Logo
image

কেদাৰনাথত ভয়ংকৰ দুৰ্ঘটনাঃ ৩ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ কেদাৰনাথৰ গৌৰীকুণ্ডৰ পদপথত দেওবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷ পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে  ৫ জন লোক গুৰুতৰভাৱে আহত  হয়। এই দুৰ্ঘটনাৰ পাছত পদপথত আৱব্দ হৈ থকা যাএীসকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে৷



বৰষুণৰ ফলত পাহাৰবোৰত প্রায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। যাৰ ফলত প্রশাসনে ধাৰণা কৰিছে যে বৰষুণৰ ফলত ভূমিস্খলন হোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। ৰুদ্ৰপ্রয়াগ জিলাৰ দুযোর্গ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে কয় যে দেওবাৰে পুৱা প্ৰায় ৭.৩০ বজাত গৌৰীকুণ্ড- কেদাৰনাথ ট্ৰেকিং পথৰ চিৰবাচা অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দলে উদ্ধাৰ আৰু সাহায্যৰ বাবে ঘটনাস্থলীত উপস্থিত হয়। লগতে বিষয়াজনে জনাইছে যে এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা ৩ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে ৫ জন লোকৰ অৱস্থা সংকটজনক।