Logo
image

পুনৰ ৰাষ্ট্ৰপতি হোৱাৰ আশা এৰিছে বাইডেনে

নতুন দিল্লী, ১৯ জুলাইঃ পুনৰ ৰাষ্ট্ৰপতি হোৱাৰ আশা এৰিছে জো বাইডেনে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন সম্প্ৰতি ক’ভিডত আক্ৰান্ত হৈছে৷ ফলত নিজৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ নকৰাকৈয়ে নিভৃতিবাসত যাবলগীয়া হৈছে তেওঁ৷ উল্লেখ্য যে কিছুদিনৰ পৰা ৰাষ্ট্ৰপতি বাইডেনৰ বয়স আৰু শাৰীৰিক সক্ষমতাক লৈ নিজ দলতে প্ৰশ্ন উত্থাপন হৈ আহিছে৷ এনেক্ষেত্ৰত নিজৰেই একাংশ সমৰ্থকে তেওঁক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰি আহিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ কিন্তু ইয়াৰ বিপৰীতে বাইডেনে স্বাস্থ্য বেয়া হ’লে নিজেই নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰি যাব বুলি কয়৷ বাইডেনৰ এই ইংগিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে কমলা হেৰিচ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পথ প্ৰশস্ত কৰিলে বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে৷ 



একেদৰে নিৰ্বাচনী প্ৰচাৰতো বাইডেনতকৈ ট্ৰাম্পৰ অগ্ৰগতি অধিক হোৱা দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য, ট্ৰাম্পৰ সৈতে শেহতীয়াকৈ এটা টেলিভিছন বিতৰ্কত বাইডেনৰ কেতবোৰ অসংলগ্ন আৰু অস্পষ্ট আচৰণো দেখিবলৈ পোৱা যায়৷ ইয়াৰ পাছতে নিজ দলৰেই একাংশই তেওঁক অহা নৱেম্বৰ মাহত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰি আহিবলৈ পৰামৰ্শ আগবঢ়ায়৷ ইমানদিনে বাইডেনে এইক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও শেহতীয়াকৈ নিজৰ শাৰীৰিক অৱস্থালৈ চাই তেওঁ নিৰ্বাচনৰ পৰা আঁতৰি আহিব পাৰে বুলি ইংগিত প্ৰদান কৰিছে৷ বাইডেনৰ এই ইংগিতৰ লগে লগে ড’নাল্ড ট্ৰাম্প বা কমলা হেৰিছৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পথ প্ৰশস্ত হৈ পৰা বুলি বিবেচিত হৈছে৷