Logo
image

২০০ মিটাৰত হিমাৰ স্বৰ্ণ পদক

ফেডাৰেশ্বন কাপ ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ


‘আমাৰ অসম’ ২০ মাৰ্চঃ পাটিয়ালাৰ  নেশ্বনেল ইনষ্টিটিউট অৱ স্পৰ্টছ [এন আই এছ]ত অনুষ্ঠিত ফেডাৰেশ্বন কাপ ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছৰ ২০০ মিটাৰ দৌৰত ‘ধিং এক্সপ্ৰেছ’  হিমা দাসে স্বৰ্ণ পদক লাভ কৰে৷ ২৩.২১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যা হিমাই এই কৃতিত্ব অৰ্জন কৰে৷ স্মৰ্তব্য, এদিন পূৰ্বে  এই ইভেন্টত তামিলনাডুৰ ধনলক্ষ্মীয়ে ২৩.২৬ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি মীট ৰেকৰ্ড গঢ়াৰ লগতে ২৩ বছৰ পূৰ্বে পি টি ঊষাই গঢ়া ৰেকৰ্ড ভংগ কৰিছিল৷ আজি হিমাই এই অভিলেখ নিজৰ দখললৈ আনে৷ আনহাতে, বৃহস্পতিবাৰে ছেমিফাইনেলৰ হিটছত হিমাক পিছ পেলোৱা ধনলক্ষ্মীয়ে ৰূপৰ পদকতে সন্তুষ্ট হ’বলগা হয়৷ ধনলক্ষ্মীয়ে ২৩.৩৯ ছেকেণ্ডত ২০০ মিটাৰ  সম্পন্ন কৰে৷ তামিলনাডুৰ অৰ্চনা সুচেন্দ্ৰনে ২৩.৬০ ছেকেণ্ড সময় লৈ ব্ৰঞ্জৰ পদক লাভ কৰে৷  অৱশ্যে, অলিম্পিকৰ বাবে এতিয়াও যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই হিমা৷ টকিঅ’ অলিম্পিকলৈ ২০০ মিটাৰ দৌৰত যোগ্যতা অৰ্জন নিৰ্ধাৰিত মান হৈছে ২২.৮০ ছেকেণ্ড৷