Logo
image

৩ দিনত উপার্জন ১.২৪ কোটি টকাঃ তথাপিও আন এক সংকটৰ সন্মুখীন 'বিদুৰভাই'

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ২৩ জুলাইঃ 'বিদুৰভাই' শীৰ্ষক বহুচৰ্চিত ব্যংগাত্মক অসমীয়া হাস্যমধুৰ চলচ্চিত্ৰখনে ১৯ জুলাইত ৰাজ্যজুৰি মুক্তি লাভ কৰে। 'বিদুৰভাই'ৰ মুক্তিৰ তিনি দিনৰ পাছত ৰাজ‍্যজুৰি খলকনি তুলিবলৈ সক্ষম হয়। তদুপৰি মুক্তিৰ তিনিদিন পাছতে ছবিজনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰি  ১.২৪ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হয়। অসমীয়া ছবি জগতৰ ইতিহাসত 'বিদুৰভাই' ছবিখনে এক নতুন মাত্ৰা কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ প্ৰতি 'বিদুৰভাই' পৰিয়ালে সোমবাৰে সংবাদ মাধ্যমৰ জৰিয়তে এক বিনম্ৰ অনুৰোধ জনাইছে। 



এই সম্পৰ্কে ছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে কয়- সদ্যমুক্তিপ্রাপ্ত অসমীয়া ছবি 'বিদুৰভাই'ৰ যিকোনো ক্লিপ যদি কোনোবাই সামাজিক মাধ্যমত আপলোড কৰিছে, তেন্তে সেই ক্লিপবোৰ আঁতৰাই দিয়ক৷ অনুমতি অবিহনে ক্লিপ আপলোড কৰা মানেই ক'পিৰাইট এক্ট উলংঘা কৰা হয়। এই কাৰ্যই ছবি নির্মাতাসকলৰ কষ্টক ভেঙুচালি কৰাটোহে বুজায়। এয়া এক অপৰাধ। ছবিগৃহত আপোনালোকে ছবিখন উপভোগ কৰক, আনন্দ লওক। ক'পিৰাইট এক্টৰ অধীনত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ প্ৰশাসন সাজু। বিনা অনুমতিত ক্লিপ আপলোড কৰা সকলৰ বিৰুদ্ধে ইতিমধ্যেই আইনী ব্যৱস্থা গ্রহণ কৰা হৈছে। সৃষ্টিশীল কৰ্মৰাজিৰ প্ৰতি যেন সন্মান প্রদর্শন কৰে আৰু আপোনাৰ মতামত আপুনি উপভোগ কৰি পোৱা অভিজ্ঞতাৰে দিয়ক। আমি আন্তৰিকতাৰে আদৰি ল'ম। আপোনাৰ সহযোগিতাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। কেৱল পাইৰেচি বন্ধ কৰক।"

উল্লেখ‍্য, পহিলা জুলাইত মুক্তি লাভ কৰা ছবিখনৰ ট্ৰেইলাৰটোৱে চলচ্চিত্ৰপ্ৰেমীসকলৰ মাজত বহুল জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু তেতিয়াৰ পৰাই চলচ্চিত্ৰখনে ৰাজ্যখনৰ চিনেমা হ'লৰ স্বত্ত্বাধিকাৰীসকলৰ মাজত ব্যাপক চাহিদা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে কয়, "বিদুৰভাইক বৃহৎ পৰ্দালৈ আনি আমি যথেষ্ট সুখী হৈছোঁ। কেইবছৰমান আগতে আমি সৃষ্টি কৰা বিদুৰভাইৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সমৰ্থন দেখি আচৰিত হৈছিলোঁ। মই এই চিনেমাখন মোৰ ৰাজ্যৰ লোকসকললৈ উৎসৰ্গা কৰিছোঁ৷ কিয়নো কেৱল মাথোঁ ৰাইজৰ বাবেই বিদুৰভাই আজি বৃহৎ পৰ্দালৈ আহিবলৈ সক্ষম হৈছে৷ ইউটিউবৰ পৰা বৃহৎ পৰ্দালৈ এই যাত্ৰাৰ অনুভৱ মোৰ আৰু বিদুৰভাইৰ গোটেই দলটোৰ বাবে এটি সপোনৰ সাৰ্থকতাতকৈয়ো অধিক।" 

ৰুটষ্টক এণ্টাৰটেইনমেণ্টৰ বেনাৰত অৰ্ণৱ হাজৰিকাই এই হাস্যমধুৰ ছবিখন প্ৰযোজনা কৰিছে। চুমকি কচাৰী, পংকজ মহন্ত, অসীম শৰ্মা, নিতু খনিকৰ, বলিন বৰা, ত্ৰৈলোক্য বৰুৱা, উজ্জ্বল ৰাজখোৱা, ৰাজীৱ দেউৰী, হীৰকজ্যোতি বৰদলৈ, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, আচিফ জাভেদ, দীপমণি খাটনিয়াৰ, ধ্ৰুৱ কটকী, তনভীৰ জেভিৰ শৰ্মা আদি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে চলচ্চিত্ৰখনত অভিনয় কৰিছে। সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ কাহিনীৰে প্ৰাণ পাই উঠা চলচ্চিত্ৰখনৰ চিত্ৰনাট্যকাৰ হৈছে সুব্ৰত কাকতি৷ আনহাতে, সহকাৰী পৰিচালক হৈছে হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া, সংগীত পৰিচালক হৈছে প্ৰণয় দত্ত, চিত্ৰগ্ৰহণকাৰী হৈছে বিতুল দাস, সহকাৰী চিনেমেট’গ্ৰাফাৰ হৈছে উত্তম কলিতা, ৰূপসজ্জা বিজেইতা পাটগিৰিৰ আৰু সাজসজ্জা জুৰি কলিতাৰ। বিগত বৰ্ষৰ ব্লকবাষ্টাৰ শ্ৰী ৰঘুপতিৰ পিছত সুব্ৰত কাকতিৰ দ্বিতীয়খন ছবি বিদুৰভাই-এ অসমৰ দৰ্শকসকলক আন এখন উচ্চমানৰ চলচ্চিত্ৰ উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে চলচ্চিত্ৰখন দেশৰ আন চহৰসমূহতো মুক্তি পাব বুলি আশা কৰা হৈছে।