৰীৰ বাবে ২.প্ত লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্তসকলৰ বাবে ৫০ হাজাৰ টকা ঘোষণা কৰিছে ৰে’ল মন্ত্ৰণালয়ে৷  ইফালে দুৰ্ঘটনাটোৰ পাছতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সংশ্লিষ্ট বিষয়াসকলক উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে চিকিৎসাৰ সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ ডিব্ৰুগড় অভিমুখী চণ্ডীগড় এক্সপ্ৰেছ ৰে’লখনৰ দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইট যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ অসম চৰকাৰ পৰিস্থিতি নিৰীক্ষণত ৰখাৰ লগতে সংশ্লিষ্ট কতৃৰ্পক্ষৰ সৈতে যোগাযোগত থকাৰ কথাও ব্যক্ত কৰিছে৷ ইফালে দুৰ্ঘটনাটোৰ পাছতেই গোণ্ডাৰ মাজেৰে চলাচল কৰা একাধিক ৰে’লৰে যাত্ৰা পথ সলনি কৰা হৈছে৷ ইফালে পিটিআইৰ বাতৰি মতে দুৰ্ঘটনাটোত মুঠ ৪জন যাত্ৰীৰ মৃত্যু হৈছে৷ অনানুষ্ঠানিক খবৰ অনুসৰি ৰে’লখনত অসমৰ ৩৬জন যাত্ৰী আছিল৷ গৰিষ্ঠসংখ্যক যাত্ৰী ডিব্ৰুগড়, তিনিচুকীয়া আৰু লামডিঙৰ বুলি জানিব পৰা গৈছে৷ ইফালে এনএফ ৰে’লৱেই দুৰ্ঘটনাগ্ৰস্ত ৰে’লখনৰ ৬০০ যাত্ৰীক উদ্ধাৰ কৰি বিশেষ ৰে’লৰ জৰিয়তে গন্তব্য স্থানলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে৷


টিংখাঙৰ মুকুল ঘাটোৱাৰ আহত

ডিব্ৰুগড় অভিমুখী চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লখন দুৰ্ঘটনাৰ ফলত মৰাণৰ খোৱাং চাহ বাগিচাৰ মুকুল ঘাটোৱাৰ নামৰ লোকজন  আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে৷ ৰে’লখনত ছুপাৰভাইজাৰ হিচাপে কৰ্মৰত আছিল খোৱাং চাহ বাগিচাৰ ৩ নম্বৰ লাইনৰ মুকুল ঘাটোৱাৰ৷ ফোনযোগে পৰিয়াল আৰু সংবাদ মাধ্যমক দুৰ্ঘটনাটোৰ ভয়ংকৰ বিৱৰণ দি ৰে’ল বিভাগৰ কৰ্মচাৰীজনে জানিবলৈ দিয়া মতে দুৰ্ঘটনাগ্ৰস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছত ২০ জনৰো অধিক লোক নিহত হোৱাৰ সম্ভাৱনা আছে৷ বৰ্তমান ডিব্ৰুগড় অভিমুখী বিশেষ ৰে’লযোগে উভতি আহিছে ৰে’লকৰ্মীজন৷ ৰে’লখনত ডিব্ৰুগড়, তিনিচুকীয়া, শিমলুগুৰিৰ বহু যাত্ৰীৰ লগতে ৰে’ল কৰ্মচাৰীও আছিল বুলি মুকুল ঘাটোৱাৰে জানিবলৈ দিয়ে৷