Logo
image

স্মাৰ্ট চিটীৰ বিড়ম্বনা

এখন-দুখনকৈ শেহতীয়াকৈ গুৱাহাটীত কেইবাখনো উৰণ সেতু নিৰ্মাণ কৰা হ’ল৷ নতুনকৈ এখনৰ নিৰ্মাণকাৰ্য চলি আছে৷ চৰকাৰৰ দাবী যে এই উৰণ সেতুবোৰে চহৰখনৰ যান-জঁটৰ সমস্যা বহুপৰিমাণে হ্ৰাস কৰিব৷ কিন্তু উৰণ সেতু নিৰ্মাণ কৰি যে চহৰ এখনৰ যান-জঁটৰ সমস্যা সমাধান কৰিব নোৱাৰি, তাৰ প্ৰমাণ দিলে সোমবাৰে গুৱাহাটীত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিয়ে৷ বিয়লি প্ৰায় ৩ বজাৰ পৰা দুঘণ্টা ধৰি হোৱা বৰষুণজাকৰ পাছত কৃত্ৰিম বান আৰু যান-জঁটে যি এক অকল্পনীয় পৰিৱেশৰ সৃষ্টি কৰিলে, সেয়া গুৱাহাটীৰ আভিজাত্যৰ প্ৰতি এক ভেঙুচালি বুলি ক’ব পাৰি৷ গুৱাহাটীক দেশৰ শীৰ্ষৰ পাঁচখন শ্ৰেষ্ঠ বাসোপযোগী চহৰ হিচাপে গঢ়ি তোলা হ’ব বুলি সঘনাই দাবী কৰে বৰ্তমানৰ চৰকাৰখনে৷ গুৱাহাটীক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰো প্ৰতিশ্ৰুতি দিয়া হৈছে৷ কিন্তু এয়াই নেকি স্মাৰ্ট চিটীৰ নমুনা? কৃত্ৰিম বান অথবা যান-জঁট গুৱাহাটীৰ বাবে নতুন সমস্যা নহয়৷ কিন্তু সোমবাৰৰ বৰষুণজাকৰ পাছত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, তেনে পৰিস্থিতি হয়তো গুৱাহাটীবাসীয়ে পূৰ্বে দেখা নাই৷ ভৱিষ্যতলৈ যে এনে পৰিস্থিতিৰ পুনৰ উদ্ভৱ নহ’ব তাৰ গেৰাণ্টী কোনেও দিব নোৱাৰে৷ বাৰিষা দুঘণ্টা কিয়, তাতোকৈ অধিক সময় ধৰি বৰষুণ হ’ব পাৰে৷ তেনে পৰিস্থিতিত চহৰখনৰ কি অৱস্থা হ’ব সেই কথা ভাবিলেই শংকিত হ’বলগীয়া হয়৷ জনপ্ৰতিনিধিসকলে নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ডাঙৰ ভাষণ দিয়ে– কৃত্ৰিম বান আৰু যান-জঁট, গুৱাহাটীৰ এই দুটা মূল সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰা হ’ব৷ কিন্তু কেতিয়া? এই সমস্যা সমাধান কৰাটো নি(য় অসম্ভৱ নহয়৷ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত এনে সমস্যাৰ সমাধান কৰিব নোৱৰাটোৱে চৰকাৰৰ সদিচ্ছাৰ অভাৱকে নুসূচায়নে? যিসকল জনপ্ৰতিনিধিয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, তেওঁলোক সোমবাৰে গুৱাহাটীত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়৷ এনে দুৰ্ভোগ ভুগিবলগীয়া হয় সৰ্বসাধাৰণ ৰাইজেহে৷ কৃত্ৰিম বানৰ সমান্তৰালকৈ অভাৱনীয় যান-জঁটৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা ৰাজপথত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল বহু লোক৷ ভাবি চাওকচোন, গণেশগুৰিৰ পৰা পল্টন বজাৰলৈ এইছোৱা পথ অতিক্ৰম কৰিবলৈ যদি চাৰি ঘণ্টা অপেক্ষা কৰিবলগীয়া হয়, তেন্তে সেই পথেৰে হাস্পতাললৈ যাবলগীয়া গুৰুতৰভাৱে অসুস্থ লোক এজনৰ কি অৱস্থা হ’ব? পুৱা জ্জ্ব-জ্ঝ বজাতে ঘৰৰ পৰা ওলাই অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰী যেতিয়া নিশা ১১ বজালৈ উভতি নাহে, তেন্তে তেওঁলোকৰ লগতে অভিভাৱকৰ কি অৱস্থা হ’ব পাৰে!

জধে-মধে নিৰ্মাণকাৰ্য চলি থকাৰ বাবে চহৰখনত মুকলি ঠাই অথবা জলাশয়বোৰ ক্ৰমাৎ নোহোৱা হ’বলৈ ধৰিছে৷ ফলত নতুন নতুন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিবলগীয়া হৈছে৷ এনেদৰেই যদি গুৱাহাটীত অপৰিকল্পিতভাৱে নিৰ্মাণকাৰ্য চলি থাকে, তেন্তে  চহৰখনৰ কৃত্ৰিম বানৰ সমস্যা কেতিয়াও সমাধান নহ’ব৷ গুৱাহাটীৰ সৌন্দৰ্য বৃদ্ধি হওক, পৰিষ্কাৰ চহৰ হিচাপে পৰিচিত হওক, এয়া সকলোৰে কাম্য৷ কিন্তু সৌন্দৰ্য বৃদ্ধিৰ লগতে চহৰখনৰ মূল সমস্যাবোৰ সমাধান কৰাটোৱে অগ্ৰাধিকাৰ পোৱা উচিত৷ কৃত্ৰিম বান, ভূমিস্খলন, যান-জঁট আদি সমস্যাৰ স্থায়ী সমাধান উলিওৱাত চৰকাৰে গুৰুত্ব নিদিলে ভৱিষ্যতত অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ এনে সমস্যাবোৰৰ সমাধান নহ’লে গুৱাহাটীক লৈ স্মাৰ্ট চিটীৰ পৰিকল্পনা অসাৰ হৈ ৰ’ব৷