Logo
image

শিল্পীৰ সন্ধান নাইঃ পৰিয়ালকেন্দ্ৰিক অশান্তিৰ বাবেই ঘৰৰ পৰা স্ব-ইচ্ছাই ওলাই গৈছিল ৰমেন বৰুৱা, ব্ৰহ্মপুত্ৰত চলিছে অভিযান

আমাৰ অসমৰ মহানগৰীৰ প্ৰতিবেদক, ২৪ জুলাইঃ আজি তৃতীয় দিনাও সন্ধান নাই সংগীত পৰিচালক ৰমেন বৰুৱাৰ। গুৱাহাটীৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ নৈৰ পানীত আৰক্ষী, এছ ডি আৰ এফ আৰু এন ডি আৰ এফে যুটীয়া অভিযান চলাই সংগীত পৰিচালক ৰমেন বৰুৱাৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই। সন্ধানহীন শিল্পী ৰমেন বৰুৱাৰ তথ্য বিচাৰি তেওঁৰ কন্যা বর্ণিকা বৰুৱাক লতাশিল থানাত জেৰা কৰে আৰক্ষীয়ে। আনকি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰায়ো ৰমেন বৰুৱাৰ কন্যা বর্ণিকা বৰুৱাক জেৰা কৰে। 

বর্ণিকা বৰুৱাক জেৰা কৰাৰ পাছতেই মহানগৰীৰ পানবজাৰস্থিত গুৱাহাটীৰ আৰক্ষী আয়ুক্তলায়ৰ কাৰ্যালয়ত  আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এক সংবাদ মেল সম্বোধন কৰে।সংবাদ মেল সম্বোধন কৰি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে যশস্বী শিল্পী ৰমেন বৰুৱাৰ সন্ধানহীন হোৱা ঘটনাত বাহিৰা মানুহৰ হাত নাই। ব্যক্তিগত আৰু পৰিয়ালকেন্দ্ৰিক অশান্তিৰ বাবেই ৰমেন বৰুৱা ঘৰৰ পৰা স্ব-ইচ্ছাই ওলাই যোৱাটো নিশ্চিত কৰিছে আৰক্ষীয়ে ৷ ব্ৰহ্মপুত্ৰৰ পানীৰ কাষলৈকে শিল্পীগৰাকী যোৱাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে, কিন্তু লাভ কৰা নাই তাৰ পৰা ঘূৰি অহাৰ কোনো তথ্য৷



আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে সমগ্ৰ ঘটনাটোৰ প্ৰথম পৰ্যায়ৰ তদন্তৰ শেষত এটা কথাই স্পষ্ট হৈছে যে শিল্পী ৰমেন বৰুৱা ব্যক্তিগত আৰু পৰিয়ালকেন্দ্ৰিক অশান্তিত ভুগি আছিল। সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা সংগীত শিল্পীগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ভাবুক হৈ আছিল ৷ সোমবাৰে ৰমেন বৰুৱা স্ব-ইচ্ছাই ঘৰৰ পৰা ওলাই গৈছিল। 

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰি কৰা অনুসৰি সোমবাৰে পুৱাৰে পৰা ৰমেন বৰুৱা নিৰুদ্দেশ হোৱা ঘটনাৰ খবৰ পোৱাৰ পিচৰে পৰা আৰক্ষীয়ে ক্ষিপ্ৰ গতিত তদন্ত আৰম্ভ কৰে ৷ সোমবাৰে পুৱা ১০ মান বজাত ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষৰ এটা পথেদি হাতত এটা পলিথিনৰ বেগ লৈ গৈছিল শিল্পীগৰাকীয়ে। সেই দৃশ্য চি চি টিভিৰ কেমেৰাত বন্দী হৈছিল। সেই পথেৰে গৈ তেওঁ কাছাৰী বজাৰত সোমাইছিল। আকৌ বজাৰৰ পৰা ওলাই আহিছিল৷ ওলাই আহি ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালে যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। কিয়নো ব্ৰহ্মপুত্ৰৰ পাৰতে তেওঁৰ ফোনৰ শেষৰটো লোকেশ্যন পোৱা গৈছে৷ আনকি মঙলবাৰে নিশা স্নিফাৰ ডগৰ জৰিয়তে চলোৱা অভিযানত প্ৰমাণ হৈছে যে ৰমেন বৰুৱা নদীৰ ঘাটৰ পানীৰ ওচৰলৈকে গৈছিল। স্নিফাৰ ডগে নদীৰ ঘাটৰ পানীৰ ওচৰত থিয় হৈ সেই কথা প্ৰমাণ কৰিছে।

নদীৰ ঘাটৰ পৰা ঘূৰি অহা কোনো তথ্য পোৱা নাই। ব্ৰহ্মপুত্ৰৰ পাৰতো তেওঁৰ কোনো সামগ্ৰী উদ্ধাৰ হোৱা নাই ৷ শিল্পীগৰাকী ভাবুক হৈ থকাৰ ফলত ব্ৰহ্মপুত্ৰত পৰি যাব পাৰে বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে। যাৰ বাবে ব্ৰহ্মপুত্ৰ পাৰ হৈ যোৱা প্ৰতিখন জিলাতে অভিযান অব্যাহত ৰাখিছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফে৷ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই লগতে কয়, ‘‘তেওঁ ব্যক্তিগত কাৰণত অসন্তুষ্ট আছিল ৷ কোনো কাৰণত পৰিয়ালৰ কথাত তেওঁ আঘাত পাইছিল ৷ তাৰ পিচতে তেওঁ নদীৰ পানীৰ কাষলৈকে যোৱাটো ঠিৰাং হৈছে ৷ তাৰ পৰা ঘূৰি অহাৰ কোনো তথ্য আমি পোৱা নাই ৷"