Logo
image

মেখেলা-চাদৰ, মোবাইল ফোন, ঘড়ী ‘উপহাৰ’ দিও পালে চাকৰি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ জুলাইঃ কুখ্যাত ৰাকেশ পালৰ আমোলত অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত প্ৰতিটো নিযুক্তি পৰীক্ষাতেই যে ব্যাপক অনিয়ম সংঘটিত হৈছিল, সেয়া পুনৰ বাৰ স্পষ্ট ৰূপত প্ৰমাণ কৰিলে এপিএছচিৰ কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰি গোচৰৰ বিশেষ ন্যায়াধীশৰ আদালতৰ সোমবাৰৰ ৰায়দানে৷ কাৰ্যতঃ সম্পূৰ্ণ ৰাজনৈতিক পৃষ্ঠপোষকতাতে ৰাকেশ পাল বাহিনীয়ে লোকসেৱা আয়োগত মাছৰ বজাৰ মেলি ধনৰ বিনিময়ত হাজাৰ হাজাৰ মেধাৱী নিবনুৱাৰ ভৱিষ্যত ধবংসৰ মুখলৈ ঠেলি দি অযোগ্যক চৰকাৰী চাকৰিত সংস্থাপন কৰিছিল৷ 

ৰাকেশ পালৰ আমোলত এপিএছচিৰ সদস্যই মেখেলা চাদৰ, হাতঘড়ী আৰু মোবাইল ফোন উপহাৰ লৈয়ো নম্বৰ বৃদ্ধি কৰি একাংশ প্ৰাৰ্থীক ৰাজপত্ৰিত বিষয়াৰ পদত বাছনি  কৰিছিল৷ মেখেলা চাদৰ, হাতঘড়ী, মোবাইল ফোনৰ দৰে সামগ্ৰী উপহাৰ লৈ টেবুলেশ্বন শ্বীটত ৰাকেশ পাল এণ্ড কোম্পানীৰ হেঁচাত বিশেষ বিশেষ প্ৰাৰ্থীক নম্বৰ বৃদ্ধি কৰাৰ কথা খোদ আদালতত স্বীকাৰ কৰিছে আয়োগৰ সদস্যই৷ এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত ৰাকেশ পালসহ ৩২ জন বিষয়াক দোষী সাব্যস্ত কৰি বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াই সোমবাৰে প্ৰদান কৰা ৰায়দানত৷ গুৱাহাটীৰ ভঙাগড় থানাত ২০১৭ চনত তেজপুৰৰ বেদান্ত বিকাশ দাস নামৰ এজন বঞ্চিত প্ৰাৰ্থীয়ে ৰুজু কৰা কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ কেলেংকাৰিৰ গোচৰটোৰ বিশেষ আদালতৰ ৰায়দানৰ পৃষ্ঠাই পৃষ্ঠাই ৰাকেশ পাল এণ্ড কোম্পানীয়ে কি পৰ্যায়ত অনিয়ম সংঘটিত কৰি মেধাৱী প্ৰাৰ্থীক বঞ্চিত কৰিছিল তাৰ শিহৰণকাৰী বৰ্ণনা প্ৰকাশ পাইছে৷ 



বিশেষ আদালতে ৩৬ জন অভিযুক্ত কৃষি বিষয়াৰ ভিতৰত কেৱল ২৯ জনক দোষী সাব্যস্ত কৰে যদিও দোষমুক্ত হোৱা বাকী ১১ জন বিষয়া বক্ৰপথেৰে চাকৰি পোৱাৰ সন্দেহ নুই কৰা নাই আদালতে৷ যাৰ বাবে বিশেষ আদালতে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো প্ৰহসনমূলক বুলি উপহাস কৰি ৰায়দানত চৰকাৰলৈ বল ঠেলি পৰামৰ্শ দিবলৈ বাধ্য হৈ কয় যে– ‘ৰাকেশ পালৰ নেতৃত্বাধীন কৃষি উন্নয়ন বিষয়াৰ পদৰ বিজ্ঞাপনৰ চৰ্ত অনুসৰি অতিৰিক্ত শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ভিত্তিক প্ৰাৰ্থীক নম্বৰ প্ৰদানৰ ক্ষেত্ৰত অসম কৃষি সেৱা বিধি-১৯৮০ সম্পূৰ্ণৰূপে উলংঘন হৈছে৷ অতিৰিক্ত শৈক্ষিক অৰ্হতা আৰু অভিজ্ঞতাৰ ভিত্তিত দিবলগীয়া নম্বৰ আইনীগতভাৱে দিয়াৰ পৰিৱৰ্তে নিজৰ খেয়াল-খুচি মতে দিছিল৷ আয়োগে এপিএছচিৰ বিধি-২০১০ উলংঘন কৰি প্ৰধান পৰীক্ষা নিয়ন্ত্ৰকক যোগ্য প্ৰাৰ্থী বাছনিত নিজৰ কৰ্তব্য পালন কৰিবলৈ দিয়া নাছিল৷ তেওঁলোকে বিশেষ প্ৰাৰ্থীক বাছনি কৰাৰ ক্ষেত্ৰত যি বিচাৰিছিল তাকে কৰিছিল৷ একাংশ যোগ্য প্ৰাৰ্থীয়ে সাক্ষাৎকাৰত কাট অৱ মাৰ্কতকৈ অধিক নম্বৰ লাভ কৰিছিল, কিন্তু মেৰীট লিষ্টত সেইসকল প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰ হ্ৰাস কৰি বাছনিৰ পৰা বঞ্চিত কৰিছিল৷ সমগ্ৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়াটোৱেই আছিল প্ৰহসন, নিৰ্লজ্জ বহুৱালি৷ এই সন্দৰ্ভত সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰেই উপযুক্ত মঞ্চ৷ ইয়াৰ বাবে প্ৰতিকাৰমূলক পদক্ষেপ গ্ৰহণ কৰি চৰকাৰে ৰাইজৰ আস্থা ঘূৰাই আনক৷’ 

লক্ষণীয়ভাৱে বিশেষ ন্যায়াধীশৰ আদালতে কৃষি বিষয়াৰ নিযুক্তিৰ সাক্ষাৎকাৰত অধ্যক্ষ ৰাকেশ পাল, সদস্য বসন্ত দলে, সদস্য ছামেদুৰ ৰহমান আৰু ৰাজসাক্ষী বিনিতা ৰিন্‌জাই প্ৰাৰ্থীসকলৰ যোগ্যতা নিৰূপণৰ বাবে জ্ঞান আৰু ব্যক্তিত্বৰ কোনো প্ৰশ্ন কৰা নাছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ নিৰ্দিষ্ট প্ৰাৰ্থীক বাছনিৰ বাবে ৰাকেশ পাল আৰু ছামেদুৰ ৰহমানৰ নিৰ্দেশত সদস্য বসন্ত কুমাৰ দলেয়ে মেৰীট লিষ্টৰ খচৰা প্ৰস্তুত কৰিছিল৷ ৰাজসাক্ষী বিনিতা ৰিন্‌জাক নিৰ্দিষ্ট প্ৰাৰ্থীৰ বিপৰীতে সাক্ষাৎকাৰত নম্বৰ বৃদ্ধিৰ বাবে পাল বাহিনীয়ে হেঁচা প্ৰয়োগ কৰাতে ক্ষান্ত নাথাকি ভাবুকিও প্ৰদান কৰিছিল৷ আনকি ইয়াৰ বাবে নগদ ধন প্ৰদানৰো প্ৰলোভন দিছিল৷ সতীৰ্থ সদস্যই এগৰাকী সদস্যক ভাবুকি দিয়া কাৰ্যক আ(ৰ্য প্ৰকাশ কৰিছে আদালতে৷ কিন্তু ৰাজসাক্ষী বিনিতা ৰিন্‌জাই নগদ ধনৰ উপহাৰৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল যদিও ইয়াৰ বিপৰীতে মেখেলা চাদৰ, হাতঘড়ী, মোবাইল ফোন উপহাৰ লোৱাৰ কথা আদালতত স্বীকাৰ কৰিছিল৷ আনহাতে অভিযোগকাৰী বেদান্ত বিকাশ দাসে এজাহাৰত চাকৰিৰ বাবদ এপিএছচিৰ কৰ্মচাৰী মুছাৰফ হুছেইনে ধন দাবী কৰা বুলি অভিযোগ কৰিছিল৷ মুকুল ডেকা নামৰ এজন ব্যক্তিয়ে বেদান্তক মুছাৰফৰ সৈতে চিনাকী কৰাই দিয়া বুলি কোৱাৰ লগতে মুছাৰফৰ ফোন নম্বৰ সংগ্ৰহ কৰাৰ কথাও প্ৰকাশ কৰিছিল৷ কিন্তু চৰকাৰী পক্ষই ৰাকেশ পালৰ হৈ মুছাৰফ হুছেইনে মধ্যভোগীৰ ভূমিকা গ্ৰহণৰ ক্ষেত্ৰত পৰ্যাপ্ত তথ্য-প্ৰমাণ দাখিল কৰিব নোৱৰাত আদালতে দোষমুক্ত ঘোষণা কৰে অভিযুক্ত কৰ্মচাৰীজনক৷ 

তদুপৰি দালাল কৌশিক কলিতা, কুনাল দাস আৰু বিকাশ পিঞ্চাৰ বিৰুদ্ধেও তদন্তকাৰী বিষয়াই দোষী সাব্যস্ত হোৱাকৈ তথ্য-প্ৰমাণ সংগ্ৰহ কৰিব নোৱৰাৰ বাবেই তিনিওজনকে দোষমুক্ত ঘোষণা কৰে৷ আদালতে লগতে পৰ্যাপ্ত তথ্য-প্ৰমাণৰ অভাৱত কৃষি উন্নয়ন বিষয়া ক্ৰমে– জ্যোতিবন দত্ত, ফিৰোজ মৰাণ, বিউটী গগৈ, বৈচিত্ৰ হাকামৌচা, সঞ্জলী জহৰী, মৌচুমী শইকীয়া আৰু ধৃতিৰঞ্জন ৰয়ক দোষমুক্ত ঘোষণা কৰিও আটাইকেইজন অভিযুক্ত নিষ্কলুষ নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ এই সন্দৰ্ভত ন্যায়ালয়ে আক্ষেপ কৰি কয়–‘দোষমুক্ত ঘোষণা হ’লেও সংশ্লিষ্ট বিষয়া কেইজনৰ বাছনি স্বচ্ছ নহয়৷ কেৱল তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰাকৈ তথ্য-প্ৰমাণহে পৰ্যাপ্ত নহয়৷ তেওঁলোকে লাভ কৰা সুবিধা সন্দেহৰ ঊধবৰ্ত নহয়৷ তেওঁলোকৰ ক্ষেত্ৰতো নম্বৰৰ হ্ৰাস-বৃদ্ধি দেখা যায়৷ আন প্ৰাৰ্থীৰ ক্ষেত্ৰতো যি দেখা গৈছে৷’ লক্ষণীয়ভাৱে আদালতে দোষী সাব্যস্ত কৰা কৃষি বিষয়াসকলৰ বাছনিত সংঘটিত দুই নম্বৰী কাৰ্যকো গোচৰটোৰ ৰায়ত উদঙাই দেখুৱাইছে৷ সেই অনুসৰি কল্যাণ শৰ্মা নামৰ বিষয়াজনে প্ৰকৃততে সাক্ষাৎকাৰত ৭৭ নম্বৰ লাভ কৰিছিল যদিও টেবুলেশ্বন শ্বীট আৰু মেৰীট লিষ্টত সেই নম্বৰ ৮৩ লৈ বৃদ্ধি কৰিছিল৷ একেদৰে মফিদা বেগম শইকীয়াই ৭৬ নম্বৰ লাভ কৰাৰ বিপৰীতে বৃদ্ধি কৰি কৰা হৈছিল ৮১ নম্বৰলৈ৷ বৰ্ণালী মেধিয়ে সাক্ষাৎকাৰত লাভ কৰিছিল ৭১ নম্বৰ, কিন্তু তেওঁকো মেৰীট লিষ্টত নম্বৰ বৃদ্ধি কৰি ৮০ কৰা হৈছিল৷ আনহাতে ৭২ নম্বৰ লাভ কৰা অ’বিচি প্ৰাৰ্থী বিপুল কুমাৰ ডেকাৰ নম্বৰ ৮০ লৈ বৃদ্ধি কৰি অ-সংৰক্ষিত পদত বাছনি কৰিছিল৷ অথচ অ-সংৰক্ষিত পদত কাট অৱ মাৰ্ক আছিল ৮০ নম্বৰ৷ অসংৰক্ষিত পদত নম্বৰ বৃদ্ধি কৰি মুঠ ১০ জন প্ৰাৰ্থীক বাছনি কৰিছিল৷ একেদৰে ৬৮ নম্বৰ লাভ কৰা পাৰ্বত্য জনজাতিৰ প্ৰাৰ্থী সংঘমিত্ৰা শ্যামৰ নম্বৰ ৭৮ লৈ বৃদ্ধি কৰিছিল৷ পাৰ্বত্য জনজাতিৰ কাট অৱ মাৰ্ক আছিল ৭৪৷ একেদৰে ৭৬ নম্বৰ লাভ কৰা প্ৰণৱ ভৰালীক অনুসূচিত জাতিৰ সংৰক্ষিত পদত বাছনি কৰিছিল৷ যাৰ বাবে প্ৰাৰ্থীজনৰ ৰ নম্বৰ বৃদ্ধি কৰি দিয়া হৈছিল৷ এই ২৯ জন প্ৰাৰ্থীক নম্বৰ বৃদ্ধি কৰি বাছনি কৰাৰ বিপৰীতে একাংশ প্ৰাৰ্থীৰ নম্বৰ হ্ৰাস কৰি নিযুক্তিৰ পৰা বঞ্চিত কৰিছিল ৰাকেশ পাল এণ্ড কোম্পানীয়ে৷ আদালতে উনুকিয়াই দিয়া মতে অসংৰক্ষিত পদৰ কাট অৱ মাৰ্ক আছিল ৮০ নম্বৰ৷ সেই অনুসৰি জয় দত্ত নামৰ প্ৰাৰ্থীজনে সাক্ষাৎকাৰত টেবুলেশ্বন শ্বীটত ৮২ নম্বৰ লাভ কৰিছিল যদিও মেৰীট লিষ্টত তেওঁৰ প্ৰাপ্ত নম্বৰ ৭৯ লৈ হ্ৰাস কৰিছিল৷ একেদৰে পংকজ কুমাৰ শৰ্মা নামৰ প্ৰাৰ্থীজনে টেবুলেশ্বন শ্বীটত সাক্ষাৎকাৰত ৮০ নম্বৰ লাভ কৰাৰ বিপৰীতে মেৰীট লিষ্টত উক্ত নম্বৰো ৭৯ লৈ হ্ৰাস কৰিছিল৷ যাৰ বাবে দুয়োজন প্ৰাৰ্থীয়ে বাছনিৰ পৰা বঞ্চিত হৈছে৷

অসংৰক্ষিত পদত বাছনিৰ বাবে প্ৰয়োজনীয় নম্বৰ লাভ কৰাৰ পাছতো ৰাকেশ পাল বাহিনীয়ে একাংশ অনুত্তীৰ্ণ প্ৰাৰ্থীক বাছনি কৰাৰ স্বাৰ্থত অমৃতৰাজ লহকৰ, মুন্নাৰাণী শইকীয়াৰ দৰে যোগ্য প্ৰাৰ্থীকো বাছনি কৰা নাছিল৷ লক্ষণীয়ভাৱে আদালতে দোষী সাব্যস্ত কৰা কেশৱানন্দ বৰা নামৰ প্ৰাৰ্থীজনৰ জালিয়াতিৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে৷ দিব্যাংগ লোকৰ সংৰক্ষিত পদত বাছনি লাভ কৰা কেশৱানন্দ বৰাক মুঠ নম্বৰ লাভ কৰা দেখুওৱা হৈছিল ৭৯৷ ফৰেনছিক পৰীক্ষাত পোহৰলৈ অহা মতে প্ৰাৰ্থীজনে প্ৰকৃততে লাভ কৰিছিল ৭৫ নম্বৰহে৷ দিব্যাংগৰ বাবে সংৰক্ষিত মুঠ ৩ টা পদ আছিল যদিও দুটা পদতহে নিযুক্তি দিয়া হৈছিল৷ ইয়াৰে এটা পদত কেশৱানন্দ বৰা আৰু আনটো পদত নেকিবুৰ জামান নামৰ প্ৰাৰ্থীজনক বাছনি কৰিছিল৷ বাছনিকৃত নেকিবুৰ জামানে লাভ কৰিছিল ৬৮ নম্বৰ৷ কিন্তু কেশবানন্দ বৰাৰ প্ৰাপ্ত নম্বৰ ৭৫ আছিল যদিও পাল বাহিনীৰে ‘হোৱাইটনাৰ’ ব্যৱহাৰ কৰি বৃদ্ধি কৰিছিল ৭৯ নম্বৰলৈ৷ অথচ দিব্যাংগ সংৰক্ষিত পদত বাছনিৰ বাবে কেশৱানন্দ বৰাৰ নম্বৰ বৃদ্ধিৰ কোনো প্ৰয়োজনেই নাছিল৷ ৰাজসাক্ষী বিনিতা ৰিন্‌জাই আদালত সাক্ষ্য প্ৰদানত ৰাকেশ পাল বাহিনীৰ হেঁচাত কেশৱানন্দ বৰাৰ লগতে প্ৰীতি দাস, কবিন কিল্লিংপি, সত্য নাথ ডেকাৰ নম্বৰ বৃদ্ধিৰ কৰাৰ কথা স্বীকাৰ কৰিছিল৷