Logo
image

ৰামায়ণৰ পৰা কিমান আয় কৰিছিল দূৰদৰ্শনে

১৯৮৭ চন৷ ২৫ জানুৱাৰীত দূৰদৰ্শনে সম্প্ৰচাৰ আৰম্ভ কৰিছিল ৰামায়ণ৷ ৰামায়ণৰ নিৰ্মাতা আছিল ৰামানন্দ সাগৰ৷ শ্ৰীৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল অৰুণ গোভিল আৰু  সীতাৰ চৰিত্ৰত দীপিকা চিকালিয়াই৷ ৰামায়ণ নিৰ্মাণ কৰাৰ আগতে ৰামানন্দ সাগৰে নিৰ্মাণ কৰিছিল ‘বিক্ৰম-বেতাল৷’ বিক্ৰম আৰু বেতাল জনপ্ৰিয় হোৱাৰ পাছতে ৰামায়ণ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয় ৰামানন্দই৷ ৰামায়ণ সম্প্ৰচাৰ হোৱাৰ সময়ত কেৱল টিভি দূৰৰে কথা বহুতৰ ঘৰত টিভিয়ে নাছিল৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে চাইছিল ৰামায়ণ৷ আনকি ধাৰাবাহিকখনে গীনিছ বুক অৱ ৱল্ডৰ্ ৰেকাৰ্ডছত স্থান লাভ কৰিছিল৷



সেই সময়ত বিক্ৰম-বেতালৰ প্ৰতিটো এপিছডত খৰচ হৈছিল ১ লাখ টকা আৰু ৰামায়ণৰ প্ৰতিটো এপিছডত খৰচ হৈছিল ৯ লাখ টকা৷ যিটো আজিৰ দিনত হ’বগৈ ৯০ লাখ টকা৷ অৰ্থাৎ প্ৰতিটো এপিছডত খৰচ হয় আজিৰ সময়ৰ প্ৰায় ১ কোটি টকা৷ সেই সময়ত স্পনছৰ হিচাপে প্ৰথমে আগবাঢ়ি আহিছিল কলগেট৷ পৰৱৰ্তী সময়ত হিন্দুস্তান লিভাৰে স্পনছৰ আগবঢ়াইছিল৷ ৰামায়ণৰ সম্প্ৰচাৰৰ বাবদ নব্বৈ দশকতে দূৰদৰ্শনে লাভ কৰিছিল ২৩ কোটি টকা৷ বৰ্তমানৰ হিচাপত ২৫০ কোটি টকা আয় কৰিছিল দূৰদৰ্শনে৷ যি সময়ত ৰামায়ণ প্ৰথম সম্প্ৰচাৰ হৈছিল সেই সময়ত ৪ কোটি মানুহে এই মেগা ধাৰাবাহিকখন উপভোগ কৰিছিল৷ বিবিচিৰ এক সমীক্ষা মতে, ৫০ খনৰো অধিক দেশত আটাইতকৈ অধিক চোৱা শ্ব’টোৱে হ’ল ৰামায়ণ৷ বিশ্বজুৰি ৬৫ কোটিৰো অধিক লোকে ৰামায়ণ চাইছিল৷ ২০২০ চনত লকডাউনৰ সময়ত পুনৰ ৰামায়ণ সম্প্ৰচাৰ কৰিছিল দূৰদৰ্শনে৷ সেইবাৰো ব্যাপক সঁহাৰি পাইছিল ৰামায়ণে৷