Logo
image

অসমলৈ আলু প্ৰেৰণত মমতাৰ বাধা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ জুলাইঃ  অসমত আলুৰ দাম বৃদ্ধিৰ আশংকা অধিক প্ৰৱল হৈ পৰিছে৷ কিয়নো বংগৰ মমতা চৰকাৰে বৰ্তমানেও ৰাজ্যখনৰ পৰা আলু ভৰ্তি ট্ৰাক অসমলৈ আহিবলৈ অনুমতি দিয়া নাই৷ পশ্চিম বংগত আলুৰ দাম হ্ৰাস নোপোৱা পৰ্যন্ত কোনো কাৰণতে বংগৰ আলু বহিঃৰাজ্যলৈ ৰপ্তানি কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷



মমতা বেনাৰ্জীৰ বাধাৰ বাবে অসম সীমান্তত বংগত আবদ্ধ হৈ আছে শ শ আলু ভৰ্তি ট্ৰাক৷ পশ্চিমবংগৰ  আলুৰে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ চাহিদা পূৰণ কৰি আহিছে যদিও শেহতীয়াকৈ বংগৰ উৎসস্থলীতে আলুৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পায়৷ ধাৰাসাৰ বৰষুণৰ বাবে কৃত্ৰিম নাটনিৰ দোহাই দি ব্যৱসায়ীসকলে বংগত  আলুৰ দাম প্ৰতি কেজিত ৪০টকা পৰ্যন্ত বৃদ্ধি কৰে৷ আলু দাম বৃদ্ধিক লৈ ৰাইজ অসন্তুষ্ট হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত বিগত এসপ্তাহ ধৰি বংগৰ পৰা আলু ৰপ্তানিত নিষেধাজ্ঞা বাহাল ৰাখিছে ৷ বংগ আৰক্ষীয়ে ধুবুৰী সীমান্তত অসম অভিমুখী শ শ আলু ভৰ্তি ট্ৰাক অসমত প্ৰৱেশত বাধা আৰোপ কৰে৷ 

ইফালে আলু ভৰ্তি ট্ৰাক চালানত নিষেধাজ্ঞা আৰোপ কৰাত হাহাকাৰ লাগে বংগৰ ব্যৱসায়ীসকলৰ মাজত৷ যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে আলুৰ দাম বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এখন মন্ত্ৰীসভাৰ বৈঠকত মিলিত হয়৷ এই বৈঠকতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্পষ্ট ঘোষণা কৰি কয় যে বংগত দাম হ্ৰাস নোপোৱা পৰ্যন্ত আন কোনো ৰাজ্যলৈ আলু চালান দিয়া নহ’ব৷ প্ৰথমে নিজৰ ৰাজ্যত আলুৰ দাম কমাব লাগিব৷ এই লৈ কোনোৱে সংগঠন কৰিলেও নহ’ব, এই বিষয়টো নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী বেচাৰাম মান্নাক দায়িত্ব প্ৰদান কৰে৷ উল্লেখ্য, বহিঃৰাজ্যলৈ আলু ট্ৰাক প্ৰেৰণত চৰকাৰে বাধা দিয়া প্ৰতিবাদত ব্যৱসায়ীসকলে সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ধৰ্মঘট আৰম্ভ কৰিছে৷ বংগত ব্যৱসায়ীৰ এই ধৰ্মঘটৰ মাজত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘোষণাই স্পষ্ট কৰিছে যে শীঘ্ৰে অসমলৈ ট্ৰাক চলাচলত বংগ চৰকাৰে অনুমতি নিদিয়ে৷ যাৰ পৰিণতিত অনাগত দিনত আলুৰ নাটনিৰ বাবে অসমত আলুৰ দাম অধিক বৃদ্ধি পাব পাৰে৷