Logo
image

আহোম এজন মন্ত্ৰী হোৱাত বেয়া পাইছে গৌৰৱে!

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুলাইঃ সাংসদ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই৷ মাৰ্ঘেৰিটাই দেওবাৰে দিল্লীত এখন সংবাদমেল আয়োজন কৰি কয়– ইমান জ্যেষ্ঠ নেতা থাকোঁতেও মই নতুন বিজেপি হিচাপে কেনেকৈ মন্ত্ৰিত্ব লাভ কৰিলোঁ, সেই প্ৰশ্নৰ অৱতাৰণা কৰা সাংসদ গৌৰৱ গগৈক মনত পেলাই দিব খোজো যে তেওঁৰ জন্মৰ পূৰ্বেই এন এছ ইউ আই কৰা জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ বিদ্যালয়ত থকাৰ পৰা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন থকাৰ পাছতো গৌৰৱ গগৈ লোকসভাত কংগ্ৰেছৰ উপ দলপতি হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেকিবুদ্দিন আহমেদ আৰু ৰকিবুল হুছেইনক সুধি মন্ত্ৰিত্বৰ তালিকা নবনায়, এগৰাকী গৌৰৱী আহোমে মন্ত্ৰীসভাত স্থান পাওঁতে অন্ততঃ আহোম সম্প্ৰদায়ৰ হোৱা বাবে গৌৰৱ গগৈয়েও ৰাজনৈতিকভাৱে নহ’লেও আবেগিকভাৱে ভাল পাব বুলি আশা কৰিছিলো৷ কিন্তু কাৰ্যত সেয়া হৈ নুঠিল৷ আহোম এজন মন্ত্ৰী হোৱাত বেয়া পাইছে গৌৰৱ গগৈয়ে৷ শেহতীয়াকৈ কেইটামান দিনৰ পৰা কংগ্ৰেছ দলটোৱে হঠাৎ উজনি অসমত চাহ বাগানৰ লোকসকলৰ প্ৰতি দৰদ দেখুৱাবলৈ আৰম্ভ কৰিছে৷ কংগ্ৰেছ দলটোৱে চাহ জনগোষ্ঠীৰ বাবে কি কাম কৰিছে, সেয়া আৰু অসমৰ ৰাইজক জনোৱাৰ প্ৰয়োজন নাই৷ যদিহে চাহ জনগোষ্ঠীৰ লোকৰ প্ৰতি কংগ্ৰেছ দলৰ ইমানেই মৰম আছে, তেনেহ’লে ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ সলনি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰক কিয় প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে? বিধানসভা নিৰ্বাচনত চাহ জনগোষ্ঠীৰ জ্যেষ্ঠ নেতা ৰাজু চাহুৰ সলনি নতুনকৈ কংগ্ৰেছত যোগদান কৰা যুৱক এজনক কিয় টিকট দিছিল? কংগ্ৰেছ দলে চাহ জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ তালিকাখন বহুত দীঘলীয়া৷ কংগ্ৰেছৰ যদি এতিয়াও তেওঁলোকৰ নিৰ্বাচনৰ ফলাফল ভাল বুলি ভাবিছে, তেন্তে এনে ভাল দিন তেওঁলোকৰ সদায় চলি থাকক৷ তদুপৰি অসমখনক ভাগ ভাগ নকৰিবলৈ কংগ্ৰছ দলক আহ৩ান জনায় মন্ত্ৰীজনে৷ ইপিনে বিজেপি দলে কোনো নিৰ্দিষ্ট ব্যক্তিক লৈ ব্যস্ত নহয় বুলি মন্তব্য কৰি মন্ত্ৰী মাৰ্ঘেৰিটাই গৌৰৱ গগৈয়ে প্ত বছৰে কলিয়াবৰ সমষ্টিত একো কাম নকৰাৰ কথাও উল্লেখ কৰে৷ 



মাৰ্ঘেৰিটাই কয় যে বিগত লোকসভা নিৰ্বাচনত বিজেপি দলে ৰাজ্যখনৰ ৯৩টা বিধানসভা সমষ্টিত জয়লাভ কৰা বুলি মন্তব্য কৰি মাৰ্ঘেৰিটাই কয় যে কংগ্ৰেছ দলটো ৩০ টাতকৈও কম আসনত সংকুচিত হৈ পৰিছে৷ অসমত যেতিয়াই আমাৰ খিলঞ্জীয়া ভনী এটা বিশেষ সম্প্ৰদায়ৰ লাভ জেহাদৰ বলি হয়, আক্ৰমণৰ বলি হৈ মৃত্যু পৰ্যন্ত হয়, তেতিয়াই কংগ্ৰেছ দলটোৱে এই বিশেষ সম্প্ৰদায়ৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে, তেওঁলোকৰ সপক্ষে যুক্তি দিয়ে৷ অসমৰ ৰাইজে কংগ্ৰেছ দলৰ এই স্বভাৱ সম্পূৰ্ণৰূপে চিনি পাইছে৷ বিজেপিৰ দল আৰু চৰকাৰৰ নিজস্ব ধাৰণা আৰু কাম আছে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দলৰ নেতৃত্বই এই সন্দৰ্ভত সিদ্ধান্ত ল’ব৷ তাৰ বাবে গৌৰৱ গগৈয়ে বেয়া পাব নালাগে৷ এই ধাৰণাই গান্ধীবাদক ক্ষতি নকৰে৷ দ্বিতীয় কথা জ্যেষ্ঠতাৰ কথা যদি ইমানে চিন্তা কৰে গৌৰৱ গগৈক স্পষ্টভাৱে এটা কথা ক’ব বিচাৰো যে গৌৰৱ গগৈৰ জন্ম হোৱাৰ আগতেই এন এছ ইউ আইৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দলৰ প্ৰতি সেৱা  আগবঢ়াইছে৷ তেওঁ উপ-দলপতি পদটো প্ৰদ্যুৎ বৰদলৈক এৰি নিদিলে কিয়? অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিছে ৰকিবুল হুছেইনে৷ গৌৰৱ গগৈক স্কুলত পঢ়ি থাকোতেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন৷ জ্যেষ্ঠতাৰ কথা যদি আছে তেওঁ এতিয়াও বিৰোধী উপদলপতি পদটো তেওঁৰ জন্মৰ আগতে কংগ্ৰেছ কৰা লোকক এৰি দিয়ক৷ নহ’লে যুক্তিহীন কথা কৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা নকৰিব৷ কংগ্ৰেছে চাহ জনগোষ্ঠীৰ বাবে কি কৰিলে, কি নকৰিলে সমগ্ৰ অসমবাসীয়ে জানে৷ যদি চাহ জনগোষ্ঠীৰ প্ৰতি তেওঁলোকৰ সদভাৱ আছে দল-মত নিৰ্বিশেষে শ্ৰদ্ধেয় নেতা পৱন সিং ঘাটোৱাৰক ডিব্ৰুগড়ত কিয় টিকট নিদিলে? পৱন সিং ঘাটোৱাৰক নিদি ডিব্ৰুগড়ত কিয় লুৰীণজ্যোতি গগৈক টিকট দিলে৷ তেতিয়া চাহ জনগোষ্ঠীপ্ৰীতি বা জ্যেষ্ঠতাৰ কথা অহা নাছিল৷ ৰাজু চাহুও এজন জ্যেষ্ঠ নেতা৷ তেওঁক কিয় টিকট নিদিলে? এই তালিকা বহুত দীঘলীয়া৷ ৰূপেশ গোৱালাক কিয় বাৰম্বাৰ অপমান কৰিছে? কেৱল আদিবাসী চাহ জনগোষ্ঠীৰ হোৱা বাবে কিয় শান্তিয়াচ কুজুৰক সাক্ষাতে দিয়া নাছিল? তেওঁক আপোনালোকে লগেই নকৰে৷ চাহ জনগোষ্ঠীৰ জ্যেষ্ঠ একোজন নেতাক আঁতৰাই নিদিষ্ট একোটা এলেকাৰ মানুহক সন্তুষ্ট কৰিবলৈ যি ধৰণৰ কাম কৰিছে সেয়া জলজল পটপট হৈ আছে৷ উল্লেখ্য, কংগ্ৰেছৰ জনপ্ৰিয় নেতা, সাংসদ গৌৰৱ গগৈয়ে কৈছিল চাহ জনগোষ্ঠীৰ নেতাক বেয়া পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷