Logo
image

ডেংগু, জাপানিজ এনকেফেলাইটিছে ছানি ধৰিছে ৰাজ্য, মৃত ৩০

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ জুলাইঃ বান বিভীষিকাৰ পাছতেই বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱে সমগ্ৰ ৰাজ্যতে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে৷ বান শুকালেও বাঢ়নী পানীত প্লাৱিত অঞ্চলসমূহত বিভিন্ন ৰোগে যমৰ-যাতনা ভোগাইছে সৰ্বসাধাৰণ ৰাইজক৷ বিশেষকৈ মহৰ পৰা সংক্ৰমণ হোৱা মেলেৰিয়া, ডেংগু, জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছসদৃশ ৰোগে কালৰূপ ধাৰণ কৰিছে বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাতে৷ জাপানিজ এনকেফেলাইটিছ, এনকেফেলাইটিছ সদৃশ, মেলেৰিয়া আৰু ডেংগুত ৰাজ্যত প্ৰায় ৩০জন লোকৰ মৃত্যু হৈছে৷ চৰকাৰী তথ্য মতে জাপানিজ এনকেফেলাইটিছত ৰাজ্যত ১০জন লোকৰ মৃত্যু হৈছে৷ ৰাজ্যত জাপানিজ এনকেফেলাইটিছতে মুঠ ১৮৭জন লোক আক্ৰান্ত হৈছে৷ আনহাতে, মেলেৰিয়াত আক্ৰান্ত ৭৪জনক জি এম চি এইচত চিকিৎসা প্ৰদান কৰাৰ  বিপৰীতে ১৪জনৰ মৃত্যু হৈছে৷ ইফালে, ডেংগীত আক্ৰান্ত ১৪জন ৰোগীকো জি এম চি এইচত চিকিৎসা প্ৰদান কৰা হৈছে৷ ডেংগীত আক্ৰান্ত এজন ৰোগীৰ ইতিমধ্যে মৃত্যুও হৈছে৷ এনকেফেলাইটিছসদৃশ ৰোগত চলিত বৰ্ষত ৭৯০জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৩জন ৰোগীৰ মৃত্যু হৈছে৷ 



ইফালে, স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত লখিমপুৰত সৰ্বমুঠ ৪৭জন লোক আক্ৰান্ত হৈছে৷ বিপৰীতে বৰ্তমান  নলবাৰীত ৪০জন, নগাঁৱত ৪৩জন, শোণিতপুৰত ৪০জন, ধুবুৰীত ৪৭জন, ধেমাজিত ৩৬জন, শিৱসাগৰত ৩১জন, বৰপেটাত ৩৩জন, কামৰূপত ২৩জন, যোৰহাটত ৪০জন, কামৰূপ মহানগৰত ৪০জন, কাছাৰত ৩১জন, চৰাইদেউত ১৯জন, দৰঙত ২৭জন, বঙাইগাঁৱত ১১জন, গোৱালপাৰাত ১৪জন, কৰিমগঞ্জত ১২জন, তিনিচুকীয়াত ২৭জন, মাজুলীত ৬জন, ওদালগুৰিত ৮জন আক্ৰান্ত হৈছে৷ বানৰ পাছতেই বাহকজনিত ৰোগৰ অধিক সংক্ৰমণ আৰম্ভ হৈছে৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে জুলাই আৰু আগষ্ট মাহত বাহকজনৰ ৰোগৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পায়৷ উল্লেখ্য, বিগত ১ এপ্ৰিলৰ পৰা এই পৰ্যন্ত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছে ২৪জন ৰোগী৷ আনহাতে, চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান চিকিৎসাধীন হৈ আছে ১২জন ৰোগী৷ এই তথ্য জনাইছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক অভিজিৎ শৰ্মাই৷ জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত চিকিৎসাধীন ৰোগীসকলৰ ভিতৰত দুজনৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই৷ ৰাজ্যখনত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বিগত বছৰবোৰত বহু লোকৰ মৃত্যু ঘটিছে৷ বিগত ২০১৬১ পৰা ২০২৩ চনলৈ ৪ বছৰত ৰাজ্যত জাপানিজ এনকেফেলাইটিছত মৃত্যু হৈছে ৬৫৫জন লোকৰ৷ অৰ্থাৎ অসমত এই ৰোগত গড়ে বছৰি ৪১জন মৃত্যু হয়৷