Logo
image

শৰীৰ চৰ্চা নকৰাকৈ নিজকে ফিট্‌ ৰখাৰ উপায় দিলে অভিনেতা মাধৱনে

দাক্ষিণাত্যৰ অভিনেতা মাধৱন বলীউডতো সমানেই জনপ্ৰিয়৷ বিশেষকৈ চয়তান নামৰ ছবিখনত খলনায়কৰ চৰিত্ৰত কৰা অসাধাৰণ অভিনয়ৰ বাবে মাধৱন সৰ্বত্ৰে প্ৰশংসিত হৈ পৰিছিল৷ এইজন অভিনেতাই শৰীৰ চৰ্চা নকৰাকৈ কিদৰে নিজক ফিট্‌ ৰাখিব পাৰি তাৰ কেইটামান উপায় আগবঢ়াইছে৷ এক সাক্ষাৎকাৰত অভিনেতাজনে ‘ইণ্টাৰমিটেণ্ট ফাষ্টিং’ ডায়েট কৰি অতিৰিক্ত ওজন কমাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে৷ ইয়াৰ পাছতে অভিনেতা মাধৱনৰ এই বিশেষ ডায়েটিঙক গুৰুত্বসহকাৰে লৈ বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়েও ওজন কমাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ইণ্টাৰমিটেণ্ট ফাষ্টিঙত খাদ্যৰ ক্ষেত্ৰত বিশেষ কোনো বাধানিষেধ নাথাকে৷ সেয়ে শৰীৰ চৰ্চা নকৰাকৈ ওজন কমোৱাৰ এই পদ্ধতি শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছে৷ ইণ্টাৰমিটেণ্ট ফাষ্টিং ডায়েট দিনটোৰ এটা নিৰ্দিষ্ট সময়ত গ্ৰহণ কৰিব লাগে৷ বাকীখিনি সময় উপবাসে থকা হয়৷ 



২০২২ চনত মাধৱনে ‘ৰকেট্ৰী’ নামৰ ছবিখনত অভিনয় কৰাৰ বাবে ভালেখিনি ওজন বৃদ্ধি কৰিবলগীয়া হৈছে৷ মাধৱনে কয়– মোৰ স্বাস্থ্যৰ পক্ষে যিবোৰ খাদ্য ভাল, মই সেই খাদ্যই খাইছিলো৷ কিন্তু কোনোধৰণৰ শৰীৰ চৰ্চা বা অস্ত্ৰোপচাৰ নকৰাকৈ বা ঔষধ নোখোৱাকৈ মই অতিৰিক্ত ওজন মাত্ৰ ২১ দিনতে কমাবলৈ সক্ষম হৈছো৷ এইক্ষেত্ৰত তেওঁ নিজৰ খাদ্যৰ ৰুটিনৰ বিষয়ে উল্লেখ কৰে৷ সন্ধিয়া ৬-৪৫ বজাৰ পাছত মাধৱনে যিকোনো খাদ্য খোৱাৰ পৰা বিৰত আছিল৷ তদুপৰি বিয়লি ৩ বজাৰ পাছত কোনোধৰণৰ কেঁচা খাদ্য খোৱা নাছিল৷  ঘৰত ৰন্ধা খাদ্যৰ বাহিৰে আন কোনো খাদ্য গ্ৰহণ কৰা নাছিল৷ নিচেই পুৱা শুই উঠি কিছুসময় খোজ কাঢ়িছিল৷ ৰাতি যিমান পৰা যায় সোনকালে শুইছিল৷ পুৱাৰ ডেৰ ঘণ্টা আগৰ পৰা ফোন, টিভি, লেপটপৰ পৰা আঁতৰত থাকিছিল৷ ডায়েট চলি থকা দিনকেইটা বিভিন্ন ধৰণৰ স্বাস্থ্যসন্মত পানীয়ৰ লগতে পানী বেছিকৈ খাইছিল৷ একেদৰে দৈনিক খাদ্য তালিকাত ৰাখিছিল প্ৰচুৰ পৰিমাণে শাক-পাচলি৷  এনে ডায়েটেৰে মাত্ৰ ২১ দিনৰ ভিতৰতে মাধৱনে শৰীৰ চৰ্চা অবিহনে অতিৰিক্ত ওজন কমাই নিজকে ফিট্‌ ৰাখিছে৷ 

ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিলে কি কি উপকাৰ হয়ঃ 
১) এই ডায়েটে টাইপ-২ ডায়েবেটিছৰ আশংকা হ্ৰাস কৰাত সহায় কৰে৷ 
২) এই ফাষ্টিঙে অক্সিডেটিভ ষ্টে˜ছ কমোৱাত সহায় কৰে৷ ফলত স্মৃতি শক্তি বাঢ়ে৷
৩) হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে ইণ্টাৰমিটেণ্ট ফাষ্টিং ডায়েটে৷