Logo
image

অসমৰ বানাক্ৰান্তক উপেক্ষা মোদীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুলাইঃ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটত অসমক সম্পূৰ্ণৰূপে উপেক্ষা কৰাত ক্ষোভিত হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ৷ বিশেষকৈ বিহাৰক বান সাহায্যৰ নামত ১১,৫০০ কোটি টকা দিয়াৰ বিপৰীতে অসমক কেৱল আশ্বাস দিয়া কাৰ্যক লৈ আক্ৰমণাত্মক হৈ পৰিছে বিৰোধী শিবিৰ৷ লোকসভাত কংগ্ৰেছ দলৰ উপ-দলপতি তথা যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়–বিত্তমন্ত্ৰীৰ এইখন বাজেট যথেষ্ট হতাশজনক৷ সমগ্ৰ বাজেটখনতে মোদী চৰকাৰৰ দুৰ্বলতা আৰু অস্থিৰতা প্ৰকাশ পাইছে৷ দুখন বিশেষ ৰাজ্য আৰু দুটা বিশেষ ৰাজনৈতিক দলকহে বাজেটত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়৷ কাৰণ চৰকাৰখনে প্ৰথমে নিজৰ চকী বচাব লাগে৷ কেৱল চকী ৰক্ষাৰ স্বাৰ্থতে বাজেট অধিৱেশন আহ্বান কৰা হ’ল৷ ইয়াত মধ্যবিত্ত, কৃষক আৰু নিবনুৱাৰ বাবে একো নাই৷ কেৱল উদ্যোগপতিক সুবিধা দিয়া নতুন নতুন কৌশল আছে বাজেটখনত৷ এই বাজেট সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷



বাজেটে উদঙালে কেন্দ্ৰৰ অসমৰ প্ৰতি মাহীআইৰ দৃষ্টিঃ ৰাইজৰ দল

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট 'এক গাদী ৰক্ষাৰ বাজেট'৷ এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক উপঢৌকন দিছে৷ বান প্ৰসংগত অসমক কেৱল আশ্বাস দি বিহাৰক ১১, ৫০০ কোটি টকাৰ বাজেট ঘোষণাৰে মোদী চৰকাৰে আকৌ এবাৰ উদঙালে কেন্দ্ৰৰ অসমৰ প্ৰতি দেখুৱাই অহা মাহী আইৰ দৃষ্টি৷ এইদৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা বাজেটক সমালোচনা কৰে ৰাইজৰ দলে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি কৱীন্দ্ৰ চেতিয়া ফুকন আৰু ভাস্কো ডি শইকীয়াই কয় যে বানত বিধবস্ত হোৱা অসমৰ বান সমস্যা মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় বাজেটত এক বিশেষ পুঁজি অসমৰ প্ৰাপ্য আছিল৷ কিন্তু ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে কেৱল আশ্বাসহে আনিবলৈ সক্ষম হ’ল৷ একেখন বাজেটতে কিন্তু বিহাৰৰ বান সমস্যা মোকাবিলা কৰিবলৈ মোদী চৰকাৰে ১১,৫০০ কোটি টকাৰ বাজেট ঘোষণা কৰিলে৷ কেন্দ্ৰত চৰকাৰ বৰ্তাই ৰাখিবলৈ মোদীক নীতিশ কুমাৰৰ সমৰ্থনৰ প্ৰয়োজন৷ তাৰ বাবেই বিহাৰৰ বাবে বিশেষ ঘোষণা আৰু অসমৰ বাবে কেৱল আশ্বাস৷ এয়া গাদী ৰক্ষাৰ বাজেট৷ বাজেটৰ জৰিয়তে সহযোগী দলৰ চৰকাৰ থকা বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশে লাভ কৰিছে বিশেষ সুবিধা৷ অন্যান্য নিয়মীয়া অনুদানৰ লগতে বান সমস্যাৰ বাবে ১১, ৫০০ কোটি টকাৰ উপৰিও বিহাৰে পাইছে গয়াত ঔদ্যোগিক পাৰ্ক, বিহাৰৰ পথ নিৰ্মাণ, পাটনা-পুনিয়া এ’প্ৰেছ ৱে’, বক্সাৰ-ভাগলপুৰ ঘাইপথৰ নিৰ্মাণকে ধৰি বিহাৰে পাইছে সৰ্বমুঠ ২৬, ০০০ কোটি টকাৰ বাজেট অনুদান৷ তদুপৰি গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা হ’ব দলং৷ পৰ্যটন ক্ষেত্ৰতো বিহাৰৰ বাবে কৰা হৈছে বহু ঘোষণা৷ একেদৰে অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীৰ বাবে ১৫,০০০ কোটি টকা, তিনিখন জিলাৰ বাবে পিছপৰা অঞ্চলৰ অনুদান, পোলাভৰম জলসিঞ্চন প্ৰকল্পৰ বাবে আৰ্থিক অনুদান এই বাজেটত ঘোষণা কৰা হৈছে৷ এয়া সহযোগী দলক উপঢৌকন দি মোদী চৰকাৰৰ গাদী ৰক্ষাৰ বাজেট নহয় কি? দুখন ৰাজ্যৰ বাবে বিশেষ ঘোষণা কৰি বাকী ৰাজ্যসমূহক বঞ্চনা কৰি বাজেটৰ ফেডাৰেল বৈশিষ্ট্য্যও মোদী চৰকাৰে ভংগ কৰিছে৷