Logo
image

কংগ্ৰেছৰ গেৰাণ্টী এটা গেঞ্জিৰ লগত অন্য এটা ফ্ৰী দিয়াৰ দৰেঃ হিমন্ত

‘আমাৰ অসম’ ১৯মাৰ্চঃ অনাগত বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত তিতাবৰ সমষ্টিত এখন উন্নতমানৰ অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ চৰকাৰৰ কাৰ্যকালৰ প্ৰথম ১৮ মাহৰ ভিতৰত তিতাবৰ সমষ্টিৰ সকলো বাট-পথৰ ক্ষীপ্ৰ উন্নয়ন কৰা হ’ব৷ তিতাবৰত বিষাক্ত আৰ্ছেনিকমুক্ত খোৱাপানীৰ যোগানৰ বাস্তৱসন্মত স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ –এই মন্তব্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ কালি নিশা প্ৰায় ৮ বজাত এক নিৰ্বাচনী প্ৰচাৰৰ বাবে তিতাবৰলৈ অহা মন্ত্ৰীজনে তিতাবৰৰ পতাছী দেৱী বিবাহ ভৱনত অনুষ্ঠিত দলৰ এখন কাৰ্যকৰ্তা সন্মিলনত উপস্থিত হৈ ৰাইজৰ আগত এই মন্তব্য কৰে৷ উল্লেখ্য, ১০০নং তিতাবৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ প্ৰচাৰ কাৰ্যৰ লগতে দলীয় সাংগঠনিক স্থিতি অধিক ত্বৰান্বি¤ত কৰাৰ উদ্দেশ্যে মন্ত্ৰীজন নিশা তিতাবৰলৈ আহে৷ মন্ত্ৰী শৰ্মাই আগন্তুক নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ জয় নিশ্চিত বুলি মন্তব্য কৰে আৰু এইক্ষেত্ৰত তিতাবৰত সকলোৰে সহযোগিতা কামনা কৰে৷ মন্ত্ৰী শৰ্মাই কংগ্ৰেছৰ ৫টা গেৰাণ্টী অমূলক বুলি উল্লেখ কৰে৷ কংগ্ৰেছৰ গেৰাণ্টী এটা গেঞ্জিৰ লগত অন্য এটা ফ্ৰী দিয়াৰ দৰে গেৰাণ্টীৰ কথা বুলি কংগ্ৰেছ দলক কটাক্ষ কৰে৷ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আহিবলগীয়া বিজেপিৰ চৰকাৰৰ কাৰ্যকালত অসমৰ প্ৰতিটো সমষ্টিৰ প্ৰতিটো নামঘৰৰ আন্তঃগাঁথনি  উন্নয়নৰ বাবে ২.৫০ লাখকৈ পুঁজি আবণ্টন দিয়া হ’ব বুলি জনায়৷ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ ৰেহাই কৰি দিয়া হ’ব বুলিও স্পষ্ট মন্তব্য কৰে৷ নিবনুৱা সমস্যাৰ সমাধান, কৃষি ক্ষেত্ৰৰ উন্নয়ন, তিতাবৰ ভিত্তিত বিশেষ আত্মনিৰ্ভৰশীল আঁচনি ৰূপায়ণ, অৰুনোদয় আৰু স্বয়ম আঁচনিত বাকী ৰৈ যোৱা সকলো নিবনুৱাক অন্তৰ্ভুক্ত কৰাটো হ’ব চৰকাৰৰ অন্যতম কাৰ্য৷ ইয়াৰোপৰি চাহ বাগিচাত ৰাস্তা নিৰ্মাণ সম্পূৰ্ণ কৰা, হাইস্কুল নিৰ্মাণ আৰু বিশুদ্ধ খোৱাপানীৰ নিয়মীয়া যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে৷ আনহাতে তিতাবৰত কেৱল হেমন্ত কলিতাই প্ৰাৰ্থী হৈ নিৰ্বাচনত অংশগ্ৰহণ কৰা নাই ইয়াত পূৰ্বৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ কৃষ্ণমণি চুতীয়া আৰু কুমুদ চন্দ্ৰ কছাৰীয়েও উক্ত নিৰ্বাচনত বিশেষভাৱে জড়িত হৈছে৷ গতিকে হেমন্ত কলিতাক সকলোৱে জয়ী কৰাই অনাটো এতিয়া তিতাবৰবাসীৰ মূল কৰ্তব্য বুলি উল্লেখ কৰে৷ লগতে আগন্তুক ২৩ অথবা ২৪ মাৰ্চত তিতাবৰলৈ আহি হেমন্ত কলিতা আৰু তিতাবৰবাসীৰ স্বাৰ্থত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে৷ মন্ত্ৰী শৰ্মাৰ লগত সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো অংশগ্ৰহণ কৰে৷