Logo
image

উজনিৰ বিধবস্ত ফ’ৰলেনৰ দিহা লগাবলৈ গাডকাৰিৰ কাষত গৌৰৱ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ জুলাইঃ চৰকাৰে ৰাজ্যত এখনৰ পাছত এখনকৈ টোলগেট নিৰ্মাণ কৰি জনতাৰ পৰা টোলকৰ সংগ্ৰহ কৰিলেও ৰাষ্ট্ৰীয় ঘাইপথৰ এতিয়াও বিধবস্ত ৰূপ৷ বিশেষকৈ উজনি অসমত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা তৈথবচ হৈ পৰিছে৷ ৰাজপথত পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁৱৰ সৃষ্টি হোৱাত উজনি অসমৰ ঘাইপথেৰে যাতায়ত কাৰ্যতঃ অনুপযোগী হৈ পৰিছে৷ বিশেষকৈ যোৰহাটৰ পৰা জাঁজী হৈ ডিব্ৰুগড়লৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ফ’ৰলেন নিৰ্মাণৰ বাবে ৩বাৰকৈ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিয়ো তিনিবাৰেই বাতিল কৰাৰ সন্দৰ্ভত এইবাৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক অভিযোগ দিলে যোৰহাট সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ উজনি ফ’ৰলেন অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীজনক আহ্বান জনায় সাংসদজনে৷ 



বুধবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি থকাৰ মাজতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে গৌৰৱ গগৈয়ে৷ কেন্দ্ৰীয় মন্ত্ৰীজনৰ লগত অসমৰ পথৰ দুৰৱস্থাক লৈ দীৰ্ঘসময় আলোচনাতো মিলিত হয় সাংসদ গগৈয়ে৷ এই সাক্ষাততে সাংসদ গৌৰৱ গগৈয়ে মন্ত্ৰী নীতিন গাডকাৰীক এখন স্মাৰক-পত্ৰও প্ৰদান কৰে৷ উক্ত স্মাৰক-পত্ৰত নগাঁৱৰ পৰা জখলা বন্ধালৈ ৰাষ্ট˜ীয় ঘাইপথৰ আসোঁৱাহ পূৰ্ণ নিৰ্মাণৰ বাবে পথটোৰ নিৰ্মাণ সম্পন্ন হোৱা এবছৰৰ পাছৰে পৰা বাৰে বাৰে মেৰামতি কৰি থাকিবলগীয়া বিষয়টো দৃষ্টিগোচৰ কৰে৷ আনকি বিধানসভাৰ অধ্যক্ষই বিধায়কৰ উপস্থিতি ৰাষ্ট˜ীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াক তলৱ কৰি আলোচনা কৰাৰ পাছতো সুফল নোপোৱাৰ কথা উল্লেখ কৰিছে৷ তদুপৰি নমুলীগড়ৰ পৰা যোৰহাটলৈ নিৰীক্ষণৰ অভাৱত বিধবস্ত ৰূপ লোৱা বুলি উল্লেখ কৰাৰ লগতে যোৰহাট-জাঁজী অংশৰ আধৰুৱা লেহেমীয়া নিৰ্মাণৰ বাবে ৰাইজে দুৰ্ভোগ ভোগাৰ বিষয়টোকো অৱগত কৰে৷ সাংসদ গৌৰৱ গগৈয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবেও বিভাগীয় মন্ত্ৰীজনক দাবী জনায়৷ সাংসদ গৌৰৱ গগৈৰ অভিযোগক গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে৷