Logo
image

‘আয়ুষ্মান’ৰ আয়ুস শেষ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ জুলাইঃ দৰিদ্ৰ ৰোগীক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদানৰ প্ৰধানমন্ত্ৰীৰ অভিলাষী আয়ুষ্মান ভাৰত যোজনা এতিয়া যেন নিজেই আই চি ইউত৷ অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰত আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা কাৰ্যতঃ আকস্মিকভাৱে বন্ধ হৈ পৰিছে৷ ব্যক্তিগত হাস্পতালসমূহত আয়ুষ্মান ভাৰতৰ আঁচনিৰ চিকিৎসা সুবিধা বন্ধ হৈ পৰাত হাহাকাৰ লাগিছে ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ মাজত৷ বিশেষকৈ কৰ্কট ৰোগৰ আক্ৰান্ত  ৰোগীৰ কেম’ থেৰাপী আৰু ৰেডিয়েশ্বন চিকিৎসা সেৱা বন্ধ হৈ পৰাত ৰোগীসকল শংকিত হৈ পৰিছে৷ বুধবাৰ আৰু বৃহস্পতিবাৰৰ দুয়োটা দিনতে আয়ুষ্মান কাৰ্ডৰ ভৰসাত কেম’ ল’বলৈ ব্যক্তিগত হাস্পতাললৈ অহা কৰ্কট ৰোগীসকল ভয়ংকৰ সমস্যাৰ সন্মুখীন হয়৷ 



আয়ুষ্মান কাৰ্ডে কাম নিদিয়াত ধাৰ-ঋণ কৰি কিবাকৈ টকা জোৰামাৰি বহুতে নিৰ্দিষ্ট দিনটোত কেম’ লোৱাৰ বিপৰীতে ধনৰ অভাৱত আন বহু ৰোগী উভতি যাবলগীয়া হয়৷ ইয়াৰ মাজতে দুই-এখন হাস্পতালত কোনো অসুবিধা নোহোৱাকৈ মধুমেহ ৰোগীৰ ডায়েলেছিছ চিকিৎসা অব্যাহত থাকে৷ ৰাজ্যৰ অধিকাংশ ব্যক্তিগত খণ্ডৰ হাস্পতালত আয়ুষ্মান ভাৰতৰ চিকিৎসা সেৱাৰ সুবিধা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ বিপৰীতে দুই-এখন নাৰ্ছিং হোমত বিশেষ এটা দুটা ৰোগৰহে আয়ুষ্মান ভাৰতৰ সুবিধা উপলব্ধ হৈ আছে৷ প্ৰধানমন্ত্ৰী আয়ুষ্মান ৰোগমুক্ত ভাৰত আঁচনি অসমৰ নাৰ্ছিং হোমসমূহত বন্ধ হৈ পৰিছে যদিও এই পৰ্যন্ত স্বাস্থ্য বিভাগে বিষয়টোৰ সন্দৰ্ভত কোনো তথ্য প্ৰদানৰ পৰা বিৰত আছে৷ অৱশ্যে স্বাস্থ্য বিভাগৰ এটা সূত্ৰই প’ৰ্টেলৰ কাৰিকৰি বিজুতিৰ বাবেহে আয়ুষ্মান ভাৰতৰ সেৱা সাময়িকভাৱে বন্ধ হৈ পৰা বুলি দাবী কৰিছে৷ এই বিষয়টোক লৈ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিভাগীয় বিষয়াসকলৰ সৈতে জৰুৰী বৈঠকত মিলিত হোৱা বুলি জানিব পৰা গৈছে৷ হাস্পতালসমূহে আয়ুষ্মান কাৰ্ডৰ সেৱাৰ বাবদ পাবলগীয়া কোটি কোটি টকা চৰকাৰে আদায় নিদিয়াৰো অভিযোগ উঠিছে৷ যাৰ ফলত চৰকাৰৰ অনাদায়ী বিলৰ পৰিমাণ বৃদ্ধি পোৱাত ব্যক্তিগত হাস্পতালত আয়ুষ্মান সেৱা বন্ধ কৰি দিয়া বুলিও চৰ্চা লাভ কৰিছে৷ ব্যক্তিগত হাস্পতালসমূহে দাবী কৰা মতে বিগত ৬ মাহ ধৰি কেন্দ্ৰীয় চৰকাৰে আয়ুষ্মান ভাৰত কাৰ্যৰ বিপৰীতে নাৰ্ছিং হোমক প্ৰাপ্য বিল আদায় দিয়া নাই৷