Logo
image

নিশা পলমকৈ খালে হ’ব পাৰে এই সমস্যা

আমাৰ অসম বিশেষঃ কৰ’না ভাইৰাছৰ বাবে বহুতৰে জীৱনশৈলী সলনি হৈছে৷ বহুলোক স্বাস্থ্যৰ প্ৰতি সচেতন হৈ উঠিছে৷ কিন্তু ইয়াৰ বিপৰীতে আন একাংশ লোক আকৌ নিজৰ অজ্ঞাতে সোমাই পৰিছে বদঅভ্যাসত৷ যিসকলে চাকৰি কৰে তেওঁলোকৰ অধিকাংশই কৰ’নাকালত ঘৰৰ পৰাই কাম কৰাৰ সুযোগ লাভ কৰিছে৷ অফিচলৈ যাব নালাগে বুলিয়েই একাংশ লোকে পুৱা শোৱাৰ পৰা সোনকালে সাৰ নোপোৱাটো অভ্যাসত পৰিণত হৈছে৷ আন একাংশৰ আকৌ নিশা বহু দেৰিকৈ খাদ্যগ্ৰহণ কৰাৰ অভ্যাস গঢ়ি উঠিছে৷ এইক্ষেত্ৰত জানি থোৱা দৰকাৰ যে নিশাৰ আহাৰত পলম হ’লে স্বাস্থ্যৰ বিভিন্ন ক্ষতিসাধন হ’ব পাৰে৷ যেনে– 

১] ওজন বৃদ্ধিঃ নিশাৰ ভাগত হজম শক্তিত মন্থৰতা আহি পৰে৷ সেয়েহে খাদ্যৰ হজমত পলম হ’লে অতিৰিক্ত ওজন বৃদ্ধি পোৱাৰ আশংকা থাকে৷

২] নিদ্ৰাত সমস্যাঃ নিশা বহু দেৰিলৈকে উজাগৰে থাকিলে ভোক বৃদ্ধি পায়৷ এনে অৱস্থাত কাষতে যি খাদ্য পোৱা যায় তাকে গ্ৰহণ কৰি বহুতেই ভোগ আঁতৰায়৷ গৱেষণা মতে, গভীৰ নিশা স্নেক্সজাতীয় খাদ্য গ্ৰহণ কৰিলে নিদ্ৰা শক্তি হ্ৰাস পায়৷ তদুপৰি গেছৰ সমস্যাই দেখা দিয়ে৷

৩] ৰক্তচাপ বৃদ্ধিঃ নিশা পলমকৈ খাদ্য গ্ৰহণৰ অভ্যাসে ৰক্তচাপ বৃদ্ধি কৰাৰ লগতে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে৷ যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷ সেয়ে ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিবলৈ নিশা সোনকালে আৰু একেটা সময়তে খাদ্য গ্ৰহণ কৰা দৰকাৰ৷

৪] বিৰক্তিভাৱ বাঢ়েঃ পলমকৈ খাদ্য গ্ৰহণ কৰা অভ্যাসে বিৰক্তিৰ ভাৱ বঢ়ায়৷ কিয়নো পলমকৈ খাদ্য গ্ৰহণ কৰা মানে পলমকৈ শুবলৈ যোৱা৷ ফলত পৰ্যাপ্ত মাত্ৰাৰ টোপনি নহ’লে মানসিক স্বাস্থ্যত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে৷ মস্তিষ্কই পৰ্যাপ্ত বিৰতি লাভৰ পৰা বঞ্চিত হয়, এনে অৱস্থতাত বিৰক্তিৰ ভাৱ বাঢ়ে৷