Logo
image

বান কমিছে, ঘৰমুৱা কাজিৰঙাৰ বন্যপ্ৰাণী

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ২৩ জুলাইঃ ব্ৰহ্মপুত্ৰ আৰু ধনশিৰিৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন কৰাৰ পিছত এতিয়া ক্ৰমান্বয়ে পানী শুকাইছে আৰু বন্যপ্ৰাণী উদ্যানখনলৈ উভতিছে৷ অৱশ্যে বৰ্তমান তিনিটা বন শিবিৰৰ তলেদি পানী বৈ আছে৷  এইবাৰৰ বানত এতিয়ালৈকে ১৩টা গঁড়কে লৈ মুঠ ২১৫টা বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰিছে৷ ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ৮০ শতাংশ অৰণ্য পানীত ডুব যোৱাত গঁড়, হাতী, পহু, বাঘ, ম’হ আদি বন্যপ্ৰাণীবোৰে খাদ্য আৰু নিৰাপদ ঠাই বিচাৰি যেনি তেনিয়ে ঢাপলি মেলিছিল৷ অধিক সংখ্যক বন্যপ্ৰাণী খাদ্য আৰু আশ্ৰয় বিচাৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনিলৈ গৈছিল৷ বৰ্তমান পানী শুকাই অহাত আশ্ৰয় বিচাৰি যোৱা গঁড়, হাতী, পহু আদি বন্যপ্ৰাণীবোৰৰ পুনৰ ওভতনি যাত্ৰা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে৷ বন বিষয়া ড০ বিভূতি ৰঞ্জন গগৈয়ে জানিবলৈ দিয়া মতে বন্যপ্ৰাণী প্ৰকৃতিকভাৱে মানুহতকৈ অধিক স্পৰ্শকাতৰ৷ 



কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী অৰ্থাৎ প্ৰাকৃতিক দুৰ্যোগ অহাৰ আভাস পূৰ্বে জানিব পাৰি বন্যপ্ৰাণীয়ে নিজে নিজৰ নিৰাপদ ঠাইৰ সন্ধান উলিয়াই লয় আৰু ঠিক তেনেকৈ পানী শুকাই অহাৰ কথাও জানিব পাৰে৷ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনত বানপানী শুকাই অহাত বানৰ সময়ত আশ্ৰয় লবলৈ যেনি তেনি যোৱা বন্যপ্ৰাণীবোৰ পুনৰ উদ্যানখনলৈ উভতি যোৱা আৰম্ভ কৰিছে৷ বন বিষয়াজনে আৰু জানিবলৈ দিয়া মতে বন্যপ্ৰাণীয়ে উদ্যানৰ পৰা ওলাই গৈ আন ঠাইত আশ্ৰয় লওঁতে ব্যৱহাৰ কৰা পথ অৰ্থাৎ বন্যপ্ৰাণীয়ে সঘনাই অহা যোৱা কৰা কাজিৰঙাৰ প্ৰধান এনিমেল কৰিডৰ পানবাৰী, কাঞ্চনজুৰি, বুঢ়াপাহাৰ আদি কৰিডৰেদি প্ৰতিদিন গঁড়, হাতী, পহুকে ধৰি বন্যপ্ৰাণীবোৰ পুনত্বৰ কাজিৰঙালৈ উভতিছে৷ 

ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনত হালধিবাৰী খণ্ড বন কাৰ্যালয় এলেকা বৰ্তমান পানী থকাৰ বাবে বন্যপ্ৰাণীবোৰ উভতি যোৱাত সমস্যাৰ সৃষ্টি হৈছে৷ বানৰ সময়ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনি তথা হাতীখুলি চাহ বাগিচাত আশ্ৰয় লৈ থকা কেইবাটাও গঁড়, পহু, গাহৰি আদি বন্যপ্ৰাণী এতিয়াও ৰাষ্ট্ৰীয় উদ্যানলৈ ওভতা নাই৷ গতিকে হালধিবাৰী এনিমেল কৰিডৰ বৰ্তমান অতি স্পৰ্শকাতৰ হৈ আছে৷ কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনি তথা হাতীখুলি চাহ বাগিচাত আশ্ৰয় লৈ থকা বন্যপ্ৰাণীবোৰৰ নিৰাপত্তাৰ বাবে কাজিৰঙা আৰু কাৰ্বি আংলঙৰ বনকৰ্মীয়ে দিনে-নিশাই কটকটীয়া পহৰা দি থাকিবলগীয়া হৈছে৷ উল্লেখ্য পূৰ্বে এনেদৰে বানৰ সময়ত উক্ত এলেকাত আশ্ৰয় লৈ থাকোঁতে বানৰ সুযোগ লৈ গঁড়কে ধৰি চোৰাং চিকাৰীয়ে নিধন কৰাৰ নজিৰ আছে৷ 

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী হোৱাৰ সময়ত প্ৰশাসনে বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল কৰাত নীতি নিৰ্দেশনা জাৰি কৰিছিল যদিও পানী কমি অহাত নিয়মৰ কিছু শিথিলতা কৰাৰ ফলত চালকে আইন অমান্য কৰা পৰিলক্ষিত হৈছে৷ বোকাখাতৰ পৰা জখলাবন্ধালৈকে বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যোৱা ৰাষ্ট্ৰীয় পথত যান বাহনৰ গতি নিয়ন্ত্ৰণ কৰি চলাবলৈ প্ৰকৃতিপ্ৰেমীয়ে চালকসকলক অনুৰোধ জনাইছে৷ গুৰুত্বপূৰ্ণ কথা যে পূৰ্বৰ তুলনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যোৱা ৰাষ্ট্ৰীয় পথত যান বাহন চলাচলৰ সংখ্যা অত্যধিক হৈছে৷ প্ৰশাসনে জাননী জাৰি কৰি মাত্ৰ কিছুদিনৰ বাবেহে যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰিব পাৰে৷ কিন্তু ইয়াৰ স্থায়ী সমাধান কৰিব নোৱাৰে৷ গতিকে চৰকাৰে বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি বিকল্প পথ নাইবা উৰণীয়া সেতু নিৰ্মাণ কৰি স্থায়ীভাৱে এই সমস্যা সমাধান কৰিবলৈ প্ৰকৃতিপ্ৰেমীয়ে আহ্বান জনাইছে৷