Logo
image

'আমাৰ অসম'ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাক দি পি আৰ চি বঁটা প্ৰদানঃ জে পি দাস, ডাঃ পংকজ অধিকাৰীকো বঁটা প্ৰদান

'আমাৰ অসম'ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি, ২০ জুলাইঃ 'আমাৰ অসম'ৰ কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক দেওবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ২০২৪ বৰ্ষৰ দি পি আৰ চি বঁটা। উত্তৰ পূৱৰ অগ্ৰণী ফিজিঅ’থেৰাপী প্ৰতিষ্ঠান দিগন্তজ ফিজিঅ’থেৰাপী এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ চমুকৈ দি পি আৰ চিৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে নলবাৰী জিলা পুথিভঁৰাল পেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকজনক সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০২৪ বৰ্ষৰ দি পি আৰ চি সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। 



আনহাতে এই অনুষ্ঠানতে চিকিৎসা ক্ষেত্ৰৰ বাবে বিশিষ্ট চৰ্ম ৰোগ বিশেষজ্ঞ ডাঃ পংকজ অধিকাৰী আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বাবে যশস্বী সংগীত শিল্পী জে পি দাসকো দি পি আৰ চি বঁটা প্ৰদান কৰা হয়৷ উল্লেখ্য যে প্ৰতি বছৰে দি পি আৰ চিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ সংবাদ, কলা-সংস্কৃতি আৰু স্বাস্থ্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তিনি গৰাকীকৈ ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে। 

ইফালে, বঁটা গ্ৰহণ কৰি দিয়া ভাষণত জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই সাংবাদিকতা জগতত কিদৰে প্ৰৱেশ কৰিলে সেই সন্দৰ্ভত উল্লেখ কৰে। নৱম শ্ৰেণীৰ পৰাই সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ পৰা বুলি উল্লেখ কৰি সাংবাদিকতা জীৱনৰ লক্ষ্য নাছিল বুলিও উল্লেখ কৰে বিশিষ্ট কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ গৌতম শৰ্মাই। '৯৭ চনৰ পৰা 'আমাৰ অসম' কাকতত জড়িত হৈ পৰা বুলিও তেওঁ ভাষণ প্ৰসংগত কয়।  

এই অনুষ্ঠানতে নলবাৰীৰ ১২ গৰাকী বিশিষ্ট ব্যক্তিকো দি পি আৰ চিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত বাৰ্ষিক মুখপত্ৰ
স্মৰণিকা ’ফিনিক্স’ উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱাই গীত পৰিৱেশন কৰি শ্ৰোতা দৰ্শকক আপ্লুত কৰে। দি পি আৰ চিৰ অধ্যক্ষ দিগন্ত দাসৰ মাতৃ ডালিমী দাসে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত নকুল দাস আৰু তৃষাৰাণী দাসে লোকগীত পৰিবেশন কৰে৷ বিশিষ্ট মুকাভিনেতা জ্যোতিশ্ৰী আৰ ইউ বৈশ্য আৰু কংকন তালুকদাৰে প্ৰদৰ্শন কৰা মুকাভিনয়ে সকলোকে আপ্লুত কৰে৷