Logo
image

সংসদ টিভিত অসমীয়া ভাষাতো সম্প্ৰচাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ জুলাইঃ সংসদ টিভিত এতিয়াৰে পৰা শুনিবলৈ পাব অসমীয়া ভাষা৷ সংসদৰ বিশেষ বিশেষ কাৰ্যসূচীসমূহ আন আন আঞ্চলিক ভাষাৰ লগতে অসমীয়া ভাষাতো সংসদ টিভিত সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়বাৰৰ চৰকাৰৰ কেন্দ্ৰীয় বাজেট উত্থাপনৰ সময়ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটৰ পূৰ্ণপাঠ সংসদ টেলিভিশ্বনত অসমীয়া ভাষাতো সম্প্ৰচাৰ হোৱা দেখা গৈছে৷



কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট পাঠ অসমীয়া ভাষাতো অনুবাদ কৰি পাঠ কৰা হৈছিল৷ অসমীয়া ভাষাত সংসদৰ কাৰ্যসূচী সম্প্ৰচাৰৰ বাবে ইতিমধ্যে কেইবাজনো দোভাষী নিযুক্তি দিয়া হৈছে৷ উল্লেখ্য, সংসদ টিভিত অসমীয়াৰ লগতে মুঠ ১০টা ভাষাত উপলব্ধ কৰা হৈছে৷ আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ভাষাৰ ভিতৰত একমাত্ৰ অসমীয়া ভাষাই সংসদ টিভিত স্থান লাভ কৰিছে৷ এতিয়াৰে পৰা অসমবাসীয়ে সংসদ টিভিত নিজৰ ভাষাতে সংসদৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিব পাৰিব৷